প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘মন কী বাত ২.০’ৰ নৱম সংস্কৰণত প্ৰধানমন্ত্ৰীৰ ভাষণ

Posted On: 23 FEB 2020 11:37AM by PIB Guwahati

মন কী বাত, ২.০ৰ নৱম সংস্কৰণত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ এটা কাহিনী বৰ্ণনা কৰে যিটোৱে প্ৰতিগৰাকী ভাৰতীয়ক অনুপ্ৰাণিত কৰিছে৷ তেওঁ কয় যে বিহাৰৰ পুৰ্ণিয়া এলেকা সমগ্ৰ ভাৰতৰ বাবেই এক প্ৰেৰণা বিষয়৷ আগতে এই অঞ্চলটোত বিগত দশক দশক ধৰি ভয়ংকৰ বানপানী হৈছিল৷ ইয়াৰ পৰিপ্ৰেক্ষিতত কৃষিকৰ্ম কৰাটো কঠিন হোৱাৰ লগতে উপাৰ্জনো অসম্ভ হৈ পৰিছিল৷ তেওঁ কয় পূৰ্বতে পুৰ্নিয়াৰ মহিলাসকলে পলুপালন কৰিছিল আৰু তাৰপৰা তেওঁলোকে সামান্য উপাৰ্জন কৰিছিল আৰু ব্যৱসায়ীসকলে সেইবোৰ ক্ৰয় কৰি নি তাৰ পৰা সূঁতা কাটি বৃহ লাভ অৰ্জন কৰিছিল৷ কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত পুৰ্নিয়াৰৰ মহিলাসকলে পৃথক পথ অৱলম্বন কৰিলে৷ এতিয়া পুৰ্নিয়াৰ মহিলাসকলে চৰকাৰৰ সহযোগত এক সমবায় গঠন কৰি সুঁতা উপাদন কৰাৰ লগতে সেই সূঁতাৰে শাৰী প্ৰস্তুত কৰি যথেষ্ট পৰিমাণে উপাৰ্জন কৰাৰ বুলিও তেওঁ লগতে কয়৷

প্ৰধানমন্ত্ৰীয়ে কাম্য কাৰ্তিকেয়ানৰ সফলতাৰ এক প্ৰেৰণাদায়ক কাহিনীও শ্বেয়াৰ কৰে, যিগৰাকীয়ে ১২ বছৰ বয়সতে আকনকাগুৱা পৰ্বত আৰোহণ কৰিছিল৷ তেওঁ লগতে কয় যে দক্ষিণ আমেৰিকাৰ আন্দেছ পৰ্বতমালাত অৱস্থিত এই সৰ্বোচ্চ শৃংগ, যাৰ উচ্চতা প্ৰায় ৭,০০০ মিটাৰ৷ তেওঁ এতিয়া এক নতুন মিচন লৈছে, ইয়াক ‘মিচন সাহস’ বুলি কোৱা হৈছে, যাৰ জৰিয়তে তেওঁ সকলো মহাদেশৰ সৰ্বোচ্চ শৃংগ আৰোহণ কৰাৰ যত্ন কৰি আছে,তেওঁ কয়৷ প্ৰধানমন্ত্ৰীয়ে সকলোকে ফিট হৈ থকাৰ বাবে প্ৰণোদিত কৰা তেওঁৰ প্ৰচেষ্টাৱলীৰ প্ৰশংসা কৰাৰ লগতে ‘মিচন সাহস’ৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে৷ ভাৰতৰ ভৌগোলিক ব্যৱস্থাই আমাৰ দেশত দুঃসাহসিক ক্ৰীড়াৰ সূযোগ প্ৰদান কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক তেওঁলোকৰ পছন্দৰ স্থানসমূহ ভ্ৰমণ কৰাৰ লগতে তেওঁলোকৰ জীৱনত দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি মনোযোগ বৃদ্ধি তথা একত্ৰ কৰাৰ বাবে আহ্বান জনায়৷

