প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰৰাটৰ কেৱাদিয়াত চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী উপলক্ষে একতা দিৱসৰ পেৰেডৰ প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

পোষ্ট কৰা হৈছে: 31 OCT 2019 3:53PM by PIB Guwahati

মই চৰ্দাৰ পেটেল-আপোনালোকে দুয়োখন হাত ওপৰলৈ দাঙি সৰ্বশক্তিৰে -অমৰ হওক, অমৰ হওক৷

চৰ্দাৰ পেটেলঅমৰ হওক, অমৰ হওক৷

চৰ্দাৰ পেটেলঅমৰ হওক, অমৰ হওক৷

চৰ্দাৰ পেটেলঅমৰ হওক, অমৰ হওক৷

বন্ধুসকল, আমি ইতিমধ্যে চৰ্দাৰ বল্লভ ভাই পেটেলৰ চিন্তাধাৰা শুনিলো৷ তেওঁ মাত কাণত গুঞ্জৰিত হোৱা, তেওঁৰ চিন্তাধাৰাত বৰ্তমান সময়ত মহত্বতা, প্ৰতিপল দেশৰ একতা আৰু অখণ্ডতাৰ বাবে চিন্তা কৰা-এইবোৰ আজি তেওঁৰ এটা এটা শব্দ, তেওঁৰ বাণীত আমি অনুভৱ কৰিছো৷ তেওঁৰ বাণীত যি শক্তি আছিল, তেওঁৰ চিন্তাধাৰাতত যি প্ৰেৰণা আছিল, সেয়া প্ৰতিগৰাকী ভাৰতীয়ই অনুভৱ কৰিব পাৰে আৰু এইটোও বিশেষ কথা যে চৰ্দাৰ চাহাবৰ মাত তেওঁৰে সবাতোকৈ উচ্ছ প্ৰতিমাৰ সান্নিধ্যত শুনিছে৷

বন্ধুসকল, যিদৰে কোনো শ্ৰদ্ধাস্থলীলৈ আহি অসীম শান্তি পোৱা যায়, নতুন প্রাণশক্তি সঞ্চাৰিত হয়, চৰ্দাৰ চাহাবৰ কাষলৈ আহি মোৰ তেনেকুৱাই অনুভৱ হৈছে। ভাৱ হয় যেন তেওঁৰ মূর্তিৰো নিজস্ব ব্যক্তিত্ব আছে, সামর্থ্য আৰু বার্তা আছে৷ এই মূর্তি যিমান বিশাল, যিমান দূৰৰ পৰা দেখা যায় সিমানেই পবিত্ৰ! দেশৰ ভিন্ন প্রান্তৰ পৰা কৃষকে দান কৰা লোহাৰে এই মূর্তিটো নিৰ্মাণ কৰা আৰু দেশৰ সকলো প্রান্তৰ মাটিৰে ইয়াৰ আধাৰ প্ৰস্তুত হৈছে। সেইবাবে এই মূর্তিয়ে আমাৰ দেশৰ বৈচিত্র্যৰ মাজৰ ঐক্যৰ জীৱন্ত প্ৰতীক এক প্রাণৱন্ত বার্তা।

বন্ধুসকল, আজিৰ পৰা ঠিক এবছৰ পূৰ্বে বিশ্বৰ এই সর্বোচ্চ মূর্তি দেশবাসীৰ নামত উচৰ্গা কৰা হৈছিল। আজি এই মূর্তি কেৱল ভাৰতবাসীকেই নহয়, সমগ্ৰ বিশ্বক আকর্ষণ কৰাৰ লগতে প্রেৰণা যোগাইছে। আজি এই প্রেৰণাস্থলীৰ পৰা চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি অর্পণ কৰি সমগ্ৰ ৰাষ্ট্ৰই গৌৱৰ অনুভব কৰিছে। কিছু সময়ৰপূৰ্বে ৰাষ্ট্রীয় একতাৰ বার্তা পুনৰ উচ্চাৰণৰ বাবে, ঐক্যমতত উফনীত হোৱাৰ বাবে ৰান ফৰ ইউনিটিবা ৰাষ্ট্রীয় একতা দৌৰসম্পন্ন হৈছে। আমাৰ জাতীয় চৰিত্রৰ মাজতে একতাৰ বীজ আছে আৰু এই একতাই আমাৰ ভৱিষ্যতৰ সপোনবোৰ বাস্তবায়িত কৰাৰ বাবে আটাইতকৈ ডাঙৰ সম্বল; এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই দেশৰ প্ৰতিটো প্রান্তত একে সময়তে এই দৌৰৰ আয়োজন কৰা হৈছে। সকলো গাঁও-চহৰৰ আবালবৃদ্ধবনিতাই বিপুল উৎসাহেৰে এই দৌৰ কাৰ্যসূচিত অংশগ্ৰহণ কৰিছে৷ ইয়াত আজি ৰাষ্ট্রীয় একতা পেডেৰো আয়োজন কৰা হৈছে। এই বিশাল আয়োজনত অংশগ্ৰহণৰ বাবে মই প্ৰতিগৰাকী দেশবাসীক অভিনন্দন জনাইছো।

