প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে কয় যে সংসদত সকলো ধৰণৰ বিষয় আলোচনা কৰিবলৈ চৰকাৰ প্ৰস্তুত
শীতকালীন অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য প্ৰদান কৰি সকলো সাংসদক সক্ৰিয়ভাৱে আলোচনাত অংশগ্ৰহণ কৰিবলৈ আহ্বান

Posted On: 18 NOV 2019 11:41AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ চলিত অধিৱেশনক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি কয় যে এই অধিৱেশনখন ৰাজ্যসভাৰ ২৫০তম অধিৱেশন হোৱাৰ লগতে ভাৰতীয় সংবিধানেও ৭০তম বৰ্ষত উপনীত হৈছে৷

প্ৰধানমন্ত্ৰীয়ে আজি সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য প্ৰদান কৰে৷

ভাৰতক উন্নতিৰ পথত আগুৱাই নিয়াত ৰাজ্যসভাৰ গুৰুত্বপূৰ্ণ অৱদান সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে৷

তেওঁ কয়, ‘‘বন্ধুসকল, এয়া ২০১৯ বৰ্ষৰ অন্তিমটো সংসদৰ অধিৱেশন আৰু ৰাজ্যসভাৰ ২৫০তম অধিৱেশন হিচাপেও গুৰুত্বপূৰ্ণ যিয়ে ভাৰতৰ উন্নতিত উল্লেখযোগ্য অৱদান আগবঢ়াইছে৷’’

২৬ নৱেম্বৰৰ দিনা ভাৰতে ৭০তম সংবিধান দিৱস পালন কৰিব৷ ১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ দিনা ভাৰতীয় সংবিধান গ্ৰহণ কৰা হৈছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সংবিধানে ভাৰতৰ ঐক্যতা, সংহতি আৰু বৈচিত্ৰতাৰ মতবাদ দাঙি ধৰিছে৷

‘’২৬ নৱেম্বৰৰ দিনা আমি ৭০তম সংবিধান দিৱস পালন কৰাৰ পৰিপ্ৰেক্ষিতত দেশে সংবিধান গ্ৰহণৰ ৭০ বৰ্ষ অতিক্ৰম কৰিলে৷ এই সংবিধানে ভাৰতৰ ঐক্যতা, সংহতি আৰু বৈচিত্ৰতাৰ মতবাদ দাঙি ধৰিছে৷ ইয়াতেই ভাৰতৰ সৌন্দৰ্য সমাহিত হৈছে৷ আৰু ইয়েই হল ভাৰতৰ চালন শক্তি৷ সংসদৰ এই অধিৱেশনৰ জৰিয়তে জনসাধাৰণে আমাৰ সংবিধানৰ ৭০তম বৰ্ষৰ বিষয়ে অৱগত হোৱা উচিত৷’’

প্ৰধানমন্ত্ৰীয়ে সাংসদসকলত পূৰ্বৰ অধিৱেশনসমূহৰ দৰে এইবাৰৰ অধিৱেশনতো সক্ৰিয়ভাৱে বিভিন্ন আলোচনাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় যাতে এই আলোচনাৰ ফলাফলৰ দ্বাৰা দেশ উপকৃত হয়৷

‘‘যোৱা কেইটামান দিনত আমি প্ৰায় সকলো দলৰ বিভিন্ন নেতাৰ সৈতে সাক্ষাৎ কৰাৰ সুবিধা লাভ কৰিছো৷ নতুন চৰকাৰ গঠন হোৱাৰ ঠিক পিছতে অনুষ্ঠিত হোৱা এই অধিৱেশনতো পূৰ্বৰ অধিৱেশনসমূহৰ দৰে সাংসদসকলৰ সক্ৰিয় অংশগ্ৰহণ হোৱাটো আৱশ্যক৷ শেষৰ অধিৱেশনটোত অতিশয় সফল আছিল৷ মই সগৌৰৱে ৰাজহুৱাভাৱে ঘোষণা কৰিব পাৰো যে এই সাফল্য কোনো চৰকাৰ অথবা ট্ৰেজাৰী বেঞ্চৰ নহয় বৰঞ্চ সমগ্ৰ সংসদৰে হয়; সকলো সদস্যই এই কৃতিত্বৰ অধিকাৰী৷

মই পুনৰবাৰ সকলো সাংসদক তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু আশা প্ৰকাশ কৰিছো যাতে এই অধিৱেশনে যাতে দেশৰ উন্নতিৰ কৰ্মসমূহ পুনৰুজ্জীৱিত কৰে৷

আমি সকলো বিষয় আলোচনা কৰিবলৈ বিচাৰিছো আৰু দেশৰ কল্যাণ তথা উন্নতিৰ বাবে এই আলোচনা অতিশয় প্ৰয়োজনীয়৷

মই সকলো সদস্যকে শুভেচ্ছা জনাইছো৷’’

*****

VRRK/VJ/MANN



(Release ID: 1592323) Visitor Counter : 72