প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে ইউৰোপিয়ান উচ্চ প্ৰতিনিধি/উপাধ্যক্ষ (এইচআৰভিপি) যোছেপ ব’ৰেল ফণ্টেলেছে

Posted On: 17 JAN 2020 10:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি ইউৰোপিয়ান উচ্চ প্ৰতিনিধি/উপাধ্যক্ষ (এইচআৰভিপি) যোছেপ ব’ৰেল ফণ্টেলেছে সাক্ষাৎ কৰে৷ তেওঁ ৰায়ছিনা ডায়ল’গ ২০২০ত অংশগ্ৰহণৰ বাবে ভাৰতত উপস্থিত হৈছে৷ ১ ডিচেম্বৰ এইচআৰভিপি হিচাপে দায়িত্ব গ্ৰহণৰ পিছত এয়া ইউৰোপিয়ান সংঘৰ বাহিৰত তেওঁৰ প্ৰথমটো ভ্ৰমণ৷

প্ৰধানমন্ত্ৰীয়ে তেওঁক এই নতুন দায়িত্বৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু ৰায়ছিনা ডায়ল’গত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আৰু ইউৰোপিয়ান সংঘ হ’ল স্বভাৱগত বন্ধুৰ দৰে আৰু তেওঁ মাৰ্চ মাহত অনুষ্ঠিত হ’বলগীয়া ভাৰত-ইউৰোপিয়ান সংঘ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ বাট চাই আছে বুলি জানিবলৈ দিয়ে৷ প্ৰধানমন্ত্ৰীয়ে ইউৰোপিয়ান সংঘৰ সৈতে জলবায়ু পৰিৱৰ্তন, বাণিজ্য তথা অৰ্থনৈতিক সম্পক সুদৃঢ় কৰাৰ দিশত ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে৷

এইচআৰভিপি ব’ৰেলে আসন্ন ভৱিষ্যতত ব্ৰুছেলছত অনুষ্ঠিত হ’বলগীয়া ভাৰত-ইউৰোপিয়ান সংঘ সন্মিলনত ইউৰোপিয়ান সংঘই উদ্যোক্তাৰ ভূমিকা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে৷ তাৰোপৰি তেওঁ ইউৰোপিয়ান সংঘৰ অগ্ৰাধিকাৰ আৰু প্ৰতিশ্ৰুতিসমূহো দোহাৰে৷  


 

***

VRRK/AK/MANN



(Release ID: 1599819) Visitor Counter : 91