মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

সামাজিক দুৰত্ব বজাই ৰখাৰ সময়ত শিক্ষাৰ্থী আৰু শিক্ষকসকলক অনলাইন শিক্ষণৰ জৰিয়তে সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনালে ইউজিচিয়ে

Posted On: 25 MAR 2020 9:11PM by PIB Guwahati

শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক উদ্দেশ্যি বিশ্ববিদ্যালয় অনুদান আয়োগে প্ৰেৰণ কৰা এক পত্ৰত উল্লেখ কৰিছে যে নিজৰ ঘৰ/হোষ্টেলত থাকি তথা সামাজিক দুৰত্ব বজাই ৰাখি আমি ক’ভিড-১৯ৰ বিৰু্দ্ধে যুঁজ দিছো আৰু এই সময়ছোৱাত অনলাইনত পঢ়া-শুনা কৰি সময়ৰ সদ্ব্যৱহাৰ কৰিব পৰা যায়৷ ডিজিটেল মঞ্চ যেনে-এমএছআৰডি, ইউজিচি আৰু ইয়াৰ ইণ্টাৰ ইউনিভাৰ্চিটী চেণ্টাৰ(আইইউচি)ইনফৰমেচন এণ্ড লাইব্ৰেৰী নেটৱৰ্ক(আইএনএফএলআইবিএনইটি) আৰু কনছৰটিয়াম ফৰ ইডুকেশ্যনেল কমিউনিকেশ্যন(চিইচি)কে ধৰি বিভিন্ন আইচিটিভিত্তিক ব্যৱস্থা আছে, যিবোৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ গৱেষক আৰু শিক্ষক তথা ছাত্ৰ-ছাত্ৰীয়ে নিজৰ জ্ঞান বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে৷ আইচিটিভিত্তিক এই সুবিধা আহৰণৰ লিংকৰ সৈতে পাঠ্যক্ৰমৰ বিষয়ে তলত উল্লেখ কৰা হৈছেঃ

১.এছডব্লিউএৱাইএএম(স্বয়ম) অলনাই কোৰ্চঃhttps://storage.googleapis.com/uniquecourses/online.html এই ব্যৱস্থাত পঢ়াৰ উন্নত শিক্ষণ সামগ্ৰী উপলব্ধ, যিবোৰ এজন ব্যক্তিয়ে কোনোধৰণৰ পঞ্জীয়ন নকৰাকৈ বিনামুলীয়াকৈ আহৰণ কৰিব পাৰে৷ যিসকল শিক্ষাৰ্থী/অধ্যয়ৰত ব্যক্তিয়ে swayam.gov.inত ২০২০ৰ জানুৱাৰীত ছেমিষ্টাৰৰ বাবে পঞ্জীয়ন কৰিছিল, তেওঁলোকে পূৰ্বৰ দৰেই অধ্যয়ন অব্যাহত ৰাখিব পাৰে৷

২. ইউডি/পিজি এমঅ’অ’চি: http://ugcmoocs.inflibnet.ac.in/ugcmoocs/moocs_courses.php স্বয়ম ইউজি আৰু পিজি (নন-টেকনলজি)পাঠ্যক্ৰমৰ শিক্ষন সামগ্ৰী উপলব্ধ৷

৩৷ ই-পিজি পাঠশালা epgp.inflibnet.ac.in এই লিংকত সমাজ বিজ্ঞান, কলা, চাৰুকলা আৰু মানৱীয়তা, প্ৰাকৃতিক আৰু গণিত বিজ্ঞানকে ধৰি মুঠ ৭০টা বিভাগৰ উচ্চ মানদণ্ডৰ, পাঠ্যক্ৰমভিত্তিক, মত-বিনিময়, ই-কনটেণ্ট (ই-টেক্ট আৰু ভিডিঅ’)ৰ ২৩,০০০টা সুচী আছে৷

