সাংস্কৃতিক মন্ত্ৰালয়
লক্-ডাউনৰ সময়ছোৱাতে নেচনেল গেলেৰী অব্ মডাৰ্ণ আৰ্টে ইয়াৰ স্থায়ী সংগ্ৰহসমূহৰ ৬৬ বছৰৰ বৰ্ষপূৰ্তি উদযাপনৰ বাবে মুকলি কৰিলে ভাৰ্চুৱেল ট্যুৰ
চলিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এনজিএমএ প্ৰথমবাৰলৈ আয়োজন কৰিছে এই ভাৰ্চুৱেৰ ট্যুৰৰ সুবিধা
Posted On:
30 MAR 2020 1:09PM by PIB Guwahati
ন’ভেল ক’ৰনা ভাইৰাছ (ক’ভিড-১৯)ৰ প্ৰাদুৰ্ভাৱৰ বাবে ভাৰতে ২১ দিনীয়া লক্-ডাউন পালন কৰিছে৷ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সংগ্ৰহালয় আৰু পুথিভঁৰালসমূহ পৰৱৰ্তী নিৰ্দেশনা জাৰী নোহোৱা পৰ্যন্ত দৰ্শনাৰ্থীৰ বাবে মুকলি নোহোৱাৰ পৰিপ্ৰেক্ষিতত নেচনেল গেলেৰী অব্ মডাৰ্ণ আৰ্টৰ স্থায়ী সংগ্ৰহসমূহো দৰ্শনাৰ্থীৰ বাবে বন্ধ আছে৷
২৯.০৩.২০২০ তাৰিখে এনজিএমএৰ ৬৬ বছৰ পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত সংগ্ৰহালয়টোৱে দৰ্শনাৰ্থীসকলৰ বাবে এক ভাৰ্চুৱেল ট্যুৰৰ আয়োজন কৰে৷ এনে ধৰণৰ ট্যুৰ প্ৰথমবাৰলৈ আয়োজন কৰি এনজিএমএৰ সঞ্চালক প্ৰধান শ্ৰী অদ্বীতা গাড়ানায়কে কয় যে স্থায়ী সংগ্ৰহসমূহে ইয়াৰ ভাণ্ডাৰসমূহৰ ব্যাপ্তি প্ৰদৰ্শিত কৰিছে৷ এনজিএমএৰ ভাৰ্চুৱেল ট্যুৰত অন্বেষণ কৰিবলগীয়া বহু বস্তু আছে৷’’
সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে ভাৰ্চুৱেল ট্যুৰৰ জৰিয়তে ভাস্কৰ্য, চিত্ৰসমূহ আমাৰ সংৰক্ষিত সংগ্ৰহালয়ৰ গুপ্তধনৰ দৰে উদ্ভাসিত হৈ উঠিছে৷
ভাৰ্চুৱেল ট্যুৰৰ লিংকটো তলত উল্লেখ কৰা হ’ল৷
http://www.ngmaindia.gov.in/index.asp
*****
NB/AKJ/OA/MANN
(Release ID: 1609257)