প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন ঔষধি দিৱসত প্ৰধানমন্ত্ৰী জন ঔষধি পৰিযোজনাৰ হিতাধিকাৰীসকলৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া অনুবাদ
Posted On:
07 MAR 2020 5:00PM by PIB Guwahati
নমস্কাৰ!!
প্ৰযুক্তিৰ জৰিয়তে দেশৰ সহস্ৰাধিক জন ঔষধি কেন্দ্ৰৰ সৈতে জড়িত সহযোগীসকলক ফাকুৱাৰ শুভেচ্ছা প্ৰদান কৰিছো আৰু এই কাৰ্যসূচীলৈ স্বাগতম জনাইছো৷ বিভিন্ন কেন্দ্ৰত মন্ত্ৰীবৰ্গৰ মোৰ সহযোগীসকলো উপস্থিত আছে৷ আপোনালোক সকলোকে জন ঔষধি দিৱসৰ অনেক শুভেচ্ছা যাচিছো৷
আজি সপ্তাহজুৰি পালন কৰি অহা জন ঔষধি সপ্তাহৰ অন্তিমটো দিন৷ এই প্ৰশংসনীয় পদক্ষেপৰ বাবে মই সকলো জন ঔষধি কেন্দ্ৰৰ সঞ্চালকক, ভাৰত চৰকাৰক আৰু ইয়াত সহযোগিতা প্ৰদান কৰা সকলোলৈ অভিনন্দন যাচিছো৷
বন্ধুসকল, জন ঔষধি দিৱস কেৱল এক যোজনা উদযাপন কৰাৰ দিন নহয়৷ বৰঞ্চ এয়া সেই কোটি কোটি ভাৰতীয়, লক্ষাধিক পৰিয়ালৰ সৈতে জড়িত হোৱাৰ দিন যিয়ে এই যোজনাৰ দ্বাৰা সকাহ লাভ কৰিছে, ইয়াৰ জৰিয়তে এই বাৰ্তাক ব্যাপক ৰূপত প্ৰচাৰ কৰাৰো এয়া এক অৱকাশ হিচাপে বিবেচিত হৈছে৷ যাতে দৰিদ্ৰতম লোকেও এই যোজনাৰ লাভ গ্ৰহণ কৰিব পাৰে৷ প্ৰতিজন ভাৰতীয়ৰ স্বাস্থ্যৰ বাবে আমি চাৰিটা সূত্ৰত কাম কৰি আছো৷
প্ৰথমটো হ’ল যে প্ৰতিজন ভাৰতীয়কে যাতে ৰোগৰ পৰা ৰক্ষা কৰিব পাৰি৷
দ্বিতীয়টো হ’ল, ৰোগৰ সহজলভ্য আৰু উপযুক্ত চিকিৎসা লাভ৷
তৃতীয়টো হ’ল, ৰোগৰ বাবে উন্নত আৰু আধুনিক চিকিৎসালয় উপলব্ধ হওক, পৰ্যাপ্ত পৰিমাণে ভাল চিকিৎসক আৰু চিকিৎসা কৰ্মী উপলব্ধ হওক, এয়া সুনিশ্চিত কৰা হওক৷
আৰু চতুৰ্থটো হ’ল, অভিযানভিত্তিত কাম কৰি প্ৰত্যাহ্বানসমূহ সমাধান কৰা হওক৷
প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনা অৰ্থাৎ পিএম-বিজেপি ইয়াৰেই এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ ইয়াৰ জৰিয়তে দেশৰ প্ৰতিজন ব্যক্তিক কম ব্যয়ত উত্তম চিকিৎসা প্ৰদান কৰাৰ সংকল্প গ্ৰহণ কৰা হৈছে৷ এই পৰ্যন্ত ৬ হাজাৰতকৈও অধিক জন ঔষধি কেন্দ্ৰ সমগ্ৰ দেশতে মুকলি হোৱাত মই সন্তোষ লাভ কৰিছো৷ যিদৰে এই নেটৱৰ্কৰ সম্প্ৰসাৰণ হৈছে, সেইদৰে ইয়াৰ লাভো অধিক লোকে লাভ কৰিবলৈ ধৰিছে৷ আজি প্ৰতি মাহে এক কোটিতকৈও অধিক পৰিয়াল এই কেন্দ্ৰসমূহৰ জৰিয়তে নিম্ন ব্যয়ৰ ঔষধসমূহৰ দ্বাৰা উপকৃত হৈছে৷ যিদৰে আপুনি অনুভৱো কৰিছে যে জন ঔষধি কেন্দ্ৰসমূহত উপলব্ধ ঔষধসমূহৰ মূল্য বজাৰ মূল্যতকৈ ৫০ শতাংশৰ পৰা ৯০ শতাংশ পৰ্যন্ত কম হয়৷ যিদৰে কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ হোৱা এটা ঔষধ বজাত ৬ হাজাৰ টকাত উপলব্ধ হোৱাৰ বিপৰীতে জন ঔষধি কেন্দ্ৰত কেৱল আঠশ টকাতে উপলব্ধ হয়৷ ইয়াত পূৰ্বৰ তুলনাত চিকিৎসাত অতিশয় কম টকা ব্যয় হৈছে৷ মোক কোৱা হৈছে যে এই পৰ্যন্ত সমগ্ৰ দেশতে কোটি কোটি দৰিদ্ৰ আৰু মধ্যবিত্তসকলৰ ঔষধৰ বাবে পূৰ্বতে যি ব্যয় হৈছিল আৰু এতিয়া যি ব্যয় হৈ আছে, প্ৰায় দুই-আঢ়ৈ হাজাৰ কোটি টকা এই জন ঔষধি কেন্দ্ৰসমূহৰ জৰিয়তে হৈছে৷ আমাৰ দেশৰ কোটি কোটি পৰিয়ালৰ দুই-আঢ়ৈ হাজাৰ কোটি টকা ৰাহি হোৱাৰ জৰিয়তে তেওঁলোকৰ বৃহৎ সহায়ক হিচাপে বিবেচিত হৈছে৷ ২২০০ কোটি টকাৰ ৰাহি জন ঔষধি কেন্দ্ৰসমূহৰ ফলত হৈছে৷
