স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

মন্ত্ৰীগোটে ক’ভিড-১৯ৰ শেহতীয়া স্থিতি আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত সঠিক পদক্ষেপসমূহ পৰ্যবেক্ষণ কৰে

ড০ হৰ্ষ বৰ্ধনে ক’ভিড-১৯ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সামাজিক দূৰত্ব, স্ব-নিৰ্বাসনৰ নীতি-নিয়ম আৰু চিকিৎসক/মেডিকেল ষ্টাফক সহযোগ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে

Posted On: 25 MAR 2020 6:04PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনৰ অধ্যক্ষতাত নতুন দিল্লীৰ নিৰ্মাণ ভৱনত আজি ক’ভিড-১৯ সন্দৰ্ভত মন্ত্ৰীগোটৰ এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়৷ অ-সামৰিক বিমান পৰিবহন মন্ত্ৰী শ্ৰী হৰদ্বীপ সিং পুৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ. জয়শংকৰ, গৃহ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰাই, জাহাজ পৰিবহণ, সাৰ আৰু ৰাসায়নিক মন্ত্ৰী শ্ৰী মানসুখ মাণ্ডাভিয়া, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেৰ লগতে চীফ ডিফেন্স ষ্টাফ শ্ৰী বিপিন ৰাৱাট বৈঠকত উপস্থিত থাকে৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব প্ৰীতি ছুদান, বৈদেশিক সচিব শ্ৰী হৰ্ষ বৰ্ধন শ্ৰীংলা, স্বাস্থ্য গৱেষণা বিভাগৰ সচিব আৰু আইচিএমআৰৰ প্ৰধান সচিব ড০ বলৰাম ভাৰ্গৱ, বস্ত্ৰশিল্প মন্ত্ৰালয়ৰ সচিব শ্ৰী ৰবি কাপুৰ, স্বাস্থ্য বিভাগৰ বিশেষ সচিব শ্ৰী সঞ্জীৱ কুমাৰ, জাহাজ পৰিবহণ বিভাগৰ অতিৰিক্ত সচিব শ্ৰী সঞ্জয় বন্দোপাধ্যায়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী ডাম্মু ৰবি, গৃহ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী অনিল মালিক, স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ সঞ্চালক প্ৰধান ৰাজীৱ গাৰ্গ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী লাভ আগৰৱালৰ লগতে স্থলসেনা, আইটিবিপি, ফাৰ্মা, ডিজিচিএ আৰু টেক্সটাইল বিভাগৰ আন বিষয়ববীয়া সকলো বৈঠকত উপস্থিত আছিল৷

বৈঠকত মন্ত্ৰীগোটে ক’ভিড-১৯ৰ প্ৰতিৰোধমূলক ব্যৱস্থা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে৷ মন্ত্ৰীগোটে লগতে এই পৰ্যন্ত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ, বৰ্তমানৰ স্থিতি আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ প্ৰয়োজনীয়তাৰ বিষয়েও আলোচনাত মিলিত হয়৷ ৰাজ্যসমূহৰ সামৰ্থ বৃদ্ধি কৰা, ক’ভিড-১৯ৰ বাবে পৃথক চিকিৎসালয়ৰ ব্যৱস্থা, পিপিই-ভেণ্টিলেটৰ্ছ আৰু অন্যান্য অত্যাৱশ্যকীয় সা-সজুলিৰে চিকিৎসা প্ৰতিষ্ঠানসমূহক সাজু কৰি তোলা আদি বিষয়সমূহেও বৈঠকত স্থান পায়৷ জনসাধাৰণৰ বাবে অত্যাৱশ্যকীয় সেৱা আৰু সামগ্ৰীৰ যোগান মুকলি ৰাখিবলৈ ৰাজ্যসমূহক নিৰ্দেশ দিয়া হৈছে৷ ইয়াৰ ভিতৰত অন্যতম সেৱাসমূহ হ’ল—চিকিৎসালয়; ফাৰ্মাচী; ঔষধ, ভেকচিন, ছেনিটাইজাৰ, মাস্ক আৰু মেডিকেল সা-সৰঞ্জাম উপলব্ধ ব্যৱসায়িক প্ৰতিষ্ঠান৷ মন্ত্ৰীগোটক এই কথাও জনোৱা হয় যে গুজৰাট, অসম, ঝাৰখণ্ড, ৰাজস্থান, গোৱা, কৰ্ণাটক, মধ্য প্ৰদেশ আৰু জম্মু-কাশ্মীৰে ক’ভিড-১৯ৰে যুঁজ দিবলৈ সুকীয়া চিকিৎসালয়ৰ ব্যৱস্থা কৰি আছে৷ ক’ভিড-১৯ পৰীক্ষাৰ বাবে মুঠ ১১৮টা লেব’ৰেটৰী আইচিএমআৰ নেটৱৰ্কত অন্তৰ্ভুক্ত কৰা হৈছে৷ মন্ত্ৰীগোটক লগতে অৱগত কৰোৱা হয় যে লকডাউনৰ নিয়মাৱলী সঠিক ৰূপায়নৰ বাবে কেবিনেট সচিবে সকলো ৰাজ্যৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু ডিভিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বিষয়টো আলোচনা কৰিছে৷

