গৃহ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি লক্-ডাউনৰ সময়ছোৱাত প্ৰব্ৰজক কৰ্মীসকলৰ সাহায্যৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰঃ শ্ৰী অমিত শ্বাহ

বহিঃ ৰাজ্যফেৰৎ প্ৰব্ৰজক কৰ্মীসকলৰ বাবে ঘাইপথত খাদ্য আৰু আশ্ৰয়ৰ সৈতে সাহায্য শিবিৰ স্থাপন কৰিবলৈ ৰাজ্য চৰকাৰক পৰামৰ্শ

ক’ভিড-১৯ৰ লক্-ডাউনৰ সময়ছোৱাত প্ৰব্ৰজক কৰ্মীসকলৰ সাহায্যৰ বাবে ৰাজ্যক ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ ধন ব্যয় কৰিবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুমোদন

Posted On: 28 MAR 2020 5:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনা অনুসৰি চৰকাৰে লক্-ডাউনৰ সময়ছোৱাত প্ৰব্ৰজক কৰ্মীসকলক সাহায্য প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে, ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত দেশৰ প্ৰস্তুতি সন্দৰ্ভত খতিয়ান গ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি এই কথা ঘোষণা কৰে৷ প্ৰব্ৰজক কৰ্মীসকলক মোদী চৰকাৰে যথাসম্ভৱধৰণে সাহায্য প্ৰদানৰ মানসিকতা কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰীয় গৃহ সচিবে ৰাজ্যসমূহলৈ লক্-ডাউনৰ সময়ছোৱাত বহিঃ ৰাজ্যফেৰৎ কৰ্মীসকলৰ বাবে তৎকালীনভাৱে সাহায্য শিবিৰ স্থাপন কৰাৰ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰে৷ এই ক্ষেত্ৰত ৰাজ্যসমূহক জন সজাগতা ব্যৱস্থা, প্ৰযুক্তি আৰু এনজিঅ’সমূহৰ স্বেচ্ছামূলক সেৱাৰ জৰিয়তে নিম্নোক্ত সন্দৰ্ভত ব্যাপক সজাগতা প্ৰদান কৰিবলৈ আহ্বান জনোৱা হয়ঃ

১) সাহায্য শিবিৰৰ অৱস্থান আৰু উপলব্ধ সুবিধাসমূহ,

২) প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনৰ সাহায্য পেকেজ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ৷

প্ৰব্ৰজ কৰ্মীসকলক ঘাইপথৰ দাঁতিত তম্বু আদি স্থাপন কৰি তেওঁলোকক লক্-ডাউনৰ শেষলৈ তাতে থাকিবলৈ নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনোৱা হৈছে৷ এই আশ্ৰয়স্থলসমূহত সামাজিক দূৰত্ব, পৰ্যাপ্ত চিকিৎসা সেৱা আৰু আচুতীয়াকৈ ৰাখিবলৈ অথবা চিকিৎসালয়ত ভৰ্তি কৰিবলৈ প্ৰয়োজন হোৱা পৰিঘটনাসমূহৰ চিনাক্তকৰণৰ দৰে সুবিধাসমূহো উপলব্ধ হ’ব৷

উল্লেখ্য, গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এই সাহায্যমূলক কাৰ্যসূচীৰ বাবে ৰাজ্যসমূহক ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ধন ব্যয় কৰিবলৈ অনুমতি প্ৰদান কৰিছে৷ ইয়াৰ জৰিয়তে এই ধৰণৰ সমস্যাসমূহ মোকাবিলা কৰাত অধিক সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷

*****

VG/SNC/VM/MANN



(Release ID: 1608881) Visitor Counter : 187