বন্ধুসকল, আজি এই কাৰ্যসূচীত মই জন ঔষধি কেন্দ্ৰ সঞ্চালন কৰা সহযোগীসকলৰ সৈতে জড়িত হৈছো৷ আপোনালোক সকলোৱে প্ৰশংসনীয় কাম কৰি আছে৷ আপোনালোকৰ এই কামক পৰিচয় প্ৰদানৰ বাবে চৰকাৰে এই যোজনাৰ সৈতে জড়িত পুৰষ্কাৰসমূহ আৰম্ভ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মোৰ বিশ্বাস যে এই পুৰষ্কাৰসমূহৰ দ্বাৰা জন ঔষধি ক্ষেত্ৰত এক নতুন সুস্থ প্ৰতিযোগিতা আৰম্ভ হ’ব যাৰ দ্বাৰা দুখীয়া, মধ্যবিত্তসকল উপকৃত হ’ব৷ দেশ উপকৃত হ’ব৷ আহক, আজিৰ আলোচনাৰ শুভাৰম্ভ কৰো৷ মোক কোৱা হৈছে যে সবাতোকৈ প্ৰথমে অসমৰ গুৱাহাটীলৈ যাব লাগিব৷
প্ৰশ্ন ১- প্ৰধানমন্ত্ৰী মহোদয়, মোৰ নাম অশোক কুমাৰ বেটালা আৰু মই অসমৰ গুৱাহাটীত বাস কৰো৷ মোৰ বয়স ৬০ বছৰ৷ মোৰ ডায়েবেটিছ আৰু ৰক্তচাপৰ সমস্যা আছে৷ মই হৃদৰোগীও৷ ৫ বছৰ পূৰ্বে মোৰ অস্ত্ৰোপচাৰ হৈছে আৰু তেতিয়াৰে পৰা মই ঔষধ গ্ৰহণ কৰি আছো৷ যোৱা ১০ মাহৰ পৰা মই জন ঔষধি কেন্দ্ৰৰ পৰা একেৰাহে ঔষধ গ্ৰহণ কৰি আছো৷ জন ঔষধি কেন্দ্ৰৰ পৰা ঔষধ গ্ৰহণৰ ফলত মোৰ প্ৰতিমাহে ২৫০০ টকাৰ ৰাহি হৈছে৷ এই ৰাহি হোৱা টকাৰ জৰিয়তে মই মোৰ নাতিনীৰ নামত সুকন্যা সমৃদ্ধি যোজনা একাউণ্টত ধন জমা কৰিছো৷ আপোনাৰ এনে যোজনাৰ বাবে অশেষ ধন্যবাদ৷ আপুনি মোৰ চিন্তা হ্ৰাস কৰিছে৷ কিন্তু এই যি ক’ৰনা ভাইৰাছৰ উদ্বিগ্নতা আৰম্ভ হৈছে, ইয়াক লৈ সৰ্বত্ৰ আলোচনা চলিছে৷ এই ভাইৰাছৰ পৰা ৰক্ষা পৰিবলৈ আমি কি কৰিব লাগিব?
উত্তৰ ১- সৰ্বপ্ৰথমে আপোনাক অনেক শুভেচ্ছা যাচিছো৷ জন ঔষধিৰ জৰিয়তে আপোনাৰ যি ৰাহি হৈছে, সেই ধন আপুনি আপোনাৰ নাতিনীৰ উন্নত ভৱিষ্যতৰ বাবে ব্যয় কৰিছে৷ ক’ৰনা ভাইৰাছ সন্দৰ্ভত আপুনি যি উদ্বিগ্নতা প্ৰকাশ কৰিছে তাকে লৈ বহুলোক ইতিমধ্যে চিন্তাত পৰিছে৷ আপোনাৰ আৰু আমাৰ সতৰ্কতা এই ক্ষেত্ৰত অতিশয় প্ৰয়োজনীয় বুলি মই ভাবো৷ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে এইক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ আমাৰ ওচৰত দক্ষতাসম্পন্ন চিকিৎসক আৰু চিকিৎসা কৰ্মী আছে, সংসাধন আছে আৰু সজাগ নাগৰিকো আছে৷ আমি কেৱল সাৱধানতা কম হ’বলৈ দিব নালাগে৷ এই সাৱধানতাসমূহ কি, এয়া বিভিন্ন মাধ্যমৰ জৰিয়তে আপোনালোকক জনোৱা হৈছে৷ মই পুনৰবাৰ আপোনালোকৰ সন্মুখত দোহাৰিব বিচাৰিছো৷
বন্ধুসকল, বিনা প্ৰয়োজনত আমি সমজুৱাভাৱে একত্ৰিত হোৱাৰ পৰা বিৰত থাকিব লাগিব আৰু যিমানবাৰ পাৰো সিমানবাৰ নিজৰ হাতদুখন ধোৱাটো প্ৰয়োজন৷ নিজৰ চেহেৰা, নাক আৰু মুখখন চুই থকাটো আমাৰ এক অভ্যাসৰ দৰে৷ এই অভ্যাস নিয়ন্ত্ৰিত কৰিব লাগিব আৰু ধোৱা হাতেৰেহে নিজৰ মুখখন স্পৰ্শ কৰিব লাগে৷ বিশেষজ্ঞসকলৰ মতে কাঁহ অথবা হাঁচিওৱাৰ সময়ত যি পদাৰ্থ নিৰ্গত হয় তাৰে পৰা ই বিয়পে৷ এনে অৱস্থাত যি স্থানত এই পদাৰ্থ পৰে তাতে এই ভাইৰাছ বহু দিনলৈ জীৱিত হৈ থাকে৷ সেইবাবে বাৰে বাৰে চাবুনেৰে হাত ধোৱাটো প্ৰয়োজনীয়৷ যদি আমি কাঁহো অথবা হাঁচিৱাও, তেন্তে অন্য ব্যক্তিৰ পৰা দূৰত থাকিব লাগে আৰু ব্যৱহাৰ কৰা ৰুমাল অথবা কাপোৰ অন্যৰ সংস্পৰ্শলৈ আহিবলৈ দিব নালাগে৷
