প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ছাৰ্ক নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্সত মুকলি ভাষণ

Posted On: 15 MAR 2020 5:19PM by PIB Guwahati

মহোদয়,

ইমান কম সময়ৰ ভিতৰত এই বিশেষ বৈঠকত মিলিত হোৱাৰ বাবে আপোনাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো৷ মই বিশেষ ৰূপত আমাৰ মিত্ৰ প্ৰধানমন্ত্ৰী অলীক ধন্যবাদ জ্ঞাপন কৰিছো যিয়ে নিজৰ অস্ত্ৰোপচাৰ সমাপ্ত হোৱাৰ ঠিক পিছতে আমাৰ সৈতে জড়িত হৈছে৷ মই তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰিছো৷ মই ৰাষ্ট্ৰপতি আশ্বৰফ ঘনীক তেওঁৰ সদ্য সমাপ্ত উপ নিৰ্বাচনৰ বাবেও অভিনন্দন জ্ঞাপন কৰিছো৷ মই ছাৰ্কৰ নতুন মহাসচিবক স্বাগতম জনাইছো যি আমাৰ মাজত আজি উপস্থিত আছে৷ মই গান্ধীনগৰৰ পৰা ছাৰ্কৰ দুৰ্যোগ প্ৰৱন্ধন কেন্দ্ৰৰ সঞ্চালকৰ উপস্থিতিকো সন্মান প্ৰদৰ্শন কৰিছো৷

মহোদয়,

আমি সকলোৱে জানো যে ভিড-১৯ক অলপতে বিশ্ব স্বাস্থ্য সংগঠনে মহামাৰী হিচাপে অভিহিত কৰিছে৷ এই পৰ্যন্ত আমাৰ অঞ্চলটোত ১৫০ত কৈও কম পৰিঘটনা পৰিলক্ষিত হৈছে৷ কিন্তু আমি সতৰ্ক হৈ থকাটো আৱশ্যক৷ আমাৰ অঞ্চলটোৰ জনসংখ্যা সমগ্ৰ বিশ্বৰ প্ৰায় এক পঞ্চমাংশ৷ এয়া ঘন আবাদীপূৰ্ণ অঞ্চল৷ উন্নয়নশীল দেশ হিচাপে আমাৰ সকলোৰে স্বাস্থ্য সুবিধাসমূহ লাভ কৰাটো এক প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে৷ আমাৰ সকলো দেশৰ নাগৰিকৰ মাজত পাৰস্পৰিক সম্বন্ধ প্ৰাচীন কালৰে পৰা বিদ্যমান আৰু আমাৰ সমাজ উভয়ে-উভয়ৰ লগত জড়িত৷ সেইবাবে আমি সকলোৱে একত্ৰিতভাৱে ইয়াৰ প্ৰস্তুতি চলাব লাগিব, সকলোৱে একগোট হৈ কাম কৰিব লাগিব আৰু আমি সকলোৱে সফলো লাগিব৷

মহোদয়,

আমি প্ৰত্যাহ্বানসমূহৰ সন্মুখীন বলৈ প্ৰস্তুত হোৱাৰ পৰিপ্ৰেক্ষিতত মই সংক্ষেপতে এই ভাইৰাছবিধৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতৰ অভিজ্ঞতা বৰ্ণনা কৰিব বিচাৰিছো৷

‘‘প্ৰস্তুতি চলাওক কিন্তু আতংকিত নহ’’ এয়াই আমাৰ মাৰ্গদৰ্শী মন্ত্ৰ৷

আমি সাৱধান আছিলো কিয়নো এই সমস্যাক উলাইয়ো কৰিব নোৱাৰি আৰু চিন্তা নকৰাকৈ কোনো পদক্ষেপো গ্ৰহণ কৰিব নোৱাৰি৷ আমি এক শ্ৰেণীবদ্ধ প্ৰতিক্ৰিয়াতন্ত্ৰসহিতে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়াস কৰিছো৷