বন্ধুসকল, সমগ্ৰ বিশ্বত ভিন্ন দেশ, নানা ধর্ম, ভিন্ন ভাষাৰ লোকে ইয়াৰ সৈতে নিজকে যুক্ত কৰিছে। কিন্তু আমি কেতিয়াও পাহৰিলে নহব যে বিশ্বৰ যিকোনো দেশতে গঢ়ি উঠিছে, সেই দেশৰ জনগণৰ ঐক্যতাৰ জৰিয়তে৷ সেই ঐক্যক সুনিশ্চিত কৰিবলৈ বহু দেশে পৰিকল্পনাৰে আগুৱাই যাব লগীয়া হৈছে। ভাল হওক, বা বেয়া, ভুল বা শুদ্ধ- ইতিহাসে তাৰ বিচাৰ কৰে, কিন্তু যথাসম্ভৱ চেষ্টা কৰি চোৱা উচিত৷

কিন্তু ভাৰতৰ পৰিচয় পৃথক। ভাৰতৰ বৈশিষ্ট্যই হবৈচিত্র্যৰ মাজত ঐক্য। বৈচিত্র্যৰ মাজত ঐক্যই হল আমাৰ গর্ব, আমাৰ গৌৰব, আমাৰ গৰিমা, আমাৰ পৰিচয়। আমাৰ দেশত এই বৈচিত্র্যক উদযাপন কৰা হয়। শতিকাৰ পাছত শতিকা ধৰি বৈচিত্র্যতাই আমাৰ দেশত কোনো বিৰোধ সৃষ্টি কৰা নাই, বৰঞ্চ আমি বৈচিত্র্যৰ অন্তর্নিহিত ঐক্যৰ সামর্থ্যক অনুভৱ কৰো৷

বৈচিত্র্যৰ উদযাপন, বৈচিত্র্যৰ উৎসৱৰ মাজত অন্তৰ্নিহিত ঐক্যক স্পর্শ কৰায়, তাক উলিয়াই আনি তুলি ধৰাৰ প্রেৰণা যোগায়, পৰস্পৰৰ সৈতে যুক্ত হোৱাৰ উদ্দীপনা যোগায়, লক্ষ্যৰ লগতে উদ্দেশ্যও জড়িত থাকে আৰু গন্তব্যও পাৰ হৈ যায়।

যেতিয়া আমি দেশৰ ভিন্ন ভাষা আৰু শ শ কথিত ভাষাক লৈ গৌৰৱ কৰো, তেতিয়া শব্দাৱলী ভিন্ন হলেও আমি ভাৱৰ বন্ধনত একসূত্রে বান্ধ খাই যাঁও৷ যেতিয়া আমি নানা খাদ্যাভাস আৰু সাজ-পাৰক আমাৰ সমৃদ্ধ ঐতিহ্য বুলি ভাৱো, তেতিয়া অনায়াসে ইয়াৰ মাজত আপোনত্বৰ ভাৱেৰে ভৰি যায়। যেতিয়া আমি ভিন্ন ক্ষেত্রৰ উৎসৱত মিলিত হও, তেতিয়া সেই উৎসৱৰ আনন্দ আৰু বাঢ়ি যায় আৰু উৎসৱো নতুন ৰঙত ৰঙীণ হয়, নতুন সুবাস বিলায়৷

