কেবিনেট

ভাৰত আৰু শ্ৰীলংকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা সক্ৰিয় কৰি তুলিবৰ বাবে এলায়েন্স এয়াৰলৈ পুঁজি আবণ্টনৰ বাবে কেবিনেটৰ অনুমোদন

Posted On: 05 FEB 2020 1:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত অনুষ্ঠিত কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত ভাৰত আৰু শ্ৰীলংকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় খণ্ডত বিমান সেৱা সক্ৰিয় কৰি তুলিবলৈ এয়াৰ ইণ্ডিয়াৰ ১০০ শতাংশ অংশ থকা মেছাৰ্ছ এলায়েন্স এয়াৰলৈ পুঁজি আবণ্টন কৰাৰ প্ৰস্তাৱলৈ যাৱতীয় অনুমোদন প্ৰদান কৰে। মেছাৰ্ছ এলায়েন্স এয়াৰ কৰ্তৃপক্ষই পৰিবহন সেৱাৰ বাবে ন্যূনতম ২০ খন বিমান ব্যৱহাৰ কৰা অথবা মুঠ সামৰ্থ্যৰ ২০ শতাংশ ব্যৱহাৰ কৰা, যিটোৱেই ঘৰুৱা সেৱা আগবঢ়োৱাৰ বাবে অধিক হয়, সেই পৰ্যন্ত অন্তৱৰ্তীকালীন সময়ছোৱাৰ বাবে এক বিশেষ পুঁজি আবণ্টন দিবৰ বাবে কেবিনেটে অনুমোদন জনাইছে।

উল্লেখ্য যে শ্ৰীলংকাৰ সৈতে ভাৰতে একাধিক দ্বিপাক্ষিক চুক্তি সম্পন্ন কৰিছে আৰু দুয়োখন দেশৰ মাজত সম্পৰ্ক বৃদ্ধি কৰিবলৈ ইচ্ছুক ভাৰত, তাৰ উপৰিও দুয়োখন দেশৰ জনসাধাৰণৰ মাজত যোগাযোগ বৃদ্ধি কৰিবলৈও ইচ্ছুক। এই অনুমোদনৰ পূৰ্বে পালালি আৰু বাট্টিকালোৱা বিমানবন্দৰৰ মাজত কোনো বাণিজ্যিক যাতায়াত বা যোগাযোগ নাছিল।

*********

VRRK/SC/RD



(Release ID: 1602879) Visitor Counter : 114