পৰ্যটন মন্ত্ৰালয়

ক’ভিড-১৯ ভাইৰাছৰ বিৰুদ্ধে সাৱধানতামূলক পদক্ষেপ হিচাপে ৩১ মাৰ্চলৈ ৰাজ্যৰ সকলো ধৰণৰ পৰ্যটনস্থলী বন্ধৰ নিৰ্দেশ দিলে মেঘালয় চৰকাৰে

Posted On: 19 MAR 2020 2:04PM by PIB Guwahati

মেঘালয় চৰকাৰে ক’ভিড-১৯ ভাইৰাছৰ বিৰুদ্ধে সাৱধানতামূলক পদক্ষেপ হিচাপে ৩১ মাৰ্চ ২০২০ তাৰিখলৈ ৰাজ্যখনৰ সকলো পৰ্যটনস্থলী বন্ধ কৰাৰ নিৰ্দেশনা জাৰী কৰিছে৷ ৰাজ্য চৰকাৰে সংবাদ বিবৃতি এটাত প্ৰকাশ কৰিছে যে এই বন্ধ ১৫ এপ্ৰিল ২০২০ তাৰিখলৈ সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা আছে৷ ৰাজ্য চৰকাৰে শ্বিলং আৰু মেঘালয়ৰ অন্য স্থানলৈ যোৱা সকলো পৰ্যটকক তেওঁলোকৰ ভ্ৰমণ সূচী পুনৰ পৰিকল্পনা কৰিবলৈ অনুৰোধ জনাইছে৷

*****

NB/AKJ/MANN



(Release ID: 1607240) Visitor Counter : 83