প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পুনেৰ আইআইএছইআৰৰ বিজ্ঞানীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মতবিনিময়

Posted On: 07 DEC 2019 9:26PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্রৰ পুণেত ভাৰতীয় বিজ্ঞান শিক্ষা আৰু অনুসন্ধান প্ৰতিষ্ঠান(আইআইএছইআৰ) বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰে৷

আইআইএছইআৰৰ বিজ্ঞানীসকলে প্ৰধানমন্ত্রীক প্ৰদূষণমুক্ত বিদ্যু পাদনৰ প্ৰযুক্তি, কৃষিথণ্ডত জৈৱপ্ৰযুক্তি, প্রাকৃতিক সম্পদ অনুসন্ধানৰ বাবে নতুন নতুন সামগ্রী আৰু সঁজুলি প্ৰদৰ্শন কৰে৷ সেই সময়ত আণবিক জীৱবিদ্যা , এন্টিমাইক্রবায়াল প্ৰতিৰোধী, জলবায়ু গৱেষণা, অর্থনীতিত গাণিতিক প্ৰয়োগকে ধৰি আধুনিক প্ৰযুক্তিৰ বিভিন্ন কৌশলো উপস্থাপন কৰে বিজ্ঞানীসকলে৷

প্ৰধানমন্ত্রীয়ে বিজ্ঞানীসকলৰ তথ্যসমৃদ্ধ উপস্থাপনৰ প্ৰশংসা কৰে৷ তেওঁ ভাৰতৰ দ্রুত বিকাশত সহায় কৰা তথা নির্দিষ্ট চাহিদা পূৰণৰ লক্ষ্যৰে কম ব্যয়সাপেক্ষ প্ৰযুক্তি উদ্ভাৱনৰ বাবে বিজ্ঞানীসকলক আহ্বান জনায়৷

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্রীয়ে আইআইএছইআৰ পুণৰ চৌহদ পৰিদৰ্শন কৰে৷ তেওঁ ছাত্ৰ-ছাত্রী আৰু গৱেষকসকলৰ সৈতে মতবিনিময়ো কৰে৷ তাত তেওঁক চি-জাকৰ দ্বাৰা বিকশিত ছুপাৰ কম্পিউটাৰপৰমব্ৰহ্মও দেখুওৱা হয়। এই কম্পিউটাৰৰ ক্ষমতা ৭৯৭ টেৰাফ্লপ্ছ৷

দেশৰ বিজ্ঞানশিক্ষা আৰু গৱেষণাৰ ক্ষেত্রত ভাৰতীয় বিজ্ঞান শিক্ষা আৰু অনুসন্ধান প্ৰতিষ্ঠান এক অগ্ৰণী প্ৰতিষ্ঠান৷ প্ৰধানমন্ত্ৰীয়ে আৰক্ষীৰ মহানির্দেশকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে দুদিনীয়া কাৰ্যসুচীৰে পুণে ভ্ৰমণলৈ আহিছে৷

*****

VRRK/SH/DB




(Release ID: 1595832) Visitor Counter : 91