বন্ধুসকল, যিসকল লোক সংক্ৰমিত হৈছে তেওঁলোকক তীক্ষ্ণ নিৰীক্ষণৰ মাজত ৰখা হৈছে৷ কিন্তু যদি কাৰোবাৰ নিজৰ ওপৰত সন্দেহ হৈছে অথবা তেওঁ কোনো সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ আহিছে তেন্তে তেওঁ ভয় খোৱাৰ প্ৰয়োজন নাই৷ নিজৰ মুখখন মাস্কেৰে ঢাকি নিকটৱৰ্তী চিকিৎসালয়লৈ গৈ পৰীক্ষা কৰি আহক৷ পৰিয়ালৰ আন সদস্যকো পৰীক্ষা কৰোৱাই লৈ আহক৷ এনে লোকসকলে মাস্ক আৰু গ্ল’ভছো পৰিধান কৰিব লাগে আৰু আনৰ পৰা সামান্য দূৰৈত অৱস্থান কৰিব লাগে৷ মাস্ক পিন্ধিব লাগে নে নালাগে ইয়াক লৈ বিশেষজ্ঞসকলে বিভিন্ন ৰায় দিছে যদিও কাঁহ বা হাঁচিওৱাৰ সময়ত ছিদ্ৰ যাতে অন্য লোকৰ ওপৰত নপৰে তাৰ প্ৰতি সাৱধান হ’ব লাগে৷ মাস্কখন ঠিক কৰাৰ সময়ত আমাৰ হাতে বাৰে বাৰে মুখ স্পৰ্শ কৰে৷ ইয়াৰ জৰিয়তে ৰক্ষাৰ পৰিৱৰ্তে সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা অধিক বৃদ্ধি হয়৷
বন্ধুসকল, এনে সময়ত উৰাবাতৰিৰ প্ৰভাৱ অধিক হয়৷ কোনোবাই কয় যে এয়া খাব নালাগে, এয়া কৰিব নালাগে, কিছুমান লোকে এনে কথা ক’ব যে এয়া খালে ক’ৰনা ভাইৰাছৰ পৰা ৰক্ষা পৰিব পাৰি৷ এই উৰাবাতৰিসমূহৰ পৰা দূৰৈত থাকিব লাগে৷ যিয়েই কৰক, চিকিৎসকৰ পৰামৰ্শমতে কৰক৷ সমগ্ৰ বিশ্বই নমস্কাৰ কৰাৰ অভ্যাস গ্ৰহণ কৰিছে৷ যদি কিবা কাৰণত আমি এই অভ্যাস পৰিত্যাগ কৰিছো তেন্তে কৰমৰ্দনৰ পৰিৱৰ্তে পুনৰবাৰ নমস্কাৰ কৰাৰ অভ্যাস কৰাৰ এয়াই হ’ল উচিত সময়৷
মোদী মহোদয়ক মোৰ সাদৰ প্ৰণাম৷ মহোদয় মোৰ নাম মুকেশ অগ্ৰৱাল আৰু মই ডেৰাডুনত কেইবাটাও জন ঔষধি কেন্দ্ৰৰ পৰিচালনা কৰো আৰু এই প্ৰেৰণা মই এইবাবেই লাভ কৰিলো যে ইয়াত কিছুমান ৰোগী এনে আছে যাক মই সহায় কৰিবলৈ বিচাৰিছিলো কিন্তু উচ্চ ব্যয়ৰ ঔষধৰ বাবে তেওঁলোক সহমত লাভ কৰিব পৰা নাছিলো৷ কিন্তু যেতিয়া এই জন ঔষধি কেন্দ্ৰৰ বিষয়ে জানিবলৈ পাৰিলো আৰু মাননীয় মুখ্যমন্ত্ৰীৰ সহযোগত আমি ইয়াৰ প্ৰয়াস কৰি এক চেৰিটেবল ন্যাসৰ সৃষ্টি কৰিলো আৰু বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰিলো৷ কম ব্যয়ৰ ঔষধৰ আমি ডিছপ্লে’ও কৰো৷
প্ৰশ্ন-২ নমস্কাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া!!! মোৰ নাম দীপা শ্বাহ৷ মই উত্তৰাখণ্ডৰ ডেৰাডুনত বাস কৰো৷ মোৰ বয়স ৬৫ বছৰ৷ ২০১১ চনত মোৰ পেৰালাইছিছ হৈছিল৷ তেতিয়াৰ পৰাই মই ঔষধ গ্ৰহণ কৰি আছো৷ কিন্তু ২০১৫ চনৰ পৰা মই জন ঔষধি কেন্দ্ৰৰ পৰা ঔষধ গ্ৰহণ কৰি আছো৷ মোৰ স্বামীও দিব্যাংগ৷ এই ক্ষেত্ৰত পূৰ্বৰ তুলনাত আমাৰ ব্যয় ৩০০০ টকাকৈ ৰাহি হৈছে৷ মোৰ অনুভৱ এয়াই যে এই ঔষধসমূহ কম ব্যয়ৰো আৰু উন্নত গুণগতমানৰো৷ পূৰ্বে কথা ক’বলৈ আৰু চলা-ফুৰা কৰিবলৈ মই সমস্যা অনুভৱ কৰিছিলো৷ এতিয়া বহুখিনি ভাল পাইছো৷ কিন্তু জনসাধাৰণতে এতিয়াও জেনেৰিক ঔষধক লৈ আশংকা কৰে৷ এনে ভ্ৰম দূৰ কৰাৰ বাবে কি কৰিব পাৰি?
উত্তৰ-২ আপুনি ঠিকেই কৈছে যে জেনেৰিক ঔষধক লৈ বহু উৰাবাতৰি ওলাইছে৷ পুৰণি অভিজ্ঞতাৰ আধাৰত কিছুমান লোকে ভাবে যে ইমান কম দামত ঔষধ কেনেকৈ পাব পাৰি, ইয়াত কোনো দোষ নাই নাইতো? ৰঙীণ ঔষধ বনাই বিক্ৰী কৰি থকা নাইতো, এনে বহু ধৰণৰ ভ্ৰম প্ৰচাৰিত হৈছে৷ কিন্তু দীপা মহোদয়া, আপোনাক প্ৰত্যক্ষ কৰি সমগ্ৰ দেশবাসীৰে বিশ্বাস হ’ব যে জেনেৰিক ঔষধৰ শক্তি কিমান আৰু আজি আপুনি তাৰে প্ৰমাণ প্ৰস্তুত কৰিলে৷ মই ভাবো যে বহু গৱেষণাগাৰতকৈ বেছি অনুভৱ আপোনাৰ আছে৷
মই সকলো বন্ধুকে এয়া ক’ব বিচাৰিছো যে এই ঔষধসমূহ বজাৰত উপলব্ধ আন ঔষধতকৈ কোনো গুণে কম নহয়৷ এই ঔষধসমূহ উন্নত গৱেষণাগাৰৰ পৰা স্বীকৃতিপ্ৰাপ্ত হয়, বহু প্ৰকাৰৰ তীক্ষ্ণ পৰীক্ষাৰ পিছত মুকলি হোৱা এই ঔষধ নিৰ্মাতাৰ পৰা ক্ৰয় কৰা হয়৷ যদি কোনো ঔষধৰ বিৰুদ্ধে গোচৰ স্থাপিত হয় তেন্তে তাৰ বিৰুদ্ধে কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হয়৷