তদুপৰি, তেওঁ ১০৫ বছৰীয়া ভাগৰথী আম্মাৰ সফলতাৰ কাহিনীো বৰ্ণনা কৰে, যিগৰাকী কেৰালাৰ কোল্লামত বসবাস কৰে আৰু অতি কম বয়সতে মাতৃ আৰু স্বামীক হেৰুৱাইছিল৷ তেওঁ ১০৫ বছৰ বয়সত তেওঁৰ স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল! তেওঁ পুনৰ শিক্ষা জীৱন আৰম্ভ কৰিলে৷ বয়স বেছি হোৱা স্বত্তেও ভাগৰথী আম্মাই চতুৰ্থ শ্ৰেণী পৰীক্ষাত লিখিছিল আৰু ফলাফলৰ বাবে আগ্ৰহেৰে বাট চাই ৰৈছিল৷ তেওঁ পৰীক্ষাত ৭৫শতাংশ নম্বৰ লাভ কৰিছিল আৰু শিক্ষা জীৱন অব্যাহত ৰাখিব বিচাৰিছিল৷ তেওং কয় যে ভাগৰথী আম্মাৰ দৰে লোকসকল এই দেশৰ শক্তি; আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ এক ডাঙৰ উস৷

তেওঁ মোৰাদাবাদৰ হামিৰপুৰ গাঁৱৰ জন্মৰ পৰাই দিব্যাংগ ছলমানৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ কয় যে ছলমানে জীৱনৰ কঠিনতা পৰিহাৰ কৰি আশা নেহেৰুৱাই নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ এইদৰে তেওঁ অন্য দিব্যাংগ লোককো সহায় কৰিছিল৷ চলমানে নিজৰ গাঁৱতেই চেণ্ডেল নিৰ্মাণ আৰু ডিটাৰজেণ্ট প্ৰস্তুত কৰা কাম আৰম্ভ কৰিছিল আৰু তেওঁৰ সৈতে যোগদান কৰিছিল আন ৩০ গৰাকী দিব্যাংগ লোকে৷

সেই একেই ইচ্ছাশক্তিৰ আন এটা উদাহৰণ প্ৰস্তুত কৰি প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ কচ্ছ এলেকাৰ আজৰক গাঁৱৰ বাসিন্দাসকলৰ বিষয়ে উল্লেখ কৰে৷ ২০০১ চনৰ প্ৰলয়ংকাৰী ভূমিকম্পৰ পিছত অধিকাংশ গাঁওবাসীয়ে গাঁও এৰি গৈছিল৷ কিন্তু ইছমাইল খট্ৰী নামৰ এগৰাকী ব্যক্তিয়ে নিজৰ ঠাইতেই থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিআজৰক প্ৰিণ্ট পৰা পৰম্পৰাগত কলা বিকশিত কৰাৰ দায়িত্ব গ্ৰহণ কৰিলে৷ চাওতে চাওতে আনসকল লোকেও তেওঁক এই কামত সহায় কৰিবলৈ ধৰিলে আৰু সমগ্ৰ গাঁওখনেই তেওঁলোকৰ নিজৰ পৰম্পৰাগত কলা বিকশিত কৰাৰ কামত ব্ৰতী ল৷

প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ উদযাপিত মহা শিৱৰাত্ৰিৰ বাবে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে৷ তেওঁ কয়, ‘‘মহা শিৱৰাত্ৰিৰ এই পাৱন পৰ্বত আপোনাক ভোলে বাবাৰ দ্বাৰা আশীৰ্বাদপুষ্ট হওকভগৱান শিৱই যাতে আপোনালোকৰ মনোবাঞ্চা পূৰণ কৰেআপোনালোক শক্তিশালী, স্বাস্থ্যৱান হওকআৰু দেশৰ বাবে কৰ্তব্যত নিয়োজিত হওক৷’’

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আগন্তুক দিনত হোলীৰ সৱৰ ঠিক পিছতে গুড়ী-পৰৱাও পালন কৰা ব৷ নৱৰাত্ৰিৰ পৰ্বও ইয়াৰ সৈতে জড়িত৷ ৰাম-নৱমীৰ পৰ্বও আহিব৷ পৰ্ব আৰু সৱ, আমাৰ দেশৰ সামাজিক জীৱনৰ এক অভিন্ন অংগ৷ প্ৰতিটো ৎসৱৰ অন্তৰালত কোনোবাটো সামাজিক বাৰ্তা লুকাই থাকে যিয়ে কেৱল সমাজকেই নহয়, সমগ্ৰ দেশকেই একতাৰ ডোলেৰে বান্ধি ৰাখে৷’’
 

***

VRRK/AK/DB


(Release ID: 1605924) Visitor Counter : 129