কেবিনেট

পিছপৰা এলেকা, সমাজৰ অৱহেলিত শ্ৰেণী আৰু সম্ভাৱনাপূৰ্ণ অগ্ৰাধিকাৰমুলক খণ্ডৰ উন্নয়নৰ প্ৰতি গুৰুত্ব আৰোপ কৰি এনইচিৰ নতুন প্ৰকল্পৰ বাবে ৩০শতাংশ আৱণ্টনত কেবিনেটৰ অনুমোদন

Posted On: 29 JAN 2020 2:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত নিম্নোলিখিত অনুমোদনসমূহ প্ৰদান কৰা হৈছেঃ-

  1. উত্তৰ-পূবাঞ্চলৰ ৰাজ্যসমূহৰ পিছপৰা এলেকা, সমাজৰ অৱহেলিত শ্ৰেণী আৰু সম্ভাৱনাপূৰ্ণ অগ্ৰাধিকাৰমুলক খণ্ডৰ উন্নয়নৰ প্ৰতি গুৰুত্ব আৰোপ কৰি উত্তৰ-পূব পৰিষদ (এনইচি) পূৰ্বৰউত্তৰ-পূব পৰিষদৰ আঁচনি অধীনত নতুন প্ৰকল্পৰ বাবে ৩০শতাংশ আৱণ্টন কৰা হয়৷ এই আবণ্টন দুটা ভাগত বিভক্ত কৰা হৈছে(ৰাজ্যই-৬০% আৰু কেন্দ্ৰই-৪০% বহন কৰিব)
  1. উত্তৰ-পূব পৰিষদৰ নির্দেশাৱলী সংস্কাৰ কৰি সহজ কৰা হৈছে৷
  1. উত্তৰ-পূব পৰিষদৰ আওতাৰ বাহিৰৰ ৰাজ্যৰ স্থানীয় চাহিদাভিত্তিক প্রকল্পৰ ক্ষেত্রত ২৫ শতাংশ ধন সংশ্লিষ্ট ৰাজ্য চৰকাৰে বহন কৰিব৷

উত্তৰ-পূব পৰিষদৰ পূৰ্বৰ আঁচনিৰ অধীনস্ত প্রকল্পসমূহে উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ অনুন্নত, প্রান্তীয় আৰু বঞ্চিত শ্রেণীৰ আর্থ-সামাজিক উন্নতিত সহায় কৰিব৷ তদূৰ সম্ভৱ ক্ষিপ্ৰতাৰে এই প্রকল্পবোৰ ৰূপায়ণ কৰা ব৷

*****

VRRK/SC/DB



(Release ID: 1601065) Visitor Counter : 114