মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু ইয়াৰ স্বায়ত্তশাসিত প্ৰতিষ্ঠান তথা অধীনস্ত কাৰ্যালয় ৩ সপ্তাহ ধৰি বন্ধ থাকিব

Posted On: 25 MAR 2020 12:05PM by PIB Guwahati

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ২৪.০৩.২০২০ত জাৰি কৰা এক নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ সকলো কাৰ্যালয় আৰু ইয়াৰ স্বায়ত্তশাসিত প্ৰতিষ্ঠান তথা অধীনস্ত কাৰ্যালয় ৩ সপ্তাহ ধৰি বন্ধ ৰখাৰ নিৰ্দেশ দিছে৷ অৱশ্যে এই সময়ছোৱাত সকলো বিষয়া আৰু কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব বুলি একেটা নিৰ্দেশত কোৱা হৈছে৷

ব্যুৰ’ মুৰব্বী আৰু শাখাৰ মুৰব্বীয়ে দৰমহা আৰু পেন্সনকে ধৰি বিত্তীয় সম্পৰ্কীয় বিষয়বোৰ সঠিকমতে হৈছে নে নাই সুনিশ্চিত কৰিব৷

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে লগতে নিৰ্দেশ দিয়ে যে চিবিএছই, নিঅ’ছ আৰু এনটিএই পৰীক্ষাৰ সংশোধিত সুচীৰ কাম কৰিব৷ স্বায়ত্তশাসিত বিভাগ আৰু এনচিইআৰটিয়ে বিকল্প পাঠ্যক্ৰমৰ কেলেণ্ডাৰৰ খচৰা প্ৰস্তুত কৰিব৷

*****

NB/AKJ/AK/DB


(Release ID: 1608223) Visitor Counter : 146