প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নাগৰিকত্ব সংশোধনী আইন ২০১৯ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বাৰ্তা
Posted On:
16 DEC 2019 2:28PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় নাগৰিকসকলক এইবুলি আশ্বাস প্ৰদান কৰে যে নাগৰিকত্ব সংশোধনী আইনে ভাৰতৰ কোনো ধৰ্মৰ কোনো লোককে প্ৰভাৱান্বিত নকৰে৷ টুইটাৰত প্ৰকাশ কৰা এলানি টুইটত তেওঁ এইদৰে কয়, ‘‘নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা হিংসামূলক আন্দোলন অতিশয় দুৰ্ভাগ্যজনক৷ তৰ্ক, আলোচনা আৰু মতভেদ গণতন্ত্ৰৰ অভিন্ন অংগ কিন্তু ৰাজহুৱা সম্পত্তি ধ্বংস আৰু সাধাৰণ জীৱনযাত্ৰা ব্যাহত কৰাটো কেতিয়াও আমাৰ মূল্যবোধৰ অংশ নহয়৷ সংখ্যাগৰিষ্ঠ সমৰ্থনৰ সৈতে দুয়োটা সদনতে নাগৰিকত্ব সংশোধনী আইন, ২০১৯ গৃহীত হৈছে৷ বৃহৎ সংখ্যক ৰাজনৈতিক দল আৰু সাংসদে ইয়াত সহমত প্ৰকাশ কৰিছে৷ এই আইনৰ জৰিয়তে ভাৰতৰ গ্ৰহণযোগ্যতা, সামঞ্জস্যতা, দয়া আৰু ভ্ৰাতৃত্ববোধৰ শতিকাপুৰণি পৰম্পৰা প্ৰতিফলিত হৈছে৷ মই দ্ব্যৰ্থহীনভাৱে মোৰ ভাৰতীয় নাগৰিকসকলক ক’ব খোজো যে চিএএয়ে ভাৰতৰ কোনো ধৰ্মৰ কোনো নাগৰিককে প্ৰভাৱান্বিত নকৰে৷ কোনো ভাৰতীয়ই এই সন্দৰ্ভত উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই৷ এই আইনে কেৱল সেইসকল ধৰ্মীয়ভাৱে উৎপীড়িত লোকক সুৰক্ষা প্ৰদান কৰিব যাৰ ভাৰতৰ বাহিৰে অন্য ঠাইত স্থান নাই৷ ভাৰতৰ বিকাশৰ বাবে এই সময়চোৱাত আমি সকলোৱে একত্ৰিতভাৱে থিয় দিয়াটো প্ৰয়োজন আৰু সকলো ভাৰতীয়কে, বিশেষকৈ দুখীয়া, নিপীড়িত আৰু বঞ্চিতসকলৰ সৱলীকৰণ কৰাটো প্ৰয়োজন৷ আমি কোনো বহিঃ শক্তিক আমাক দ্বিখণ্ডিত কৰাৰ বাবে তথা সম্প্ৰীতি নষ্ট কৰাৰ অৱকাশ প্ৰদান কৰিব নালাগে৷’’
***
VRRK/AK/SH/MANN
(Release ID: 1597314)
Visitor Counter : 117
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Punjabi
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam