মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

বিগত এটা সপ্তাহত তিনিগুণলৈ বৃদ্ধি কৰা হৈছে নেচনেল অনলাইন এডুকেচন প্লেটফ’ৰ্ম স্বয়ম আৰু মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ ডিজিটেল পদক্ষেপসমূহৰ প্ৰসাৰ: মানৱ সম্পদ বিকাশ মন্ত্ৰী

Posted On: 28 MAR 2020 2:23PM by PIB Guwahati

লক্-ডাউনৰ সময়ছোৱাত শিক্ষাৰ্থীসকলে যাতে ঘৰতে বহি তেওঁলোকৰ শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰবাবে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে ইয়াৰ অনলাইন/ডিজিটেল শিক্ষা পদক্ষেপৰ জৰিয়তে ইয়াৰ নিশ্চিতিৰ দিশত অগ্ৰসৰ হৈছে৷ কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল নিশাংকেশিক্ষাৰ্থীসকলক এই শিক্ষণ প্লেটফৰ্মৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷ এই ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ পৰাও উন্নত সঁহাৰি লাভ কৰা হৈছে৷

বিগত এটা সপ্তাহত নেচনেল অনলাইন এডুকেচন প্লেটফৰ্ম স্বয়ম আৰু অন্যান্য ডিজিটেল পদক্ষেপসমূহৰ কাম তিনিগুণলৈ বৃদ্ধি কৰা হৈছে৷ শ্ৰী ৰমেশ পখৰিয়ালে কয় যে পূৰ্বতে স্বয়মৰ পাঠ্যক্ৰমসমূহৰ বাবে সময়সীমা নিৰ্ধাৰণ তথা আগতীয়াকৈ পঞ্জীয়ন কৰিবলগীয়া ব্যৱস্থা আছিল যদিও এতিয়া সেই সময়সীমা বাতিল কৰি বিনামূলীয়া ব্যৱহাৰৰ সুবিধা প্ৰদান কৰা হৈছে৷

২৩ মাৰ্চ ২০২০ তাৰিখৰ পৰা প্ৰায় ৫০,০০০ লোকে স্বয়মৰ সেৱা ব্যৱহাৰ কৰিছে৷ স্বয়মত ১৯০০টা পাঠ্যক্ৰম আছে আৰু ইয়াক ৬০খন দেশৰ লোকে ব্যৱহাৰ কৰি আছে৷ এইসমূহৰ ভিতৰত ভাৰতৰ পৰা অধিক সংখ্যক লোকে ব্যৱহাৰ কৰাৰ লগতে আমেৰিকা, ব্ৰিটেইন, জাৰ্মানী, নেপাল, ছিংগাপুৰ, কানাডা, ইউএই আৰু অষ্ট্ৰেলিয়াৰো ব্যৱহাৰকাৰী আছে৷

এতিয়া প্ৰতিদিনে প্ৰায় ৫০,০০০ লোকে স্বয়ম প্ৰভা ডিটিএইচ টিভি চেনেল পৰিদৰ্শন কৰি আছে আৰু প্ৰতিদিনে প্ৰায় ৪৩,০০০ লোকে ৰাষ্ট্ৰীয় ডিজিটেল পুঁথিভৰালৰ সেৱা গ্ৰহণ কৰি আছে যি সাধাৰণ সময়ৰ সংখ্যাৰ দুগুণতকৈও অধিক৷

এনচিইআৰটিৰ শিক্ষণ পৰ্টেল যেনে দিশা, -পাঠশালা, এনআৰঅইআৰ আৰু এনআইঅএছ তথা অন্যান্য আইচিটি পদক্ষেপসমূহ যেনে ৰবটিক শিক্ষা (-যন্ত্ৰ), শিক্ষাৰ বাবে মুক্ত উৎসৰ ছফটৱেৰ (এফঅএছএছইই), ভাৰ্চুৱেল পৰীক্ষণ (ভাৰ্চুৱেল লেব) আৰু শিক্ষণ কাৰ্যসূচী (স্পকেন টিউটৰিয়েল)ও বৃহৎ সংখ্যক লোকে ব্যৱহাৰ কৰিবলৈ ধৰিছে৷

কেন্দ্ৰীয় মানৱ সংসাধন মন্ত্ৰীয়ে অধিক সংখ্যক শিক্ষাৰ্থীক উক্ত সুবিধাসমূহ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে৷

*****

NB/AKJ/AK/MANN



(Release ID: 1608845) Visitor Counter : 160