আমি যেতিয়া ভিন্ন ৰাজ্যৰ ঐতিহ্য, বৈশিষ্ট্য, সংস্কৃতি আৰু বৈচিত্র্যৰ আনন্দ উপভোগ কৰো, তেতিয়া মনৰ মাজত এক ভাৰতীয় ভাৱ বিকশিত হয়, গৌৰব বৃদ্ধি পায়। আমি যেতিয়া বিভিন্ন ধর্ম, সম্প্ৰদায়, তেওঁলোকৰ ঐতিহ্য আৰু আস্থাক সমানভাবে সন্মান কৰো, তেতিয়া সদ্ভাৱ আৰু সৌহার্দ্য বহু গুণ বৃদ্ধি পায়। সেই বাবে আমি প্ৰতি মুহূর্তত এই বৈচিত্র্যকে উদযাপন কৰিব লাগিব, উৎসৱৰ দৰে পালন কৰিব লাগিব, মনে-প্রাণে ইয়াৰ সৈতে যুক্ত হব লাগিবএয়াই আমাৰ সপোনৰ এক ভাৰত, শ্রেষ্ঠ ভাৰত, এয়াই হল ৰাষ্ট্ৰ নির্মাণ।

বন্ধুসকল, এই যে শক্তি, সেয়া বিশ্বৰ আৰু কোনো দেশৰ ভাগ্যত নাই। দক্ষিণ ভাৰতৰ পৰা আদি শংকৰাচার্যই উত্তৰ ভাৰতত আহি হিমালয়ৰ কোলাত বিভিন্ন মঠ স্থাপন কৰিছে। পশ্চিমবংগৰ পৰা স্বামী বিবেকানন্দ গৈ দক্ষিণ ভাৰতৰ কন্যাকুমাৰীত নতুন জ্ঞান আৰোহন কৰে৷ পাটনাত জন্ম গ্ৰহণ কৰা গুৰু গোবিন্দ সিঙে পাঞ্জাৱত গৈ দেশৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ খালছা পন্থা গঢ়ি তোলে৷ ৰামেশ্বৰমত জন্মগ্ৰহণ কৰা ডঃ এপিজে আব্দুল কালামে দিল্লীত দেশৰ সর্বোচ্চ পদত অধিষ্ঠিত হৈছিল৷ গুজৰাটৰ পোৰবন্দৰত জন্ম গ্ৰহণ কৰা মোহনদাস কৰমচাঁদ গান্ধীয়ে বিহাৰৰ চম্পাৰণত গৈ দেশক জগাই তোলাৰ কাম কৰিছে। সেই বাবে মই বিশ্বাস কৰো যে আমাৰ ঐক্যৰ এই শক্তিক নিৰন্তৰ উদযাপন কৰি যোৱাটো অতি আৱশ্যক।

একতাৰ এই শক্তি ভাৰতীয়ত্বৰ মূল প্ৰবাহ আৰু গতি৷ একতাৰ এই শক্তিয়েই প্ৰকৃতাৰ্থত ডঃ বাবাচাহেব আম্বেদকাৰৰ নেতৃত্বত ৰচিত আমাৰ সংবিধানৰ মূল প্রেৰণা-স্রোত। আমি ভাৰতৰ জনগণ’ – এই তিনি-চাৰিটা শব্দৰেই কেৱল আমাৰ সংবিধান কেৱল আৰম্ভ হোৱা নাই, হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতীয় ঐক্যৰ এই ভাৱক শব্দৰে সজাই আমাৰ চিৰ পুৰাতন সাংস্কৃতিক ইতিহাস, পৰম্পৰা, বিশ্বাসৰ প্ৰতিবিম্ব গঢ়ি তোলে।