এই ঔষধসমূহ ভাৰততেই প্ৰস্তুত হয়, সেয়ে ই সস্তাতে উপলব্ধ হয়৷ ভাৰতত নিৰ্মাণ হোৱা জেনেৰিক ঔষধৰ সমগ্ৰ বিশ্বতে চাহিদা আছে৷ চৰকাৰে প্ৰতিখন চিকিৎসালয়ৰ বাবে জেনেৰিক ঔষধ লিখি দিয়াটো বাধ্যতামূলক কৰিছে৷ কিছুমান বিশেষ পৰিস্থিতিক বাদ দি চিকিৎসকে জেনেৰিক ঔষধেই যাতে লিখে, এয়া সুনিশ্চিত কৰাটো আৱশ্যক৷ মই সকলো উপকৃত হোৱা ব্যক্তিক নিবেদন কৰিম যে আপোনালোকে যাতে নিজৰ অভিজ্ঞতা বিস্তৃতভাৱে প্ৰচাৰ কৰে৷ ইয়াৰ দ্বাৰা জন ঔষধিৰ লাভ অধিকাংশ ৰোগীয়ে লাভ কৰিব৷
প্ৰশ্ন-৩ নমস্কাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া!! মোৰ নাম জেবা খান আৰু মই পুণেৰ বাসিন্দা৷ মোৰ বয়স ৪১ বছৰ৷ মই বৃক্ক ৰোগৰ ৰোগী আৰু জন ঔষধি কেন্দ্ৰ ঔষধৰ দ্বাৰা মই সুচিকিৎসা লাভ কৰিছো৷ যোৱা ছমাহৰ পৰা মই জন ঔষধি কেন্দ্ৰৰ পৰা ঔষধ গ্ৰহণ কৰিছো৷ পূৰ্বৰ তুলনাত ১৪-১৫শ টকা কমকৈ খৰচ হৈছে৷ মই যিমান টকা ৰাহি কৰিছো তাৰ দ্বাৰা তিনিওজনী ছোৱালীৰ পঢ়া-শুনাত ব্যয় কৰিছো৷ জন ঔষধি কেন্দ্ৰৰ বাবে আপোনাক বহু বহু ধন্যবাদ৷ আপুনি ঔষধৰ দাম হ্ৰাস কৰিছে, ষ্টেণ্টৰ মূল্যও সস্তা কৰিছে, ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা প্ৰদান কৰিছে৷ যোগ আৰু আয়ুৰ্বেদক লৈও আপুনি সদায়েই কথা কয়৷ এতিয়াৰ পৰা আপোনাক লৈ মধ্যবিত্ত আৰু দৰিদ্ৰৰ প্ৰত্যাশা অধিক বৃদ্ধি হৈছে৷ কোটি কোটি লোকৰ প্ৰত্যাশাৰ চাপ আপুনি কেনেদৰে পৰিচালনা কৰে?
উত্তৰ-৩ পোন প্ৰথমে আপোনাৰ সুস্বাস্থ্য কামনা কৰিছো৷ আপোনাৰ কন্যাকেইগৰাকীৰ উন্নত ভৱিষ্যতৰ বাবেও শুভকামনা থাকিল৷ মোৰ বিশ্বাস যে আপোনাৰ নিশ্চয় এই ঔষধৰ পৰা যি লাভ হৈছে সেয়া দুইপ্ৰকাৰে হৈছে৷ প্ৰথমটো হ’ল আপুনি সৰ্বাধিক দাম আৰু কষ্টদায়ক স্থিতিৰ পৰা পৰিত্ৰাণ পাইছে আৰু দ্বিতীয়তে আৰ্থিক সাহায্য লাভ কৰিছে৷ আৰু এই ব্যৱস্থাৰ ফলত আপুনি সস্তাতে ঔষধ লাভ কৰাৰ উপৰিও ডায়েলাইছিছৰ সুবিধাও লাভ কৰিছে৷ আৰু আপুনি নিজৰ পৰিয়ালৰ যত্নও ল’ব পাৰিছে৷ মই ভাবো যে চৰকাৰৰ কোনো যোজনাই যদি এটা পৰিয়ালৰ কল্যাণ সাধন কৰে তেন্তে ইয়াৰ জৰিয়তে সম্পূৰ্ণ সমাজৰ কল্যাণ সাধন হয় আৰু ই এক আশীৰ্বাদৰ দৰে কাম কৰে৷ চাওক, যেতিয়া আপোনাৰ দৰে দেশৰ কোটি কোটি জনতাৰ জীৱনলৈ অহা পৰিৱৰ্তনৰ বিষয়ে শুনো তেতিয়া চাপৰ কোনো কথাই নাহে৷ মই প্ৰত্যাশাক চাপ হিচাপে নহয় বৰঞ্চ উৎসাহ বুলিহে অনুভৱ কৰো৷ দেশৰ দুখীয়া, মধ্যবিত্তসকলে এই বিশ্বাসত উপনীত হৈছে যে তেওঁলোকৰ চৰকাৰে তেওঁলোকক উত্তম, সস্তা আৰু সুলভ চিকিৎসা প্ৰদানত অগ্ৰসৰ হৈছে৷ ইয়াৰ দ্বাৰা যিমানেই প্ৰত্যাশা বৃদ্ধি হয় সিমানেই প্ৰয়াসো ব্যাপক হয়৷ এতিয়া চাওক, প্ৰায় ৯০ লাখ দৰিদ্ৰ ৰোগীয়ে আয়ুষ্মান ভাৰতৰ অধীনত চিকিৎসা লাভ কৰিছে৷ প্ৰধানমন্ত্ৰী ডায়েলাইছিছ কাৰ্যসূচীৰ অধীনত ৬ লাখতকৈও অধিক বিনামূলীয়াকৈ ডায়েলাইছিছ কৰা হৈছে৷ এয়াই নহয়, এক হাজাৰতকৈও অধিক গুৰুত্বপূৰ্ণ ঔষধৰ মূল্য নিয়ন্ত্ৰিত হোৱাৰ ফলত ৰোগীসকলৰ ১২,৫০০ কোটি টকা ৰাহি হৈছে৷ ষ্টেণ্টছ আৰু আঁঠু-সংৰোপণৰ মূল্য কম হোৱাৰ ফলত লক্ষাধিক ৰোগীয়ে নতুন জীৱন লাভ কৰিছে৷ ২০২৫ বৰ্ষ পৰ্যন্ত দেশক যক্ষ্মামুক্ত কৰাৰ দিশত আমি অগ্ৰসৰ হৈছো৷ এই যোজনাৰ অধীনত দেশৰ গাঁৱে-গাঁৱে আধুনিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে৷ এই পৰ্যন্ত যি ৩১ হাজাৰতকৈও অধিক কেন্দ্ৰ স্থাপিত হৈছে তাত, ১১ কোটিতকৈও অধিক লোকে পৰীক্ষা