মহোদয়,

আমি জানুৱাৰীৰ মাজৰ সময়ছোৱাৰ পৰাই ভাৰতত প্ৰৱেশৰ সময়ত নিৰীক্ষণ আৰম্ভ কৰিছিলো আৰু লগতে লাহে লাহে নিষেধাজ্ঞা জাৰী কৰিবলৈ আৰম্ভ কৰিছিলো৷ ফলত আমি এই পদক্ষেপৰ জৰিয়তে উক্ত আতংকবিধৰ পৰা ৰক্ষা পোৱাত সহায় লাভ কৰিলো৷ আমি টেলিভিছন, ছপা মাধ্যম আৰু চিয়েল মিডিয়াত জন সজাগতামূলক অভিযানৰ প্ৰসাৰণ কৰিলো৷ আমি অতি সংবেদনশীল অঞ্চলসমূহত এই বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰয়াস কৰিলো৷ আমি সমগ্ৰ দেশত নিজৰ চিকিৎসা কৰ্মীসকলক প্ৰশিক্ষিত কৰাৰ লগতে আমাৰ আন্তঃগাঁথনিৰ ক্ষমতা বৃদ্ধি কৰাৰ দিশত দ্ৰুত গতিত অগ্ৰসৰ লো৷ আমি নিদানিক ক্ষমতাও বৃদ্ধি কৰিলো৷ দুমাহৰ ভিতৰত আমি সমগ্ৰ দেশৰ ৬০ত কৈও অধিক গৱেষণাগাৰত পৰীক্ষণৰ ব্যৱস্থা কৰিলো৷ আমি এই মহামাৰীৰ ব্যৱস্থাকৰণৰ বাবে প্ৰত্যেক পৰ্যায়ৰ বাবে প্ৰট বিকশিত কৰিলো৷ যেনে- প্ৰৱেশ পথত পৰীক্ষণ কৰা, সন্দেহযুক্ত পৰিঘটনাৰ সন্ধান কৰা, আচুতীয়া সুবিধাৰ ব্যৱস্থা কৰা আৰু সন্দেহমুক্তসকলক মুকলি কৰি দিয়া আদি৷

আমি বিদেশতো আমাৰ মানুহখিনিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছো৷ আমি বিভিন্ন দেশৰ পৰা প্ৰায় ১৪০০ ভাৰতীয়ক উদ্ধাৰ কৰি আনিছো৷ আমি আমাৰ ‘‘চুবুৰীয়া সৰ্বপ্ৰথম’’ নীতিৰ আধাৰত আপোনালোকৰো কিছু নাগৰিকক সহায় কৰিছো৷ আমি নিষ্কাশনৰ এনে প্ৰট প্ৰস্তুত কৰিছো বিদেশত কাৰ্যৰত আমাৰ বাইল টীমৰ দ্বাৰা পৰীক্ষা কৰা আদি ব্যৱস্থাপনাও অন্তৰ্ভুক্ত কৰা হৈছে৷

আমি এয়াও স্বীকাৰ কৰিছো যে অন্য দেশেও ভাৰতত থকা নিজৰ নাগৰিকসমূহক লৈ চিন্তিত হৈছে৷ সেইবাবে বৈদেশিক ৰাষ্ট্ৰদূতসকলক আমি গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰিছো৷

মহোদয়,

এটা কথা নিশ্চিত যে আমি এতিয়াও এক অজ্ঞাত স্থিতিত আছো৷ আমি নিশ্চিতিৰ সৈতে এয়া অনুমান কৰিব নোৱাৰো যে আমাৰ সৰ্বোত্তম প্ৰয়াসৰ পিছতো স্থিতি আগলৈ কেনে ব৷ আপোনালোকেও এনে পৰিস্থিতিৰ সন্মুখীন বলগীয়া হৈছে৷ এইবাবেই আমি সকলোৰে বাবে সকলোতকৈ অধিক গুৰুত্বপূৰ্ণ বিষয় এয়ে যে আমি সকলোৱে যাতে নিজৰ দৃষ্টিকোণ বিনিময় কৰো৷ মই আপোনোলোক সকলোৰে চিন্তাধাৰা শুনিবলৈ উৎসুক হৈ পৰিছো৷

ধন্যবাদ৷

*****

VRRK/KP/MANN



(Release ID: 1606540) Visitor Counter : 120