বন্ধুসকল, মই আপোনালোকৰ ক্রীড়া জগত এটি উদাহৰণ দিও। আমি জানো, যেতিয়া গাঁৱত কোনো ক্রীড়া প্ৰতিযোগিতা হয়, তেতিয়া উভয় দলে জয়ী হোৱাৰ বাবে সমস্ত শক্তি লগাই দিয়ে। এটা দল পৰাজয় হয় আৰু আনটো দল জয়ী হয়! যিসকল জয়ী হয়, তেওঁলোকে চুবুৰী পর্যায়ত খেলে৷ যেতিয়া চুবুৰী পর্যায়ত প্ৰতিযোগিতা হয়, তেতিয়া গাঁৱৰ পৰাজিত দলৰ শ্রেষ্ঠ খেলুৱৈসকলক গাঁৱৰ দলটোতে অন্তৰ্ভূক্ত কৰা হয় আৰু গাঁৱৰ সকলো মানুহে সেই দলকে সমর্থন কৰে। এই কথা আমি জিলা আৰু ৰাজ্যিক পর্যায়ত নির্বাচিত দলৰ ক্ষেত্রতো লক্ষ্য কৰো৷ ৰাষ্ট্ৰীয় পর্যায়ত খেলাৰ সময়ত আমি প্ৰত্যেকে নিজৰ ৰাজ্যৰ খেলুৱৈৰ সমর্থন কৰো। আকৌ ৰাষ্ট্ৰীয় দলে যেতিয়া কোনো বিদেশী দলৰ সৈতে খেলে, তেতিয়া আমি প্ৰত্যেক ৰাজ্যৰ লোকক সেই দলক সমর্থন কৰো। ভাল খেলুৱৈয়ে কোন ৰাজ্যৰ, তেওঁ কোন ভাষাত কথা কয়, আমাৰ ৰাজ্যৰ দলক হৰুৱাৰ ক্ষেত্রত তেওঁৰ ভূমিকা কি আছিল সেইবোৰ বিচাৰ নকৰে৷ ভাৰতৰ ত্ৰিৰংগা কান্ধত লৈ তেওঁ যেতিয়া জয়লাভৰ পাছত উদযাপন কৰে, তেতিয়া তেওঁৰ সৈতে সকলো ভাৰতীয় আবেগত উঠলি উঠে৷ ভাৰতমাতাৰ জয় ঘোষণা কৰে। এয়াই হল ঐক্যৰ আচল শক্তি। বিদেশৰ ভূমিত পদক যয় কৰাৰ পাছত ত্ৰিৰংগা কান্ধত লৈ দৌৰা খেলুৱৈৰ বাবে কাশ্মীৰৰ পৰা কন্যাকুমাৰী, মহাৰাষ্ট্ৰৰ পৰা মণিপুৰলৈ সকলো ভাৰতীয় ৰোমাঞ্চিত হৈ উঠে তথা বিজয় উদযাপন কৰে৷

বন্ধুসকল, চৰ্দাৰ বল্লভভাই পেটেলে যেতিয়া ৫০০তকৈ অধিক দেশীয় ৰাবাববর্গৰ শাসনাধীন ৰাজ্যক ভাৰতৰ সৈতে যুক্ত কৰাৰ ভগীৰথসম কাম কৰিছিল, তেওঁৰ মাজত এই ঐক্যৰ চুম্বক শক্তি সকলো ৰাজৰাজেশ্বৰ তেওঁৰ প্ৰতি আকর্ষিত হৈছিল৷ কেইবা শ বছৰৰ দাসত্বৰ সময়তো বিভিন্ন ৰাজ্যত বিভিন্ন ধৰণৰ দাসত্ব আৰু অন্যান্য সংকট, বিভিন্ন ধৰণৰ লোভ থকা সত্ত্বেও ভাৰতৰ প্রায় সকলো প্রান্ততে যি ভাৰতীয়ত্ব প্ৰকট হৈছিল, তাৰ প্ৰমাণ হল চৰ্দাৰ চাহেবৰ একতাৰ মন্ত্রত ছত্ৰছায়াত এটাৰ পাছত এটাকৈ সকলো ৰাজ্যৰ চামিল হোৱা৷

ভাই-ভনীসকল, আমি সদায়েই মনত ৰাখিব লাগিব যে বহু শতিকাৰ পূৰ্বো সকলো ৰাজশাসিত ৰাজ্যকে ধৰি ভিন্ন ঐতিহ্য আৰু বৈচিত্র্যক সমাহিত কৰি এক ভাৰতৰ সপোন লৈ ৰাষ্ট্ৰ পুনৰুদ্ধাৰৰ সফল প্ৰচেষ্টা কৰিছিল আন এজন মহাপুৰুষে। সেই ঐতিহাসিক মহাপুৰুষৰ নাম হল চাণক্য। চাণক্যই বহু শতিকাৰ পূৰ্বে দেশক ঐক্যবদ্ধ কৰাৰ চেষ্টা কৰিছিল৷ তাৰপাছত আৰু কোনোৱে যদি এই কামত সফল হৈছিল, তেওঁ হল চৰ্দাৰ বল্লভভাই পেটেল। অন্যথা, ইংৰাজসকলে বিচাৰিছিল যে স্বাধীনতাৰ পাছত ভাৰত বিভাজিত হৈ যাওক। কিন্তু চৰ্দাৰ পেটেলে নিজৰ প্ৰনল ইচ্ছাশক্তিৰ জৰিয়তে দেশক একতাৰ ডোলেৰে ৰাষ্ট্ৰ বিৰোধী সকলো শক্তিক পৰাজিত কৰে৷