. ইউজি বিষয়ৰ ই-কনটেণ্ট কোৰ্চৱেৰঃ চিইচি ৱেবছাইটৰ এই "http://cec.nic.in/ লিংক ৮৭টা প্ৰাক-স্নাতক পাঠ্যক্ৰমৰ প্ৰায় ২৪,১১০টা সুচী আছে৷

৫. স্বয়মপ্ৰভাঃ https://www.swayamprabha.gov.in/ স্বয়মপ্ৰভা হৈছে কলা, বিজ্ঞান, বাণিজ্য, কাৰু কলা, সমাজ বিজ্ঞান আৰু মানৱীয় বিষয়, অভিযান্ত্ৰিক, প্ৰযুক্তিবিদ্যা, আইন, চিকিসা, কৃষিকে ধৰি শিক্ষক-শিক্ষাৰ্থী তথা নাগৰিকে জীৱন জুৰি শিকিব পৰাকৈ বিভিন্ন বিষয়ৰে সমৃদ্ধ ৩২টা ডিটিএইচ চেনেলৰ এটা গোট৷ এই চেনেল বিনামুলীয়াকৈ প্ৰচাৰ কৰা হয় আৰু আপোনালোক কেৱলত এইবোৰ চাব পাৰে৷ স্বয়মপ্ৰভা পৰ্টেলতো এই ভিডিঅ’/বক্তৃতাসমূহ উপলব্ধ৷

৬. চিইচি-ইউজিচি ইউটিউব চেনেলঃ https://www.youtube.com/user/cecedusat এই চেনেলত সম্পূৰ্ণ বিনামুলীয়াকৈ শৈক্ষিক পাঠ্যক্ৰমভিত্তিক বক্তৃতা চাব পাৰে৷

৭. ৰাষ্ট্ৰীয় ডিজিটেল লাইব্ৰেৰীঃ https://ndl.iitkgp.ac.in/ হৈছে এক এক ডিজিটেল ভঁৰাল, য’ত ভাৰতৰ মুল ভাষাসমূহত গৱেষক, আজীৱন শিক্ষাগ্ৰহণ কৰোতা, সকলো বিভাগ, দিব্যাংগসকলৰ শিক্ষণ অনুকূল ব্যৱস্থাকে ধৰি ব্যাপক পাঠ্যক্ৰমভিত্তিক শিক্ষণ সামগ্ৰীৰ বিষয় বিভিন্ন ফৰমেটত আহৰণৰ উপযোগী কৰি তোলা হৈছে৷

৮. শোধগংগাঃ https://shodhganga.inflibnet.ac.in/ শোধগংগা হৈছে এক ডিজিটেল ভঁৰালৰ মঞ্চ, য’ত পিএইচডি ডিগ্ৰী আহৰণ কৰাসকলে জমা দিয়া প্ৰায় ২,৬০,০০০ ভাৰতীয় ইলেক্ট্ৰনিক থেছিছ আৰু ডিছাৰটেচন ডিজিটেল মাধ্যমত সংৰক্ষণ কৰা হৈছে আৰু এইবোৰ সম্পূৰ্ণ বিনামুলীয়াকৈ আহৰণ কৰিব পাৰে৷

সেইদৰে ই-শোধ সিন্ধু https://ess.inflibnet.ac.in/ আৰু বিদ্বান https://vidwan.inflibnet.ac.in/ৰ জৰিয়তেও এই লকডাইনৰ সময়ছোৱাত আগ্ৰহী শিক্ষাৰ্থীসকলে জ্ঞান আহৰণ কৰিব পাৰে৷ এই ক্ষেত্ৰত অধিক জানিবলৈ ইউজিচি, আইএনএফএলআইবিএনইট আৰু চিইচিক eresource.ugc[at]gmail[dot]com, eresource.inflibnet[at]gmail[dot]com আৰু eresource.cec[at]gmail[dot]com ই-মেইলযোগে যোগাযোগ কৰিব পাৰিব৷

*****

NB/AKJ/AK/DB



(Release ID: 1608330) Visitor Counter : 185