প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 25 JAN 2020 2:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ পৰা ভাৰতৰ ৭১তম গণতন্ত্ৰ দিৱসৰ প্ৰাক্ মুহূৰ্তত টেলিফোন কল এটা লাভ কৰে৷ ইজৰাইল প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক টেলিফোনত গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে৷ দুয়োগৰাকী নেতাই নতুন বৰ্ষৰ শুভকামনাও আদান-প্ৰদান কৰে৷ দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত থকা কৌশলগত সহযোগিতাৰ সম্প্ৰসাৰণৰ বাবে মতপোষণ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখনৰ দেশৰ মাজত কৃষি, পানী আৰু ষ্টাৰ্ট-আপ আদি খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে গুৰুত্ব প্ৰদান কৰে৷ দুয়োখন দেশৰ মাজত বিমান চলাচল যাত্ৰা আৰম্ভৰ প্ৰয়াসক দুয়োগৰাকী নেতাই আদৰণি জনায়৷ টেলিফোনৰ বাৰ্তালাপত দুয়োগৰাকী নেতাই বিশ্বজনীন আৰু আঞ্চলিক বিষয়সমূহত নিজৰ মতামত প্ৰদান কৰে৷ নেতা দুগৰাকীয়ে ভৱিষ্যতলৈও বিভিন্ন ক্ষেত্ৰত পৰস্পৰক সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য প্ৰদান কৰে৷ 

*****

VRRK/KP/MANN



(Release ID: 1600628) Visitor Counter : 119