ভাই-ভনীসকল, আজি বিশ্ব মঞ্চত আমাৰ প্ৰভাৱ আৰু সদ্ভাৱ উভয়েই ক্ৰমান্বয়ে বৃদ্ধি পাইছে৷ ইয়াৰ প্ৰধান কাৰণ হল আমাৰ একতা। বৈচিত্র্যৰ মাজত ঐক্য এয়াই আমাৰ পৰিচয়। আজি সমগ্ৰ বিশ্বত ভাৰতৰ কথা মনযোগ দি শুনে। ইয়াৰ কাৰণ হকাশ্মীৰৰ পৰা কন্যাকুমাৰী, অটকৰ পৰা কটক এক ৰাষ্ট্ৰ, শ্রেষ্ঠ ৰাষ্ট্ৰ, মহান সংস্কৃতি, মহান পৰম্পৰা আৰু এয়াই আমাৰ শক্তি।

আজি ভাৰতে বিশ্বৰ বৃহৎ আর্থিক শক্তিসমূহৰ মাজত নিজৰ স্থান নিগাজী কৰিছে, নিজৰ অধিকাৰ অর্জন কৰিছে আর্থিক জগতৰ সকলো গতিবিধি, টকা, ডলাৰ অথবা পাউণ্ডৰ মাধ্যমেৰে আৱর্তিত হয়। কিন্তু ইয়াৰ অন্তৰালত প্ৰকৃত শক্তি হৰাষ্ট্রীয় একতা, দেশবাসীৰ সংকল্প, সামর্থ্য, পৰিশ্ৰম, সংকল্পক সিদ্ধ কৰাৰ বাবে অক্লান্ত পৰিশ্ৰম আৰু সাহস। বিশ্ববাসীয়ে আমাৰ এই বৈচিত্র্যক দেখিলে অবাক হয়। এই বৈচিত্র্যৰ মাজত ঐক্যক তেওঁলোকৰ বাবে যাদুৰ দৰে৷ কিন্তু প্ৰত্যেক ভাৰতীয়ৰ বাবে এই বৈচিত্র্যৰ মাজত ঐক্যই হল আমাৰ অন্তঃলীলা জীৱনধাৰাএই জীৱনধাৰা অনাদিকালৰ পৰা একাদ্ৰিক্ৰমে আমাৰ সংস্কাৰ সৰিতা হৈ আমাৰ মনমন্দিৰত প্ৰবাহিত হৈ থাকে, আমাক পুলকিত কৰি থাকে, সময়ৰ সৈতে ইয়াত নতুন নতুন মাত্রা যুক্ত হৈ থাকে। চৰ্দাৰ বল্লভভাই পেটেলৰ মনত এই জীৱনধাৰাৰ প্ৰতি অটুট আৰু অখণ্ড বিশ্বাস আছিল বাবেই তেওঁ ইয়াক মূলমন্ত্ৰ হিচাপে গণ্য কৰিছিল৷

বন্ধুসকল, একবিংশ শতিকাৰ ভাৰতত এই ঐক্যই ভাৰত বিৰোধীসকলৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান৷ মই আজি ৰাষ্ট্রীয় একতা দিৱত প্ৰতিগৰাকী দেশবাসীক দেশে সন্মুখীন হোৱা এই প্ৰত্যাহ্বানক জনাব বিচাৰো৷ বহু আহিছে আৰু বাধা পাই ঘূৰি গৈছে; ডাঙৰ ডাঙৰ সপোন আৰু উদ্দেশ্য লৈ আহিছিল। কিন্তু ব্যর্থ হৈছে। বাৰেবাৰে প্ৰমাণিত হৈছে যে, ‘হস্তী মিটতি নেহি হামাৰি!’

বাই-ভনীসকল, যিসকলে আমাৰ সৈতে যুদ্ধত জয়ী হব নোৱাৰে, তেওঁলোকে আমাৰ ঐক্যক বিঘ্নিত কৰিব বিচাৰে, আমাৰ ঐক্যক ছিদ্ৰ সৃষ্টি কৰাৰ চেষ্টা কৰে, বিচ্ছিন্নতাবাদে আমাৰ ঐক্যকে প্ৰত্যাহ্বান জনায়। শতিকাৰ পাছত শতিকা জুৰি গঢ়ি উঠা আমাৰ সামর্থ্যৰূপী একতাক প্ৰত্যাহ্বান জনায়। কিন্তু তেওঁলোকে পাহৰি যায় যে হাজাৰ হাজাৰ বছৰ ধৰি যিসকলে এই প্ৰচেষ্টা চলাই আহিছে, তেওঁলোক কোনোৱেই সফল হোৱা নাই, আমাৰ একতাক পৰাস্ত কৰিব পৰা নাই৷

