প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে পুনৰীক্ষণ কৰিলে কৰ’না ভাইৰাছৰ বিৰুদ্ধে প্ৰস্তুতি প্ৰক্ৰিয়া

Posted On: 03 MAR 2020 3:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিঅভিআইডি-১৯ নভেল কৰনা ভাইৰাছৰ বিৰুদ্ধে প্ৰস্তুতি প্ৰক্ৰিয়াৰ পুনৰীক্ষণ কৰে৷ ‘‘চিঅভিআইডি-১৯ নভেল কৰনা ভাইৰাছৰ বিৰুদ্ধে ব্যাপক প্ৰস্তুতি প্ৰক্ৰিয়া সম্পন্ন কৰিলো৷ বিভিন্ন মন্ত্ৰালয় আৰু ৰাজ্যসমূহে সহযোগিতাৰে কাম কৰি কৰি আছে৷ যিসকল লোকে ভাৰতৰ বাহিৰৰ পৰা দেশত উপস্থিত হৈছে আৰু তেওঁলোকৰ নিৰীক্ষণ প্ৰক্ৰিয়া আৰু চিকিৎসা সেৱা প্ৰদানৰ কাম অব্যাহত আছে৷ চিন্তা কৰাৰ কোনো কাৰণ নাই৷ আমি সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগিব, নিজকে সুৰক্ষা প্ৰদানৰ বাবে সৰু কিন্তু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব লাগিব’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

******


VRRK/ VJ/MANN



(Release ID: 1605322) Visitor Counter : 63