স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিৰে ক’ভিড-১৯ বিৰোধী অভিযানৰ শেহতীয়া স্থিতি, কাৰ্য-ব্যৱস্থা-প্ৰবন্ধনৰ ভিডিঅ’ কন্ফাৰেন্সিং ব্যৱস্থাৰে পৰ্যালোচনা ডা০ হৰ্ষ বৰ্দ্ধনৰ
Posted On:
26 MAR 2020 7:59PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী ডা০ হৰ্ষ বৰ্দ্ধনে আজি দেশত অব্যাহত থকা ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধী অভিযানৰ কাৰ্য-ব্যৱস্থা তথা সাম্ভাৱ্য পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে আৰম্ভ হোৱা প্ৰস্তুতি সম্পৰ্কে বিভিন্ন ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী, ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য সচিব আৰু এই অভিযানৰে জড়িত অন্যান্য বিষয়া-বৰ্গৰে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে আলোচনাত মিলিত হয়। এই আলোচনাত মহাৰাষ্ট্ৰ, ৰাজস্থান, তেলেংগানা, গুজৰাট, ঝাৰখণ্ড, বিহাৰ, উত্তৰপ্ৰদেশ, পাঞ্জাব, তামিলনাডু, দিল্লী, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, জম্মু আৰু কাশ্মীৰ, উত্তৰাখণ্ড, ওড়িশা, হাৰিয়াণা, অৰুণাচলপ্ৰদেশ, নাগালেণ্ড, মেঘালয়, দাদ্ৰা আৰু নগৰ হাভেলি, লাডাখ, মিজোৰাম, আন্দামান আৰু নিকোবৰ, হিমাচলপ্ৰদেশ, চণ্ডিগড়, গোৱা, চত্তিশগড় আদি ৰাজ্যৰ লগতে স্বাস্থ্য মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গ, ‘এনচিডিচি’ আৰু ‘আইচিএমআৰ’ৰ বিষয়া-বৰ্গই অংশগ্ৰহণ কৰা দেখা যায়। এই আলোচনাৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কেৰালাৰ স্বাস্থ্যমন্ত্ৰী শ্ৰীমতী কে কে শৈলজাৰ সৈতে টেলিফোনেৰে ৰাজ্যখনত ক’ভিড-১৯ বিৰোধী কাৰ্যব্যৱস্থাৰ খটিয়ান লোৱাৰ লগতে আগন্তুক প্ৰস্তুতি সম্পৰ্কে বাৰ্তালাপো কৰে। উল্লেখ্য যে আজিৰ ভিডিঅ’ কনফাৰেন্সিং-ত শ্ৰীমতী শৈলজাই অংশগ্ৰহণ কৰিব পৰা নাছিল। আলোচনাত ড০ হৰ্ষ বৰ্দ্ধনে মহামাৰীবিধৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ প্ৰভাৱশালী ব্যৱস্থা হিচাপে ‘ছ’চিয়েল ডিষ্টেচিং’ অৰ্থাত ‘সামাজিক ব্যৱধান’ বৰ্তাই ৰখাৰ প্ৰসংগত বিশেষ গুৰুত্ব প্ৰদান কৰে। ভাৰতত যিকোনো পৰিস্থিতিতে সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে সম্ভৱপৰ সকলো কৌশল গ্ৰহণৰ লগতে সংক্ৰমণৰ শৃংখল বিঘ্নিত কৰাৰ বাবে সকলোকে সতৰ্ক নিৰীক্ষণ অব্যাহত ৰখাৰ লগতে সচেষ্ট হোৱাৰ আহ্বান জনায়। প্ৰসংগক্ৰমে তেওঁ, সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক ইতিমধ্যে দেশ জুৰি বলবত্ কৰা ‘লক ডাউন’ ব্যৱস্থা কঠোৰ ভাবে মানি চলাৰ লগতে জৰুৰীকালীন সেৱা আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ যোগান নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে ক’ভিড-১৯ আক্ৰান্তসকলৰ বাবে আচুতীয়া হাস্পটালৰ ব্যৱস্থা কৰাটোত বিশেষ গুৰুত্ব আৰোপ কৰে। ইফালে, ইতিমধ্যে নিশ্চিত হোৱা ক’ভিড-১৯ আক্ৰান্তসকলক নিৰ্দ্ধাৰিত বিধি-ব্যৱস্থাৰ আধাৰত চিকিত্সা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ সংস্পৰ্শলৈ অহা সকলৰ চিনাক্তকৰণ আৰু নিৰীক্ষণৰ দিহা কৰিবলৈও সংশ্লিষ্ট সকলক আহ্বান জনায়। তেওঁ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিবৰ্গক প্ৰভাৱশালী ভাবে সামূহিক নিৰীক্ষণ অব্যাহত ৰখাত গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত শেহতীয়া এমাহত ভাৰতলৈ অহা আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলৰ ওপৰত চোকা নজৰ ৰখাৰ বাবেও তেওঁ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ মাজতে তেওঁ ‘হোম কোৱাৰাণ্টাইন’ত থকাসকল প্ৰকৃততে বিধি মতে আৱদ্ধ হৈ আছে নে নাই চোৱাৰ বাবে থপিয়াই থপিয়াই পৰীক্ষা কৰাৰ এক অভিয়ান চলোৱাৰ লগতে বিধি নমনাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো পৰামৰ্শ আগবঢ়ায়। ডা০ হৰ্ষ বদ্ধনে অৱসৰপ্ৰাপ্ত চিকিত্সকসকলক ক’ভিড-১৯ আক্ৰান্তক চিকিত্সা প্ৰদানৰ বাবে আগুৱাই অনাৰ অনুৰোধ কৰাৰ লগতে তেওঁলোকক স্বেচ্চামূলক ভাবে সেৱা আগবঢ়োৱাৰ বাবে উত্সাহিত কৰাৰ ব্যৱস্থা কৰিবলৈও প্ৰতিনিধিসকলক গোঁহাৰি জনায়। তেওঁ ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ চিকিত্সাৰে জড়িত হৈ থকা চিকিত্সক, নাৰ্ছ তথা অন্যান্য স্বাস্থ্য কৰ্মীৰ বাবে চৰকাৰে আজি এক ৫০লাখ টকীয়া বীমা আঁচনি ঘোষণা কৰিছে বুলি তথ্য সদৰী কৰে। ইফালে, এম্বুলেন্স সেৱাৰ চালকসকলক বিশেষ প্ৰশিক্ষণ দিয়াৰ লগতে ‘কল চেণ্টাৰ’, ‘ইএমআৰ’ গোটৰ সদস্যসকলক এম্বুলেন্সসমূহৰ জিলা ভিত্তিক তথ্য সংগ্ৰহ কৰি ক’ভিড-১৯ৰ প’ৰ্টেলত আপলোড কৰাৰ বাবে নিৰ্দেশ দিবলৈ তেওঁ প্ৰতিনিধিবৰ্গক পৰামৰ্শ দিয়ে। চিকিত্সালয়সমূহত চিকিত্সক, নাৰ্ছ তথা অন্যান্য স্বাস্থ্য কৰ্মীসকলৰ নাটনি নোহোৱাকৈ ৰখাৰ বাবে স্বাস্থ্য কৰ্মীসকলৰ পৰিবহণ ব্যৱস্থা অব্যাহত ৰখাত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে। তেওঁ প্ৰয়োজনীয় ঔষধ-পাতিৰ যোগান ঘৰে ঘৰে দিয়াৰ ব্যৱ্স্থা কৰাৰ বাবে ফাৰ্মাচীসমূহক নিৰ্দেশ দিবলৈ ৰাজ্য চৰকাৰসমূহক আহ্বান জনোৱাৰ লগতে এই সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ তৰফৰ পৰা অধিসূচনা জাৰি কৰা হৈছে বুলিও জানিবলৈ দিয়ে। তেওঁ কোৱাৰাণ্টাইন ব্যৱস্থাত আৱদ্ধ হৈ থকাসকলৰ মানসিক স্বাস্থ্য অটুত ৰখাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা লগতে তেওঁলোকৰ বাবে এক হেল্পলাইন ব্যৱস্থা আৰম্ভ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। ইতিমধ্যে টেলিমেডিচিন সন্দৰ্ভত বিধি নিৰ্দেশনা প্ৰকাশ কৰাৰ লগতে এই সম্পৰ্কীয় এটা ‘এপ’-ও মুকলি কৰা হৈছে বুলি জানিবলৈ দি তেওঁ এই ‘এপ’ ব্যৱহাৰ কৰি ঘৰতে ৰাইজক চিকিত্সা পৰামৰ্শ আগবঢ়োৱাৰ দিহা কৰা চিকিত্সকসকলক চিনাক্ত কৰিবলৈও প্ৰতিনিধিসকলক গোঁহাৰি জনায়।
(Release ID: 1608479)
Visitor Counter : 182