তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

দুৰদৰ্শনৰ ৰাষ্ট্ৰীয় চেনেলত পুনৰ সম্প্ৰচাৰিত হ’ব বিখ্যাত ৰামায়ণ ছিৰিয়েল

Posted On: 27 MAR 2020 6:27PM by PIB Guwahati

দেশত সাম্প্ৰতিক সময়ত চলি থকা ২১ দিনীয়া লক্-ডাউনৰ পৰিপ্ৰেক্ষিতত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় তথা প্ৰচাৰ ভাৰতীয়ে ২৮ মাৰ্চ ২০২০ তাৰিখ, শনিবাৰৰ পৰা ৰামানন্দ সাগৰৰ বিখ্যাত ৰামায়ণ ছিৰিয়েলখন দুৰদৰ্শনৰ ৰাষ্ট্ৰীয় চেনেলত পুনৰ সম্প্ৰচাৰ কৰাৰ সিদ্ধান্ত লৈছে৷ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰকাশ জাভড়েকাৰে ৰামায়ণ পুনৰ সম্প্ৰচাৰিত কৰাৰ কথা ঘোষণা কৰে৷

এই সম্প্ৰচাৰ প্ৰতিদিনে দুবাৰকৈ দেখুওৱা হব৷ পুৱা ৯ বজাৰ পৰা ১০ বজালৈ আৰু পৰৱৰ্তী খণ্ডটো নিশা ৯ বজাৰ পৰা ১০ বজালৈ ৰামায়ণ সম্প্ৰচাৰিত কৰা হব৷

এই সিদ্ধান্ত জনসাধাৰণে দেখুওৱা ইচ্ছা সাপেক্ষে গ্ৰহণ কৰা হৈছে৷ এই সম্প্ৰচাৰ কাৰ্যকৰী কৰিবলৈ প্ৰচাৰ ভাৰতীত চিইঅশ্ৰী শচী শেখৰ বেম্পাতিয়ে যুদ্ধকালীন গতিত নামি পৰা তেওঁৰ দলটোক সাগৰ পৰিয়ালক দুৰদৰ্শনক কণ্টেণ্ট যোগান ধৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷

ভিড-১৯ৰ সজাগতা প্ৰদান কৰিবলৈ প্ৰচাৰ ভাৰতীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ হিন্দী আৰু ইংৰাজীৰ বিশেষ বুলেটিন পুৱা ৮ বজাৰ পৰা ৯ বজালৈ আৰু সন্ধিয়া ৮ বজাৰ পৰা ৯ বজালৈ সম্প্ৰচাৰ কৰা হৈছে৷ তাৰোপৰি ডিডি নিউজ আৰু ডিডি ইণ্ডিয়াই বিভিন্ন বিশেষ কাৰ্যসূচীও সম্প্ৰচাৰৰ ব্যৱস্থা কৰিছে৷

 

SS/MANN



(Release ID: 1608790) Visitor Counter : 99