প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ব্রিকছ বাণিজ্য পৰিষদৰ পৰৱৰ্তী বৈঠকৰ পূৰ্বেই আন্তঃব্রিকছ বাণিজ্যৰ পৰিমাণ ৫০০ বিলিয়ন মার্কিন ডলাৰলৈ উন্নীত কৰাৰ ৰূপৰেখা প্ৰস্তুত কৰিছে : প্ৰধানমন্ত্রী
প্ৰধানমন্ত্রীয়ে ব্রিকছ দেশসমূহ আৰু নিউ ডেভেলপমেণ্ট বেংকক দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে গঠিত জোটত চামিল হোৱাৰ আহ্বান জনায় ব্রিকছ বাণিজ্য পৰিষদ আৰু নিউ ডেভেলপমেণ্ট বেংকৰ নেতৃবৰ্গৰ আলোচনা-চক্ৰত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 14 NOV 2019 10:23PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে অন্যান্য ব্রিকছ ৰাষ্ট্ৰপ্ৰধানসকলৰ সৈতে ব্রিকছ বাণিজ্য পৰিষদ আৰু নিউ ডেভেলপমেণ্ট বেংকৰ নেতৃবৰ্গৰ আলোচনা-চক্ৰত অংশগ্ৰহণ কৰে৷

 

এই উপলক্ষে প্ৰধানমন্ত্রীয়ে কয় যে ব্রিকছ বাণিজ্য পৰিষদৰ পৰৱৰ্তী বৈঠকৰ পূৰ্বেই ব্রিকছ দেশসমূহৰ মাজত বাণিজ্যিক লেনদেনৰ পৰিমাণ ৫০০ বিলিয়ন মার্কিন ডলাৰলৈ উন্নীত কৰাৰ এক ৰূপৰেখা প্ৰস্তুত কৰিছে। তেওঁ কয় যে এই লক্ষ্য অর্জনত ব্রিকছ দেশসমূহৰ মাজত আর্থিক সামঞ্জস্য থকা বিষয়সমূহ চিহ্নিত কৰাটো অতি জৰুৰী নিউ ডেভেলপমেণ্ট বেংক আৰু ব্রিকছ বাণিজ্য পৰিষদৰ মাজত অংশীদাৰিত্ব গঢ়ি তোলাৰ লক্ষ্যৰে যি চুক্তি স্বাক্ষৰিত হৈছে, তাৰ জৰিয়তে এই দুয়োটা প্ৰতিষ্ঠানেই উপকৃত ব৷

 

প্ৰধানমন্ত্রীয়ে ব্রিকছ দেশসমূহ আৰু নিউ ডেভেলপমেণ্ট বেংকক দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে গঠিত জোটত চামিল হোৱাৰ আহ্বান জনায় ভাৰতত নিউ ডেভেলপমেণ্ট বেংকৰ যি আঞ্চলিক কার্যালয় স্থাপনৰ কাম চলি আছে, সেয়া দ্রুতগতিত শেষ কৰাৰ অনুৰোধ জনায় প্ৰধানমন্ত্ৰীয়ে বেংকৰ এই আঞ্চলিক কার্যালয় আৰম্ভ লে অগ্রাধিকাৰমূলক ক্ষেত্রৰ চলিত প্ৰকল্পসমূহৰ ৰূপায়ণ আৰু ত্বৰান্বিত

 

ব্রিকছ বাণিজ্য পৰিষদ আৰু ডেভেলপমেণ্ট বেংকৰ মাজত পূর্ণ সহযোগিতা গঢ়ি উঠিলেই ব্রিকছ অর্থনৈতিক সহযোগিতাক আৰু অধিক শক্তিশালী কৰাৰ সপোন বাস্তবায়িত বুলি প্ৰধানমন্ত্রীয়ে মত প্ৰকাশ কৰে৷

***

VRRK/AK/DB



(Release ID: 1592324) Visitor Counter : 83