সেই বাবে বন্ধুসকল, যেতিয়াই আমাৰ বৈচিত্র্যৰ মাজত ঐক্যক লৈ কোনো কথা হয়, সেই সকলো শক্তি হতাশাত ভোগে। তেওঁলোকৰ সমস্ত শক্তি বিচ্ছিন্ন হৈ পৰে। সেইবাবে ১৩০ কোটি ভাৰতীয়ক ঐক্যবদ্ধ থাকি এওঁলোকৰ সৈতে মোকাবিলা কৰিব লাগিব। আৰু এয়াই হব চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি। ৰাষ্ট্রীয় ঐক্যৰ সকলো পৰীক্ষাত আমি সফল হব লাগিব৷

বাই-ভনীসকল, চৰ্দাৰ চাহেবৰ আশীর্বাদত কেইবা সপ্তাহৰ পূৰ্বে এই শক্তিসমূহক পৰাস্ত কৰাৰ বাবে দেশে এক ডাঙৰ সিদ্ধান্ত লৈছে। বন্ধুসকল, সংবিধানৰ ৩৭০ ধাৰা জম্মু আৰু কাশ্মীৰক বিচ্ছিন্নতাবাদ আৰু সন্ত্রাসবাদৰ বাহিৰে একো দিয়া নাই৷ সমগ্ৰ দেশত জম্মু আৰু কাশ্মীৰেই একমাত্ৰ ৰাজ্য, যআত এই ৩৭০ ধাৰা জাৰি আছিল, সমগ্ৰ দেশত জম্মু আৰু কাশ্মীৰেই একমত্রা ৰাজ্য, ত বিগত তিনি দশকত সন্ত্রাসবাদৰ কৱলত প্রায় ৪০ হাজাৰ লোকৰ মৃত্যু আৰু হত্যা হৈছে। অনেক মাতৃয়ে তেওঁলোকৰ সন্তানক হেৰুৱাইছে, বহু ভনীয়ে তেওঁলোকৰ ভাইসকলক হেৰুৱালে, বহু শিশু মাউৰা হৈছে।

বন্ধুসকল, আৰু কিমান দিন দেশে নির্দোষী লোকৰ মৃত্যু দেখি থাকিব। বন্ধুসকল, বহু দশক ধৰি ভাৰতীয়ৰ মনত এই ৩৭০ ধাৰা এক অস্থায়ী প্রাচীৰ গঢ়ি তুলিছিল। আমাৰ যিসকল বাই-ভনীয়ে এই অস্থায়ী প্রাচীৰেৰ ওপাৰে থাকতেন, তাঁৰাও অসমঞ্জস ছিলেন। যে প্রাচীৰ কাশ্মীৰে বিচ্ছিন্নতাবাদ আৰু সন্ত্রাসবাদক গঢ়ি তুলিছিল, আজি চৰ্দাৰ চাহেবৰ এই সুউচ্চ মূর্তিৰ সন্মুখত থিয় হৈ শিৰ নত কৰি অত্যন্ত নম্ৰতাৰে মই চৰ্দাৰ চাহেবক হিচাপ দিছো - হে চৰ্দাৰ চাহেব, আপোনাৰ যি সপোন অসম্পূর্ণ আছিল, আজি সেই প্রাচীৰ ভাঙি দিয়া হৈছে।

বাই-ভনীসকল, চৰ্দাৰ পেটেলে কেতিয়াবা কৈছিল যে কাশ্মীৰ সমস্যা তেওঁৰ হাতত থাকিলে তাৰ সমাধানত ইমান সময় নালাগিলে হেতেন। তেওঁ দেশক সতর্ক কৰি গৈছে যে জম্মু আৰু কাশ্মীৰক সম্পূর্ণৰূপে ভাৰতত বিলীন কৰি দিয়াই হল একমাত্ৰ উপায়। আজি তেওঁৰ জন্ম বাৰ্ষিকীত তেওঁৰ এই সুউচ্চ প্ৰতিমাৰ সন্মুখত থিয় হৈ যোৱা ৫ আগষ্টত ভাৰতৰ সংসদত সংখ্যাগৰিষ্ঠৰ ভোটত ৩৭০ ধাৰা বাতিল কৰাৰ যি সিদ্ধান্ত লৈছে, চৰ্দাৰ চাহেবৰ চৰণত সেই সিদ্ধান্তক সমর্পণ কৰিছো। আমাৰ সকলোৰে সৌভাগ্য যে চৰ্দাৰ চাহেবৰ অসম্পূর্ণ স্বপ্নক বাস্তবায়িত কৰাৰ সুযোগ পাইছো। অতি আনন্দৰে কওঁ যে আজিৰ পৰাই জম্মু, কাশ্মীৰ আৰু লাডাখে এক নতুন ভৱিষ্যতৰ দিশে খোজ পেলাইছে৷

