প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৩০কোটি ভাৰতীয়ৰ জীৱন-ধাৰণৰ মান উন্নত কৰিবলৈ যোৱা ৬মাহত কেইবাটাও সিদ্ধান্ত লোৱা হৈছেঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
30 NOV 2019 9:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোৱা ৬মাহত চৰকাৰে গ্ৰহণ কৰা কেইবাটাও সিদ্ধান্তই ১৩০কোটি ভাৰতীয়ৰ জীৱন-ধাৰণৰ মান উন্নত কৰিছে৷ তেওঁ কয় যে ‘সবকা সাথ, সবকা বিকাশ’ মন্ত্ৰৰে উজ্জীৱিত হৈ আৰু ১৩০ কোটি দেশবাসীৰ আশীৰ্বাদত চৰকাৰে দেশৰ উন্নয়ন আৰু দেশৰ জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰিবলৈ নিষ্ঠাৰে কাম কৰি আছে৷
তেওঁ কয় যে যোৱা ৬মাহত চৰকাৰে কেইবাটাও সাহসী সিদ্ধান্ত গ্ৰহণ কৰিছে, যিয়ে ভাৰতৰ উন্নয়ন, সামাজিক সৱলীকৰণক নতুন গতি দিছে আৰু দেশৰ ঐক্য-সংহতি বৃদ্ধি কৰিছে৷ তেওঁ লগতে কয়, ‘অনাগত দিনত আমি ইয়াতকৈ অধিক কাম কৰাৰ সপোন দেখিছো, যাতে আমি এখন নতুন ভাৰত নিৰ্মাণ কৰিব পাৰো৷’
******
VRRK/KP/MS
(रिलीज़ आईडी: 1595125)
आगंतुक पटल : 109