প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১১সংখ্যক ব্ৰিকছ সন্মিলনৰ আজৰি সময়ত চীনৰ ৰাষ্ট্ৰপতি ঝি ঝিনপিঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 14 NOV 2019 5:24AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ নৱেম্বৰত ব্ৰাছিলিয়াত অনুষ্ঠিত ১১সংখ্যক ব্ৰিকছ সন্মিলনৰ আজৰি সময়ত চীন গণৰাজ্যৰ ৰাষ্ট্ৰপতি ঝি ঝিনপিঙৰ সৈতে বৈঠকত মিলিত হয়৷
ৰাষ্ট্ৰপতি ঝি ঝিনপিঙে শেহতীয়াকৈ চেন্নাইত প্ৰধানমন্ত্ৰী মোদীয়ে আয়োজন কৰা দ্বিতীয়খন অনানুষ্ঠানিক সন্মিলনৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক প্ৰশংসা কৰে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰতৰ জনসাধাৰণে তেওঁৰ প্ৰতি আগবঢ়োৱা আপ্যায়ন কেতিয়াও পাৰহৰিব নোৱাৰে৷ তেওঁ প্ৰধানমন্ত্ৰী মোদীক ২০২০ত চীনত অনুষ্ঠিত হ’বলগীয়া তৃতীয় অনানুষ্ঠানিক সন্মিলনৰ বাবে আমন্ত্ৰণ জনায়৷

তেওঁলোকে বাণিজ্য আৰু বিনিয়োগ সম্পৰ্কীয় বিষয়ত ঘনিষ্ঠ আলোচনা অব্যাহত ৰখাৰ প্ৰয়োজন আছে বুলি সন্মতি প্ৰকাশ কৰে৷ ৰাষ্ট্ৰপতি ঝি ঝিনপিঙে শ্বাংহাইত শেহতীয়াকৈ অনুষ্ঠিত চীন আমদানি-ৰপ্তানি এক্সপোত ভাৰতৰ প্ৰতিনিধি অংশগ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে৷ নেতা দুগৰাকীয়ে সন্মতি প্ৰকাশ কৰে যে বাণিজ্য আৰু অৰ্থনীতিত নতুন উচ্চ পৰ্যায়ৰ পদ্ধতি যথাসম্ভৱ সোনকালে উপলব্ধ কৰোৱা উচিত৷

তেওঁলোকে দুয়োখন ৰাষ্ট্ৰৰ মাজত অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া কুটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ প্ৰস্তুতিৰো বুজ লয়৷ দুয়োগৰাকী নেতাই দেশ দুখনৰ নাগৰিকৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰতো সহমতত উপনীত হয়৷

নেতা দুগৰাকীয়ে বিশ্ব বাণিজ্য সংস্থা, ব্ৰিকছ আৰু আৰচিইপিকে ধৰি বহুপাক্ষিক বিষয়তো মত বিনিময় কৰে৷

*******

VRRK/AK/MS



(Release ID: 1591893) Visitor Counter : 116