কৰোৱাইছে৷ ইয়াৰে ভিতৰত চাৰে তিনি কোটি হাইপাৰটেনচন, প্ৰায় ৩ কোটি ডাইবেটিছ, ১ কোটি ৭৫ লাখ মুখৰ কৰ্কট, ৭০ লাখ ছাৰ্বাইকেল কৰ্কট, ১ কোটিতকৈও অধিক স্তনৰ কৰ্কট, এনে গুৰুতৰ ৰোগৰ স্ক্ৰীণিং এই কেন্দ্ৰসমূহত সম্পন্ন হৈছে৷ এয়াই প্ৰয়াস কৰা হৈছে যে দেশৰ জনতাই চিকিৎসাৰ সুবিধাৰ বাবে যাতে অধিক দূৰলৈ যাবলগীয়া নহয়৷ সেইবাবে সমগ্ৰ দেশত ২২খন নতুন এইমছ স্থাপন কৰা হৈছে৷ সমগ্ৰ দেশতে ৭৫খন জিলা চিকিৎসালয়ক চিকিৎসা মহাবিদ্যালয়লৈ ৰূপান্তৰিত কৰা হৈছে যাৰ দ্বাৰা নতুন স্বীকৃত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১৫৭খন হৈছে৷ এইটো বৰ্ষতেই ৭৫খন নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ স্বীকৃতি প্ৰদান কৰা হৈছে য’ত দেশৰ চিকিৎসাৰ ৪ হাজাৰতকৈও অধিক পিজি আৰু প্ৰায় ১৬ হাজাৰ এমবিবিএছ আসন বৃদ্ধি হ’ব৷ উচিত মাত্ৰাত ভাল চিকিৎসক আৰু স্বাস্থ্য কৰ্মী প্ৰস্তুত হওক, ইয়াৰ বাবে গুৰুত্বপূৰ্ণ আইনৰ পৰিৱৰ্তন কৰা হৈছে৷ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ এই পদক্ষেপৰেই এক অন্যতম অংশ৷ দেশত উত্তম ঔষধ নিৰ্মাণৰ বাবে, গৱেষণা আৰু ক্লিনিকেল ট্ৰায়েলৰ বাবে নিয়ম প্ৰস্তুত কৰা হৈছে৷ অলপতে আপোনালোকে শুনিছে যে চিকিৎসা উপকৰণকো ঔষধৰ পৰিভাষাৰ অধীনলৈ অনা হৈছে৷ ভাৰতত যেতিয়া এই ঔষধ আৰু আনবোৰ সামগ্ৰী অধিকতম ৰূপত প্ৰস্তুত কৰা হ’ব তেতিয়া ইয়াৰ দামো স্বাভাৱিকতেই হ্ৰাস হ’ব৷ এনে অনেক প্ৰয়াস কৰা হৈছে যি দেশৰ স্বাস্থ্য সুবিধাসমূহত ব্যাপক সংশোধনৰ সৃষ্টি কৰিব৷
প্ৰশ্ন-৪ মোৰ নাম অলকা মেহৰা৷ মোৰ বয়স ৪৫ বছৰ৷ মই আপোনাৰ বাৰাণসী চহৰৰ বাসিন্দা৷ কাইলৈ আন্তৰ্জাতিক মহিলা দিৱস৷ মই নিজেও জন ঔষধি কেন্দ্ৰ পৰিচালনা কৰো৷ জন ঔষধি কেন্দ্ৰত কেৱল ১ টকাত ছেনিটেৰী পেড উপলব্ধ যাৰ দ্বাৰা গ্ৰামীণ মহিলাসকলে বহু ধৰণে উপকৃত হৈছে৷ এনে অনেক যোজনা মহিলাসকলৰ প্ৰতি লক্ষ্য ৰাখি আপুনি প্ৰচলন কৰিছে৷ সেয়া লাগিলে শৌচাগাৰেই হওক, ছেনিটেৰী পেডেই হওক, উজ্বলাই হওক, আপুনি সমাজৰ পুৰণি চিন্তাক প্ৰত্যাহ্বান জনাইছে৷ এনে সিদ্ধান্তসমূহ গ্ৰহণ কৰাত আপোনাৰ মনত এই চিন্তা অহা নাছিল নে যে সমাজে ইয়াক কেনেদৰে গ্ৰহণ কৰিব?
উত্তৰ-৪ অলকা মহোদয়া, হৰ হৰ মহাদেৱ৷ আপোনালোক সকলোকে, দেশৰ ভগ্নী, কন্যাসকলক আন্তৰ্জাতিক মহিলা দিৱসৰ অগ্ৰীম শুভকামনা যাচিলো৷ আপোনালোকে জানে যে কাইলৈ মোৰ ছ’চিয়েল মিডিয়া একাউণ্ট কিছু সংখ্যক ভগ্নীয়ে পৰিচালনা কৰিব৷ বিগত সপ্তাহকেইটাত অনেক ভগ্নীয়ে প্ৰেৰক প্ৰসংগ সমগ্ৰ দেশৰ পৰা প্ৰেৰণ কৰি আছে যি উৎসাহদায়ী হোৱাৰ লগতে দেশৰ নাৰী শক্তিৰ সামৰ্থৰ বিষয়ে অদ্ভূত তথ্য প্ৰদান কৰিছে৷ মহিলাসকলৰ স্বাস্থ্যক লৈ পুৰণি চিন্তাৰ প্ৰসংগত ক’বলৈ গ’লে তাৰ পৰা বাহিৰ হৈয়েই তো আমি কাম কৰিব লাগিব৷ যদি কোনো এটা কথা শুদ্ধ হয়, তেতিয়া সদায়েই সমাজেও সেই কথাটো বুজি পাব বুলি মই মতপোষণ কৰি আহিছো৷ কেৱল এটা পদক্ষেপ লোৱাৰ প্ৰয়োজন৷ এয়াই সেই যোজনাসমূহতো হৈছে৷ চৰকাৰে কেৱল এটা পদক্ষেপ গ্ৰহণ কৰিছে আৰু বাকী কাম সমাজে নিজেই কৰিছে৷ এই যোজনাসমূহৰ পৰিণাম এয়াই হ’ল যে আজি মহিলা স্বাস্থ্যত অতুলনীয় উত্থান হৈছে৷ কন্যাৰ সংখ্যা বৃদ্ধি হৈছে৷ বিদ্যালয়সমূহত পৃথক শৌচাগাৰ নিৰ্মাণ হোৱাৰ ফলত এতিয়া কন্যাসকলে বিদ্যালয় পৰিত্যাগ কৰিবলগীয়া নহয়৷ সুৰক্ষিত মাতৃত্ব অভিযানৰ দ্বাৰা মাতৃ আৰু শিশু, দুয়োৰে জীৱনৰ পৰা বিপদ বহুলাংশে হ্ৰাস হৈছে৷ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত দেশৰ ১ কোটি ২০ লাখ মহিলাক প্ৰায় ৫ হাজাৰ কোটি টকা চৰকাৰৰ দ্বাৰা প্ৰত্যক্ষভাৱে তেওঁলোকৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হৈছে৷ মিছন ইন্দ্ৰধনুশৰ অধীনত ৩ কোটি ৫০ লাখ শিশু আৰু প্ৰায় ৯০ লাখতকৈও অধিক গৰ্ভৱতী মহিলাৰ টীকাকৰণ কৰা হৈছে৷ জন ঔষধি যোজনাৰ লাভ সমাজৰ সকলো শ্ৰেণীয়ে লাভ কৰিছে, দুখীয়া আৰু মধ্যবিত্তসকলেও লাভ কৰিছে৷ ইয়াতো আমাৰ কন্যা, ভগ্নীসকল বিশেষভাৱে উপকৃত হৈছে৷ আজিৰ এই কাৰ্যসূচীতো অনেক ভগ্নী জড়িত হৈছে৷ বজাৰত ১০ টকাত উপলব্ধ ছেনিটেৰী পেড আজি জন ঔষধি কেন্দ্ৰত মাত্ৰ ১ টকাত উপলব্ধ হৈছে৷ আপোনালোকৰ মনত আছে যে নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মই কৈছিলো যে জন ঔষধি কেন্দ্ৰত আঢ়ৈ টকাৰ পেডৰ মূল্য এক টকা কৰা হ’ব৷ এই প্ৰতিশ্ৰুতি প্ৰথম ১০০টা দিনতেই পূৰণ কৰা হ’ল৷ এই ছেনিটেৰী নেপকিন সস্তাও আৰু পৰিবেশ অনুকূলো৷ আপুনি অধিক সংখ্যক কন্যাক ইয়াৰ লাভ যোগানত ব্ৰতী হৈছে৷ ভোলে বাবাই আপোনাক শক্তি, সামৰ্থ, সুস্বাস্থ্য প্ৰদান কৰক, এয়াই মোৰ কামনা৷
প্ৰশ্ন-৫ নমস্কাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া! মোৰ নাম গুলাম নবী ডাৰ৷ মই জম্মু কাশ্মীৰৰ পুলৱামাত থাকো৷ মোৰ বয়স ৭৪ বছৰ৷ মোৰ থাইৰয়ড, ৰক্তচাপ, গেষ্ট্ৰিকৰ সমস্যা আছে৷ মোক চিকিৎসকে নিৰন্তৰে ঔষধ গ্ৰহণ কৰি থকাৰ পৰামৰ্শ প্ৰদান কৰিছে৷ পূৰ্বে বজাৰৰ পৰা ঔষধ কিনিছিলো কিন্তু বিগত আঢ়ৈ বছৰৰ পৰা জন ঔষধি কেন্দ্ৰৰ পৰা গ্ৰহণ কৰি আছো৷ মোৰ মাহিলী উপাৰ্জন ২০-২২ হাজাৰ টকা৷ পূৰ্বে ইয়াৰ অধিকাংশ ঔষধতেই গুচি গৈছিল৷ জন ঔষধি কেন্দ্ৰৰ পৰা ঔষধ লোৱাৰ পিছত প্ৰতি মাহে ৮-৯ হাজাৰ টকাকৈ ৰাহি হৈছে৷ মই আপোনাক নিবেদন জনাইছো যে পাহাৰীয়ে এলেকাত ইয়াৰ পৰিমাণ অধিক বৃদ্ধি কৰক৷
উত্তৰ-৫ গুলাম নবী চাহাব, আপোনাৰ নামৰ মোৰ এজন নিকট বন্ধুও আছো৷ তেওঁও জম্মু-কাশ্মীৰৰেই আৰু দেশৰ স্বাস্থ্য মন্ত্ৰীও হৈছিল৷ মই তেওঁক লগ পালে আপোনাৰ বিষয়ে জনাম৷ গুলাম নবী মহোদয়, আপোনাৰ যি সমস্যা আছে তাৰবাবে নিৰন্তৰে ঔষধ খোৱাটো প্ৰয়োজন৷ জম্মু-কাশ্মীৰত জন ঔষধি যোজনাৰ অধীনত আপোনালোকৰ দৰে বন্ধুসকল উপকৃত হোৱা বুলি জানি সন্তোষ পাইছো৷ আপুনি ঠিকেই কৈছে, জম্মু-কাশ্মীৰেই হওক, উত্তৰ পূৰ্বাঞ্চলেই হওক অথবা আন পাহাৰীয়া এলেকা আৰু আদিবাসী ক্ষেত্ৰই হওক, সকলোতে জন ঔষধি কেন্দ্ৰ স্থাপন কৰিব লাগিব আৰু সকলো ঔষধ উপলব্ধ হ’ব লাগিব, এয়া সুনিশ্চিত কৰাটোও প্ৰয়োজন৷ চৰকাৰে এয়া নিৰন্তৰে প্ৰয়াস কৰি আছে৷ এতিয়া জম্মু-কাশ্মীৰ আৰু লাডাখত যি নতুন ব্যৱস্থা হৈছে তাৰ জৰিয়তে এই প্ৰকাৰৰ সুবিধাসমূহ দ্ৰুততাৰে ত্বৰান্বিত হ’ব৷ পূৰ্বে কেন্দ্ৰৰ যোজনাসমূহত ইয়াত প্ৰণয়ন কৰাটো বহু কঠিন হৈ পৰিছিল, কিন্তু এতিয়া সেই বাধা আঁতৰি গৈছে৷ চৰকাৰেও নিৰন্তৰে এয়াই প্ৰয়াস কৰি আছে৷ বিগত ডেৰ বছৰৰ পৰা জম্মু-কাশ্মীৰত অতুলনীয় গতিৰে বিকাশৰ কাম চলি আছে৷ এই সময়ছোৱাচ চাৰে তিনি লাখতকৈও অধিক লোকক আয়ুষ্মান যোজনাৰ সৈতে জড়িত কৰোৱা হৈছে, ৩ লাখ বয়স্ক, মহিলা আৰু দিব্যাংগক চৰকাৰৰ পেঞ্চন যোজনাৰ সৈতে জড়িত কৰোৱা হৈছে৷ এয়াই নহয়, পিএম আৱাস যোজনাৰ অধীনত ২৪ হাজাৰতকৈও অধিক গৃহ নিৰ্মাণ কৰা হৈছে, আঢ়ৈ লাখ শৌচালয় নিৰ্মাণ কৰা হৈছে আৰু তিনি লাখ পচিশ হাজাৰতকৈও অধিক ঘৰত বিনামূলীয়া বিদ্যুতৰ সংযোগ প্ৰদান কৰা হৈছে৷ স্বাস্থ্য সুবিধা প্ৰদানৰ দিশত তাত দুখন এইমছ আৰু চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কামো চলিব ধৰিছে৷ এতিয়া সঁচা অৰ্থতেই সকলোৰে সৈতে, সকলোৰে বিকাশ আৰু সকলোৰে বিশ্বাসৰ ভাৱনা ধৰাৰ বুকুলৈ নমাই অনা হৈছে৷
প্ৰশ্ন-৬ প্ৰধানমন্ত্ৰী মহোদয়, মোৰ নাম গীতা৷ মই কইম্বাটুৰ, তামিলনাডুৰ পৰা কৈ আছে৷ মোৰ বয়স ৬২ বছৰ৷ মই ডায়েবেটিছ আৰু হাইপাৰটেনচন ৰোগৰ চিকিৎসা কৰি আছো৷ যেতিয়াৰ পৰা মই জন ঔষধি কেন্দ্ৰৰ ঔষধ গ্ৰহণ কৰিছো, তেতিয়াৰে পৰা প্ৰতি বছৰে ৩০ হাজাৰ টকাকৈ মোৰ ৰাহি হৈছে৷ দুখীয়া আৰু মধ্যবিত্তৰ বাবে এয়া এক বৃহৎ সকাহ৷ ইয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ৷ মই নিজৰ আশে-পাশে পৰিচিত লোককো জন ঔষধিৰ ঔষধ গ্ৰহণ কৰিবলৈ জনাইছো৷ আপুনি যোগ আৰু আয়ুৰ্বেদক লৈ কথা কয়, মই এয়া জানিব বিচাৰিছো যে ডায়েবেটিছৰ দৰে ৰোগত ইয়াৰ প্ৰভাৱ কেনে?
উত্তৰ-৬ ধন্যবাদ গীতা মহোদয়া৷ আপোনাৰ যি ৰাহি হৈছে, তাৰ লাভ আনেও যাতে পায় সেয়া আপুনি সুনিশ্চিত কৰিছে৷ আপোনাৰ দৰে সজাগ নাগৰিকেই এই দেশক শক্তিশালী কৰিছে৷ আপুনি কেৱল নিজৰে নহয়, আনৰো হিতৰ বাবে চিন্তা কৰিছে, এয়াই এজন নাগৰিকৰ ৰূপত আমাৰ আটাইতকৈ ডাঙৰ কৰ্তব্য৷ প্ৰতিজন প্ৰয়োজনাৰ্থীয়ে সুলভ আৰু সহজ চিকিৎসা লাভ কৰক, এয়াই চৰকাৰৰ দায়িত্ব৷ কিন্তু চিকিৎসাৰ জালতেই যে বন্দী নহওক, ইয়াৰো প্ৰয়াস কৰিব লাগে৷ নিৰোগ হোৱাতকৈ ভাল কথাটো হ’ল নিৰোগী হৈ থকাটো৷ চৰকাৰে সেই বাবেই স্বচ্ছ ভাৰত, যোগ দিৱস, ফিট ইণ্ডিয়াৰ দৰে অভিযান এইবাবেই প্ৰচলন কৰিছে৷ চাওক, ডায়েবেটিছ আৰু হাইপাৰটেনচনৰ দৰে ৰোগসমূহ আজি দেশত দ্ৰুত গতিত বৃদ্ধি হ’বলৈ ধৰিছে৷ এই সকলোবোৰ জীৱনশৈলীৰ সৈতে জড়িত ৰোগ৷ ইয়াৰ সম্পূৰ্ণৰূপে চিকিৎসা সম্ভৱ নহ’লেও ইয়াক নিশ্চিতভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি৷ জীৱনশৈলী যেতিয়া ইয়াৰ কাৰক তেন্তে ইয়াৰ নিয়ন্ত্ৰণো আমাৰ জীৱনশৈলীতেই আছে৷ এই কাৰণতেই আমি জীৱনশৈলীত ফিটনেছ আৰু স্বাস্থ্যবিধিৰ সৈতে জড়িত অভ্যাসসমূহ গ্ৰহণ কৰিব লাগে৷ যোগে এয়াই কাম কৰে৷ যোগ আমাৰ অংগসমূহৰ সৈতে আমাৰ শ্বাস-প্ৰশ্বাসৰো ব্যায়াম৷ ই এক প্ৰকাৰে অনুশাসিত ৰূপত জীৱন নিৰ্বাহ কৰাৰ বাবে প্ৰেৰণা প্ৰদান কৰে৷ ভগ্নীসকলৰ বাবে এয়া অধিক প্ৰয়োজনীয়৷ কাৰণ ভগ্নীসকলে পৰিয়ালৰ সকলোৰে চিন্তা কৰোঁতে কৰোঁতে নিজৰ চিন্তা কৰিবলৈ পাহৰি যায়৷ এয়া ঠিক কথা নহয়৷ পৰিয়ালৰ আন সদস্যসকলৰো এয়া দায়িত্ব হোৱা উচিত যে ঘৰৰ সম্পূৰ্ণ কাম চম্ভালা ভগ্নী, মাতৃসকলক ফিটনেছৰ বাবে অনুপ্ৰেৰিত কৰিব লাগে৷
প্ৰশ্ন-৭ মহোদয়, মোৰ নাম পংকজ কুমাৰ ঝা৷ মই বিহাৰৰ মুজফ্ফৰপুৰত বাস কৰো৷ ৭ বছৰ পূৰ্বে নক্সালবাদীসকলে মোৰ গাঁৱত বোমা বিস্ফোৰণ কৰিছিল৷ ফলত মই মোৰ হাতখন হেৰুৱাবলগীয়া হ’ল৷ মই হাত হেৰুৱালো কিন্তু নিৰুৎসাহিত নহ’লো৷ এদিন বাতৰি-কাকতত মই জন ঔষধি যোজনাৰ বিষয়ে জানিবলৈ পালো আৰু ইয়াৰ সৈতে জড়িত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো৷ মই ৩ বছৰৰ পৰা এয়া কাম কৰি আছো৷ আজি জনতাৰ সেৱাও হৈছে আৰু মাহত ৪-৫ লাখ টকাৰ বিক্ৰীও হয়৷ মোৰ প্ৰশ্ন এয়াই যে দিব্যাংগসকলক অধিকতম ৰূপত এই যোজনাৰ সৈতে জড়িত কৰোৱাৰ আমি কি কৰিব পাৰো?
উত্তৰ-৭ চাওক পংকজ, পোন প্ৰথমে আপোনাক অনেক সাধুবাদ জনাইছো৷ আপোনাৰ উৎসাহ সঁচাকৈয়ে প্ৰশংসনীয়৷ আপুনি প্ৰকৃততেই জন ঔষধি ভাৱনাক প্ৰতিনিধিত্ব কৰে৷ এই যোজনা কম ব্যয়ৰ ঔষধৰ সৈতে আজি দিব্যাংগসকলসহিতে অনেক যুৱ বন্ধুৰ বাবে আত্মবিশ্বাসৰ এক সাধন হিচাপে বিবেচিত হৈছে৷ জন ঔষধি কেন্দ্ৰৰ সৈতে বিতৰণ, কোৱালিটী টেষ্টিং লেব আদি অনেক সংসাধনসমূহৰো বিস্তাৰণ হৈছে৷ য’ত সহস্ৰাধিক যুৱকে নিয়োজন লাভ কৰিছে৷ দিব্যাংগসকলৰ ক্ষেত্ৰত মই সদায়েই এটা কথা ভাবো যে তেওঁলোকৰ সামৰ্থ অধিক উন্নত ধৰণে ব্যৱহাৰ কৰিব লাগে৷ একবিংশ শতিকাত ভাৰতৰ অৰ্থব্যৱস্থাত দিব্যাংগসকলৰ কৌশল, তেওঁলোকৰ উৎপাদনশীলতাক ৰাষ্ট্ৰৰ বিকাশত অধিকতম ৰূপত অংশীদাৰীত্ব প্ৰদান কৰিব লাগে৷ ইয়াৰ ফলস্বৰূপেই বিগত ৫ বছৰত দিব্যাংগজনৰ সুবিধা আৰু তেওঁলোকৰ কৌশল বিকাশৰ বাবে ব্যাপক মনোযোগ প্ৰদান কৰা হৈছে৷ দিব্যাংগসকলক শিক্ষা, কৰ্ম সংস্থাপন আৰু আন অধিকাৰসমূহ প্ৰদান কৰাৰ বাবে গুৰুত্বপূৰ্ণ আইনসমূহ সংশোধনো কৰা হৈছে৷ নিশ্চিত ৰূপত জন ঔষধিৰ দৰে আমাৰ যোজনাসমূহত দিব্যাংগসকলক অধিকতম ৰূপত অংশীদাৰীত্ব প্ৰদানৰ সুনিশ্চিত কৰিব লাগে৷
আমাৰ মন্ত্ৰীসকল, সাংসদসকল তাত বহি আছে আৰু আপোনালোকে জন ঔষধি কেন্দ্ৰত উৎসৱৰ দৰে আয়োজন কৰিছে৷ চৰকাৰে দেশত স্বাস্থ্য সুবিধাৰ বিস্তাৰণৰ বাবে যথাসম্ভৱ প্ৰয়াস কৰিছে৷ জন ঔষধি যোজনাকো অধিক প্ৰভাৱী হিচাপে গঢ়ি তুলিবলৈ নিৰন্তৰে প্ৰয়াস হ’বলৈ ধৰিছে৷ ইয়াৰ সৈতে এয়াও প্ৰয়োজনীয় যে দেশৰ প্ৰতিজন নাগৰিকে যাতে স্বাস্থ্যৰ প্ৰতি নিজৰ দায়িত্ব বুজি পায়৷ আমি আমাৰ জীৱনত, দৈনিক জীৱনশৈলীত স্বচ্ছতা, যোগ, সন্তুলিত আহাৰ, খেল আৰু অন্য ব্যায়ামকো নিশ্চিতভাৱে স্থান দিব লাগে৷ মই পিতৃ-মাতৃসকলকো আগ্ৰহ কৰিম যে সন্তানসকলৰ অধ্যয়নৰ বাবে আপোনালোক যিমান চিন্তিত, খেল-ধেমালিৰ বাবেও তেনেদৰে আগ্ৰহী হওক৷ সন্তানসকলৰ দিনত যদি চাৰিবাৰ ঘাম নোলায় তেন্তে মাক-দেউতাক চিন্তিত হ’ব লাগে৷ ফিটনেচক লৈ আমাৰ প্ৰয়াসেই সুস্থ ভাৰতৰ সংকল্প সিদ্ধ কৰিব৷
মই পুনৰবাৰ জন ঔষধি কেন্দ্ৰৰ এই অভিযানৰ সৈতে জড়িত হোৱাৰ বাবে, যিসকলে জন ঔষধি কেন্দ্ৰ পৰিচালনা কৰি আছে, তেওঁলোককো অনেক শুভকামনা জনাইছো৷ দেশৰ কোটি কোটি জনতা ইয়াৰ সৈতে অপৰিচিত৷ মই সংবাদ মাধ্যমৰ বন্ধুসকলকো আহ্বান জনাইছো যে, এয়া মানৱতাৰ কাম, সেৱাৰ কাম, আপোনালোকে নিজৰ তৰফৰ পৰা ইয়াৰ ভৰপক প্ৰচাৰ কৰক, প্ৰসাৰ কৰক৷ আপোনালোকৰ উন্নত স্বাস্থ্যৰ মংগল কামনা কৰিছো৷ আপোনালোক সকলোকে ফাকুৱাৰ পবিত্ৰ উৎসৱ উপলক্ষে অনেক শুভকামনা জনাইছো আৰু যিদৰে মই আৰম্ভণিতে কৈছিলো যে ক’ৰনা ভাইৰাছৰ নামত ভয় খোৱাৰ প্ৰয়োজন নাই, ইয়াৰ বাবে সজাগতাৰ প্ৰয়োজন৷ উৰাবাতৰি প্ৰচাৰ কৰাৰ প্ৰয়োজন নাই৷ ইয়াত যি ‘কৰিবলগীয়া আৰু কৰিব নলগীয়া’ আছে সেইসমূহ পালন কৰক৷ এইখিনি কৰিলেই আমি বিজয়ী হৈ আগবাঢ়িব পাৰিম৷ পুনৰবাৰ সকলোলৈ অশেষ শুভকামনা থাকিল৷
অশেষ অশেষ ধন্যবাদ!
******
VRRK/VJ/MANN
(Release ID: 1605905)
Visitor Counter : 138