মোৰ বাই-ভনীসকল, আপোনালোকে শুনি অবাক হব যে যোৱা সপ্তাহত জম্মু আৰু কাশ্মীৰৰ ব্লক ডেভেলপমেণ্ট কাউন্সিলৰ নির্বাচনত ৯৮ শতাংশ পঞ্চায়ত প্ৰধান আৰু পঞ্চায়ত সদস্যই ভোট দিছে। ৩৭০ ধাৰাৰ বাহানা লৈ ইয়াৰ পূৰ্বে জম্মু আৰু কাশ্মীৰত এই নির্বাচন হোৱা নাছিল৷ যোৱা সপ্তাহৰ এই গণতান্ত্রিক সাফল্য জম্মু আৰু কাশ্মীৰৰ জনগণৰ ভাৰতীয় গণতন্ত্রত অংশগ্ৰহণেৰ আগ্ৰহৰ বার্তা বহন কৰিছে৷ এই বার্তা দেশৰ একতাৰ পক্ষে ইতিবাচক। এই সাফল্য মই চৰ্দাৰ চাহেবৰ চৰণত অর্পণ কৰিছো৷

এতিয়া জম্মু আৰু কাশ্মীৰৰ ৰাজনৈতিক সুস্থিৰতা আহিব। এতিয়া ব্যক্তিগত স্বার্থত চৰকাৰ গঠন কৰা আৰু ভাঙি দিয়াৰ খেলা বন্ধ হব। আঞ্চলিকতাৰ নিৰিখত বৈষম্য সৃষ্টি কৰা আৰু অভিযোগ-প্ৰতিঅভিযোগৰ খেলা বন্ধ হব। সহযোগিতামূলক যুক্তৰাষ্ট্রীয় কাঠামোৰ প্ৰকৃত উন্নয়নযাত্রা এতিয়া খোজত খোজ মিলাই আগুৱাবলৈ আৰম্ভ কৰিব৷ নতুন পথ, ৰেলপথ, স্কুল-কলেজ, হাস্পতালে জম্মু, কাশ্মীৰ আৰু লাডাখৰ জনগণক নতুন উচ্চতালৈ নিব।

বন্ধুসকল, আগষ্ট মাহত মই জাতিৰ উদ্দেশ্যে প্ৰদত্ত ভাষণত জম্মু আৰু কাশ্মীৰৰ জনগণক এটি প্ৰতিশ্রুতি দিছিলো। মই কৈছিলো যে জম্মু আৰু কাশ্মীৰ পুলিচ আৰু ৰাজ্যৰ অন্যান্য কর্মচাৰীসকলৰ অন্যান্য কেন্দ্ৰশাসিত অঞ্চলৰ কর্মচাৰীৰ সমান বেতন, ভাট্টা আৰু অন্যান্য সা-সুবিধা দিয়া হব। মই অতিশয় আনন্দিত যে আজিৰ পৰা জম্মু, কাশ্মীৰ আৰু লাডাখৰ সকলো কর্মচাৰীয়ে সপ্তম দৰমহা আয়োগৰ স্বীকৃত বেতন আৰু ভাট্টা পাব৷

বন্ধুসকল, মই অতি দায়িত্বসহকাৰে কওঁ যে জম্মু আৰু কাশ্মীৰৰ জনগণৰ মনত আস্থা গঢ়ি তলিবলৈ সার্থক প্ৰয়াস আৰম্ভ হৈছে। চৰ্দাৰ বল্লভভাই পেটেলে জম্মু, কাশ্মীৰ আৰু লাডাখক লৈ সপোন দেখিছিল এই বিষয়ে তেওঁৰ বক্তব্যক মই উদ্ধিতি দিব বিচাৰো দেশৰ একতাৰ ওপৰত প্ৰতিটো আক্ৰমণকেই আমি পৰাস্ত কৰিম, উপযুক্ত উত্তৰ দিম দেশৰ ঐক্য নষ্ট কৰা যিকোনো প্ৰচেষ্টাক। গণতান্ত্রিক শক্তি ইমান প্ৰৱল হয় আৰু গণভাৱনা ইমান শক্তিশালী হয় যে ঐক্য বিনষ্টকাৰীসকলে এই দেশত কেতিয়াও টিকি থাকিব নোৱাৰে৷

