কেবিনেট

জামনগৰস্থিত গুজৰাট আয়ুৰ্বেদ বিশ্ববিদ্যালয় চৌহদত থকা আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ ক্লাষ্টাৰসমূহক ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ মৰ্যাদা প্ৰদানত কেবিনেটৰ অনুমোদন

Posted On: 08 JAN 2020 3:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত জামনগৰস্থিত গুজৰাট আয়ুৰ্বেদ বিশ্ববিদ্যালয় চৌহদত থকা আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ ক্লাষ্টাৰসমূহক ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ মৰ্যাদা প্ৰদানেৰে () আয়ুৰ্বেদৰ স্বাতকোত্তৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান () শ্ৰী গোলাবকুনৱাৰবা আয়ুৰ্বেদ মহাবিদ্যালয় আৰু () ফাৰ্মাচী ইউনিটকে ধৰি আয়ুৰ্বেদ ফাৰ্মাচিউটিকেল ছায়েন্স আৰু মহৰ্ষি পতঞ্জলি যোগ আৰু নেচাৰথেৰাপী শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান তথা আয়ুৰ্বেদৰ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ স্বাস্থ্যভ্ৰিটা প্ৰতিষ্ঠানক একত্ৰিতকৰণত অনুমোদন জনাইছে৷

অহা অধিৱেশনত উত্থাপন হবলগীয়া এই বিধেয়কৰ জৰিয়তে জামনগৰৰ আয়ুৰ্বেদিক শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা হব৷

শেহতীয়াভাৱে ভাৰতৰ ৰাজহুৱা স্বাস্থ্য খণ্ডৰ প্ৰত্যাহ্বানবোৰ মোকাবিলা কৰাৰ বাবে দ্ৰুতগতিত বৃদ্ধি পোৱা আয়ুষ পদ্ধতিৰ গুৰুত্বক বিবেচনা কৰি প্ৰদান কৰা ৰাষ্ট্ৰীয় গুৰুত্ব প্ৰদানৰ এই ব্যৱস্থাই ৰাজহুৱা খণ্ডত আয়ুৰ্বেদ ভূমিকা অধিক বৃদ্ধি কৰিব৷ আয়ুৰ্বেদৰ শক্তিশালীকৰণে স্বাস্থ্য খণ্ডত চৰকাৰৰ ব্যয় হ্ৰাস পাব, কিয়নো ইয়াৰ প্ৰতিৰোধ আৰু আৰোগ্যৰ দৃষ্টিভংগীৰ পৰা আয়ুৰ্বেদ কম ব্যয়সাপেক্ষ৷

আয়ুৰ্বেদৰ জ্ঞান আৰু সেৱাৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধিৰ বাবে বৰ্তমান বিশ্বজুৰি ইয়াৰ চাহিদাও বাঢ়িছে৷ আয়ুৰ্বেদৰ উস হৈছে ভাৰত আৰু সেইবাবেই সমগ্ৰ বিশ্বই ভাৰতত আয়ুৰ্বেদ শিক্ষা আৰু প্ৰশিক্ষণৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অত্যাধূনিক প্ৰতিষ্ঠান হোৱাটো বিচাৰে৷ প্ৰস্তাৱিত প্ৰতিষ্ঠানটোৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ মৰ্যাদা প্ৰদানে আয়ুৰ্বেদ শিক্ষা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চাহিদা বৃদ্ধিৰ লগতে অত্যাধূনিক মুল্যায়ন পদ্ধতিৰ দৰে কেতবোৰ পাঠ্যক্ৰম গ্ৰহণেৰে ইয়াৰ মান উন্নীতকৰণত সহায় কৰিব৷ তদুপৰি, দেশে সন্মুখীন হোৱাৰ ৰাজহুৱা স্বাস্থ্যখণ্ডৰ প্ৰধান প্ৰত্যাহ্বানসমূহো মোকাবিলা কৰাৰ সম্ভাৱনীয়তা বৃদ্ধি পাব আৰু নিজা প্ৰত্যায়ন পাঠ্যক্ৰমেৰে অধিক লোকক আয়ুষৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হব৷ ই প্ৰতিষ্ঠানটোক আয়ুৰ্বেদ সেৱা সজাগতাৰ লগতে সমসাময়িক আভ্যন্তৰীণ দিশত সমন্বয় সাধনতো সহায় কৰিব৷

****

VRRK/SC/DB



(Release ID: 1600773) Visitor Counter : 103