গৃহ মন্ত্ৰালয়
ক’ভিড-১৯ৰ বাবে প্ৰব্ৰজনকাৰী কৰ্মীসকলক বিভিন্ন সুবিধা, বহিঃ ৰাজ্যফেৰৎ শিক্ষাৰ্থীসকলক সামাজিক দুৰত্বৰ সুবিধা প্ৰদান কৰিবলৈ গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ জাৰী কৰিলে পৰামৰ্শৱলী
प्रविष्टि तिथि:
27 MAR 2020 3:16PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয় সচিবে সকলো ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলৰ প্ৰশাসনলৈ প্ৰব্ৰজনকাৰী কৃষি শ্ৰমিক, ঔদ্যোগিক শ্ৰমিক আৰু আন অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে ২১ দিনীয়া ৰাষ্ট্ৰজোৰা লক্-ডাউনৰ সময়ছোৱাত খাদ্য আৰু আশ্ৰয়কে ধৰি পৰ্যাপ্ত পৰিমাণে সাহায্য আগবঢ়াবলৈ নিৰ্দেশ দিছে৷ ঠিক সেইদৰে বহিঃ ৰাজ্যফেৰৎ শিক্ষাৰ্থী, অন্য ৰাজ্যৰ কৰ্মৰত মহিলাসকলকো আশ্ৰয় প্ৰদান কৰিবলৈ ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলসমূহক নিৰ্দেশনা প্ৰদান কৰা হৈছে৷
জাৰী কৰা পৰামৰ্শৱলীত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক সাহায্য প্ৰদানৰ বাবে বিভিন্ন সংস্থা, এনজিঅ’সমূহকো জড়িত কৰোৱাৰ বাবে নিৰ্দেশনা প্ৰদান কৰা হৈছে৷
তাৰোপৰি, ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলসমূহক চৰকাৰে সমাজৰ অসুৰক্ষিত অংশৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ যেনে বিনামূলীয়া খাদ্য শস্য আৰু পিডিএছযোগে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান আদিৰ বিষয়ে সজাগতা প্ৰদান কৰাৰ লগতে বিতৰণ ব্যৱস্থা সুনিয়ন্ত্ৰিত কৰিবলৈও নিৰ্দেশনা প্ৰদান কৰা হৈছে৷
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলসমূহক হোটেল, ভাড়াতীয়া আশ্ৰয়, হোষ্টেলসমূহে নিৰৱচ্চিন্নভাৱে কাৰ্যকৰী হৈ থকাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান অব্যাহত থকাটো নিশ্চিত কৰিবলৈ দিছে যাতে শিক্ষাৰ্থী, কৰ্মৰত মহিলাসকলে সাৱধানতা অৱলম্বনৰ জৰিয়তে সুবিধাসমূহ লাভ কৰিব পাৰে৷
খাদ্য সামগ্ৰী আৰু সেৱাসমূহৰ যোগান অব্যাহত ৰখাৰ লগতে লক্-ডাউন যাতে কাৰ্যকৰীভাৱে পালন কৰা হয় তাৰবাবেও ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলসমূহক নিৰ্দেশ দিয়া হৈছে৷ এয়া ক’ভিড-১৯ক প্ৰতিহত কৰাৰ বাবে অতিশয় আৱশ্যক৷
*****
VG/SNC/VM/MANN
(रिलीज़ आईडी: 1608582)
आगंतुक पटल : 324
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam