প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চিকিত্সক, নাৰ্ছ, পৰীক্ষাগাৰ সহায়কৰ দৰে চিকিত্সা-সেৱীৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

‘ ক’ভিড-১৯’ৰ সংক্ৰমণ নিয়ন্ত্ৰিত কৰিবলৈ উত্সৰ্গিত মনোভাৱৰে সেৱা আগবঢ়োৱাৰ বাবে চিকিত্সাসেৱীক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ


‘ৰাষ্ট্ৰইযে এই সংকট অতিক্ৰম কৰিব পাৰিব আপোনালোকে প্ৰদৰ্শন কৰা তত্পৰতাই সেই বিশ্বাস মোক দিছে’


দূৰ-সংযোগ ব্যৱস্থাৰে ৰোগৰ নিদান-চিকিত্সা পৰামৰ্শ প্ৰদানৰ প্ৰস্তাৱ পৰীক্ষা কৰি আছে চৰকাৰে : প্ৰধানমন্ত্ৰী


স্বাস্থ্য-কৰ্মী আৰু চিকিত্সকসকলৰ নিৰাপত্তাৰ প্ৰসংগক সৰ্বাধিক গুৰুত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰীৰ


Posted On: 24 MAR 2020 7:53PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ ভিন্ন প্ৰান্তৰ চিকিত্সক, নাৰ্ছ তথা স্বাস্থ্য-কৰ্মীসকলৰ সৈতে ভিড-১৯য়ে সৃষ্টি কৰা অভুতপূৰ্ব পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ প্ৰসংগত দীঘলীয়া বাৰ্তালাপত মিলিত হয়।

ভিড-১৯য়ে সৃষ্টি কৰা ভয়াবহ পৰিস্থিতি চম্ভালি লোৱাৰ ক্ষেত্ৰত চিকিত্সক, নাৰ্ছ তথা অন্যান্য স্বাস্থ্য-কৰ্মীসকলে নিঃস্বাৰ্থভাৱে আগবঢ়োৱা সেৱাক প্ৰধানমন্ত্ৰীগৰাকীয়ে উচ্চ প্ৰশংসা কৰে। এই সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে কৃতজ্ঞ ৰাষ্ট্ৰই জনতা কাৰ্ফিউৰ দিনা এইসকল ব্যক্তিৰ প্ৰতি আন্তৰিতাৰে সন্মান প্ৰদৰ্শন কৰিছে। প্ৰধানমন্ত্ৰীয়ে পুনৰবাৰ চিকিত্সাসেৱাৰে জড়িত প্ৰতিগৰাকী চিকিত্সক, নাৰ্ছ তথা স্বাস্থ্য কৰ্মীৰ সেৱাৰ মনোভাৱক ভূয়সী প্ৰশংসা কৰে। এই প্ৰসংগত তেওঁ সংশ্লিষ্টসকলৰ পৰিয়ালবৰ্গৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে দেশে সন্মুখীন হোৱা প্ৰত্যাহ্বানক অভুতপূৰ্ব আৰু ঐতিহাসিক বুলি অভিহিত কৰে। এই সংকটকালত, দেশৰ প্ৰতিগৰাকী ব্যক্তিয়ে চিকিত্সাসেৱাৰে জড়িতসকলৰ মুখলৈকে পৰম আশাৰে চাই ৰৈছে বুলি উল্লেখ কৰি প্ৰত্যাহ্বান যিমানেই ডাঙৰ নহওক কিয় এই আশা হতাশত পৰিণত হবলৈ দিব নোৱাৰি বুলি মন্তব্য কৰে।

চৰকাৰৰ তৰফৰ পৰা চিকিত্সাসেৱীসকলক সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে কোনো পৰিস্থিতিতে যাতে ৰোগবিধৰ দ্বাৰা আক্ৰান্ত হবলগীয়া নহয় সেয়া নিশ্চিত কৰাৰ বাবে সংশ্লিষ্টসকলৰ প্ৰতি এই সন্দৰ্ভত উপলব্ধ সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰো আহ্বান জনায়। সৰ্ব-সাধাৰণ ৰাইজে কি কৰিব লাগে অথবা কি কৰানো অনুচিত সেই সন্দৰ্ভত দিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে সামাজিক ব্যৱধান, স্ব-আৱদ্ধকৰণ আদিৰ দৰে সতৰ্কতামূলক ব্যৱস্থাৱলীৰ প্ৰয়োজনীয়তা তথা চিকিত্সাসেৱা উপলব্ধ কৰাৰ যাৱতীয় তথ্য আদি আগবঢ়োৱাৰ ক্ষেত্ৰত আগ-ভাগ লবলৈ স্বাস্থ্য-কৰ্মীসকলক আহ্বান জনায়।

প্ৰসংগক্ৰমে তেওঁ সংশ্লিষ্টসকলে জন সচেতনতা সৃষ্টিৰ লগতে অবৈজ্ঞানিক কৰ্ম-কাণ্ড তথা অপপ্ৰচাৰ ৰোধৰ ক্ষেত্ৰত ভূমিকা পালন কৰাতো গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে সাম্ভাব্য প্ৰত্যাহ্বান দৃঢ়তাৰে চম্ভালিব পৰাকৈ স্বাস্থ্য-কৰ্মীসকলক সষ্টম কৰি ৰখাৰ লগতে তেওঁলোকক যি কোনো পৰিস্থিতিৰ মুখামুখি হব পৰাকৈ দ্ৰুত প্ৰশিক্ষণৰ ব্যৱস্থা কৰবলৈও সকীয়াই দিয়ে।

ইফালে, সংকটৰ এই মুহূৰ্তত সন্মুখত থাকি পৰিস্থিতি মোকাবিলা কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে চিকিত্সা সেৱাৰে জড়িতসকলৰ প্ৰতিনিধিবৰ্গই। তেওঁলোকে সংকল্প আৰু সংযমৰ মন্ত্ৰ প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদো জ্ঞাপন কৰে। ইফালে ফ্লোৰেন্স নাইটিংগেলৰ ২০০সংখ্যক জন্ম জয়ন্তীত নাৰ্ছসকলে আগবঢ়াই অহা সেৱাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰাৰ বাবেও নিখিল ভাৰত নাৰ্ছ ফেডাৰেশ্যনে প্ৰধানমন্ত্ৰীৰ শলাগ লয়।

প্ৰতিনিধিবৰ্গই আক্ৰান্তসকলৰ প্ৰতি আগবঢ়াই অহা চিকিত্সা সেৱা আৰু মানসিক সহযোগিতা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ভিড-১৯ আক্ৰান্তসকলৰ বাবে কোৱাৰাণ্টাইন ব্যৱস্থাৰ গুৰুত্ব, তথা তেওঁলোকৰ বাবে আচুতীয়া হাস্পটাল, আচুতীয়া বিভাগৰ লগতে অন-লাইন প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা দোহাৰে। চিকিত্সা-কৰ্মীসকলৰ প্ৰতি সমাজিক সহমৰ্মিতা প্ৰদৰ্শনৰ প্ৰয়োজনীয়তা সময়ৰ আহ্বান বুলিয়ো প্ৰতিনিধিসকলে অভিমত ব্যক্ত কৰে।

চিকিত্সা বিশেষজ্ঞসকলে আগবঢ়োৱা বিস্তৃত পৰামৰ্শৱলীৰ বাবে প্ৰধানমন্ত্ৰীয়ে সংশ্লিষ্টসকলোকে ধন্যবাদ জ্ঞাপন কৰে। প্ৰসংগক্ৰমে তেওঁ দূৰ-সংযোগ ব্যৱস্থাৰে ৰোগৰ নিদান আৰু চিকিত্সা পৰামৰ্শ আগবঢ়োৱাত অধিক গুৰুত্ব প্ৰদানৰ প্ৰস্তাৱ চৰকাৰে বিবেচনা কৰি আছে বুলি জানিবলৈ দিয়ে। ইফালে স্বাস্থ্য-কৰ্মী আৰু চিকিত্সকসকলৰ নিৰাপত্তাৰ প্ৰসংগক সৰ্বাধিক গুৰুত্ব প্ৰদানৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে। এই সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে ৰাষ্ট্ৰইযে এই সংকট অতিক্ৰম কৰিব পাৰিব আপোনালোকে প্ৰদৰ্শন কৰা  তত্পৰতাই সেই বিশ্বাস মোক প্ৰদান কৰিছে।

অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিবগৰাকীয়েও চিকিত্সাসেৱীসকলে আগবঢ়োৱা সেৱাৰ শলাগ লয়। তেওঁ পৰিৱৰ্তিত পৰিস্থিতিত সকলোৰে সতৰ্ক আৰু সক্ৰিয় সহযোগিতা কামনা কৰে। বাৰ্তালাপৰ সময়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী, প্ৰধান সচিব, কেবিনেট সচিব আৰু আইচিএমআৰ-ৰ সঞ্চালক প্ৰধনগৰাকীও উপস্থিত থাকে।

***

VRRK/AK/KB



(Release ID: 1608196) Visitor Counter : 166