নতুন আৰু পুনঃনবীকৰণযোগ্য শক্তি মন্ত্ৰালয়

লক্-ডাউনৰ পৰিপ্ৰেক্ষিতত সম্প্ৰসাৰিত হ’ব আৰই প্ৰকল্পসমূহ

Posted On: 26 MAR 2020 12:04PM by PIB Guwahati

এমএনআৰই(নতুন আৰু পুনৰ নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়)ৰ সচিব শ্ৰী আনন্দ কুমাৰে এটা টুইটত লিখিছে যে লক্-ডাউনৰ পৰিপ্ৰেক্ষিতত পুনৰ নৱীকৰণযোগ্য শক্তি প্ৰকল্পসমূহৰ প্ৰণয়নৰ সময়সীমা সম্প্ৰসাৰিত কৰা হ’ব৷

উল্লেখ্য, মঙলবাৰৰ নিশাৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ক’ৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ২১ দিনীয়া ৰাষ্ট্ৰজোৰা লক্-ডাউনৰ নিৰ্দেশ দিছে৷ ক’ৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ফলত যোগান শৃংখন ব্যাহত হোৱাই নহয়, আৰই প্ৰকল্পসমূহতো কৰ্মীৰ অভাৱ ঘটিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে আৰই খণ্ডৰ ষ্টেকহ’ল্ডাৰসকলক সকাহ দিয়াৰ উদ্দেশ্যে প্ৰকল্পসমূহৰ সময়সীমা সম্প্ৰসাৰিত কৰাৰ ঘোষণা কৰা হৈছে৷

***

RCJ/M/MANN



(Release ID: 1608279) Visitor Counter : 126