ক’ভিড-১৯ ৰোধ অথবা ইয়াৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সামাজিক দূৰত্বক ফলপ্ৰসু উপায় হিচাপে উল্লেখ কৰি ড০ হৰ্ষ বৰ্ধনে দেশৰ নাগৰিকক পুনৰ এবাৰ আহ্বান জনায় যে সকলোৱে স্বাস্থ্য বিভাগে জাৰি কৰা নীতি-নিয়ম পালন কৰি ঘৰতে আৱদ্ধ হৈ থকা উচিত৷ নীতি নিয়মসমূহ স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইটতো উপলব্ধ বুলি তেওঁ উল্লেখ কৰে৷ “মাননীয় প্ৰধানমন্ত্ৰীয়ে কালি ঘোষণা কৰা অনুসৰি, সমগ্ৰ দেশ এতিয়া লকডাউন অৱস্থাত আছে৷ লকডাউনৰ অংশস্বৰূপে আমি ঘৰৰ ভিতৰতো সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ অভ্যাস গঢ়িব লাগিব৷”, হৰ্ষ বৰ্ধনে এইদৰে কয়৷ তেওঁ পুনৰ উল্লেখ কৰে যে ২০২০ৰ ২১ মাৰ্চ পৰ্যন্ত প্ৰায় ৬৪,০০০ লোক আন দেশৰ পৰা ভাৰতত উপস্থিত হৈছে৷ ইয়াৰে ৮,০০০ লোকক বিভিন্ন পৃথকীকৰণ ব্যৱস্থা আৰু ৫৬,০০০লোকক ঘৰত স্ব-নিৰ্বাসনত ৰখা হৈছে৷ “আমি এক সংক্ৰামক ৰোগৰ বিৰুদ্ধে যুঁজ দি আছো৷ ইয়াৰ পৰা নিজক আৰু আনক নিৰাপদে ৰাখিবলৈ চৰকাৰে জাৰি কৰা সকলো নীতি-নিৰ্দেশনা গুৰুত্ব সহকাৰে পালন কৰাটো অত্যন্ত প্ৰয়োজন৷ ইয়াৰ উলংঘনৰ বাবে আইপিচি ১৮৮ ধাৰাৰ অধীনত আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব৷’—হৰ্ষ বৰ্ধনে কয়৷

মন্ত্ৰীগৰাকীয়ে লগতে দেশবাসীক আহ্বান জনায় যে স্বাস্থ্যজনিত এই জৰুৰী অৱস্থাত ক’ভিড-১৯ৰ পৰা আমাক ৰক্ষা কৰিবলৈ সেৱা আগবঢ়াই থকা চিকিৎসক আৰু আন মেডিকেল কৰ্মীসকলক কোনেও যাতে সমাজৰ পৰা এঘৰীয়া নকৰে৷ আমি উৰা বাতৰি আৰু প্ৰমাণবিহীন তথ্য বিয়পোৱাৰ পৰা আতৰি থকা উচিত বুলিও ড০ হৰ্ষ বৰ্ধনে উল্লেখ কৰে৷

 

                                             *****

MV/MS



(Release ID: 1608189) Visitor Counter : 108