বন্ধুসকল, সদায় চাহেবৰ প্রেৰণাই সমগ্ৰ ভাৰতক আবেগিক কৰি অর্থনৈতিক আৰু সাংবিধানিক সংহতিক জোৰ দিয়াৰ পৰম্পৰাক আগুৱাই যায়। এই প্ৰচেষ্টাক বাদ দি একবিংশ শতিকাৰ বিশ্বত ভাৰতৰ শক্তিৰ কল্পনাও আমি কৰিব নোৱাৰো৷

বাই-ভনীসকল, এটা সময় আছিল, যেতিয়া উত্তৰ-পূব ভাৰত আৰু অৱশিষ্ট ভাৰতৰ মাজত অবিশ্বাস অধিক গভীৰ হৈছিল। তাৰ ভৌগোলিক আৰু আত্মিক যোগাযোগ ব্যৱস্থা উভয় ক্ষেত্রতে বাৰেবাৰে অনেক প্ৰশ্ন উঠিছিল। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে। এতিয়া উত্তৰ-পূব ভাৰতৰ বিচ্ছিন্নতা অৱশিষ্ট ভাৰতৰ সৈতে একাত্মতালৈ সলনি হৈছে৷ অনেক দশক পুৰণি সমস্যাসমূহ এতিয়া সমাধানৰ পথত আগুৱাই গৈছে। হিংসা আৰু নানা প্ৰতিবন্ধকতাৰ দীর্ঘ অমানিশাৰ পাছত এতিয়া উত্তৰ-পূর্ব ভাৰতত মুক্তিৰ সূর্য উদিত হৈছে৷ এয়া সম্ভৱ হৈছে লাঠিৰ ক্ষমতাত নহয়, সাধাৰণ মানুহৰ সৈতে আত্মিক সম্পর্ক স্থাপনৰ মাধ্যমেৰে। দেশৰ ঐক্য আৰু সংহতি ৰক্ষাৰ অন্যান্য প্ৰচেষ্টাও এক নিৰন্তৰ প্ৰক্রিয়া আৰু ই সমস্ত দেশবাসীৰে দায়িত্ব আছে৷।

বাই-ভনীসকল, এই প্ৰচেষ্টাৰ এক প্ৰতীক হল আধাৰ। ইয়াৰ মাধ্যমেৰে এক জাতি, এক পৰিচয়ক সুনিশ্চিত কৰিব বিচৰা হৈছে৷ জিএছটিৰ মাধ্যমেৰে এক জাতি, এক কৰব্যৱস্থা, -নামৰ মাধ্যমেৰে এক জাতি, এক কৃষি বজাৰ’, বিদ্যুৎ আৰু গেছৰ বাবে এক ৰাষ্ট্ৰ এক গ্রিড, যাতায়াতৰ বাবে এক জাতি এক মবিলিটী কার্ড’, ডিজিটেল যোগাযোগেৰ বাবে এক ৰাষ্ট্ৰ এক অপ্টিকেল ফাইবাৰ নেটৱর্ক’, খাদ্য সৰবৰাহ ব্যৱস্থাৰ বাবে এক ৰাষ্ট্ৰ এক ৰেচন কার্ড’ – এই সকলোবোৰ এক ভাৰত শ্রেষ্ঠ ভাৰতৰ দৃষ্টিভংগীক মজবুত কৰাৰ কাম কৰিছে।

বাই-ভনীসকল, চৰ্দাৰ চাহেবে কৈছিল যে ভাৰতৰ স্থায়িত্বৰ বাবে উদ্দেশ্যৰ ঐক্য, লক্ষ্যৰ ঐক্য আৰু প্ৰচেষ্টাৰ ঐক্যৰ সমতা থকা উচিৎ। বিগত বছৰসমূহত আমি নতুন ভাৰতত সমান উদ্দেশ্য লৈ ভাৰতৰ সামগ্রিকতাক আৰু শক্তিশালী কৰাৰ চেষ্টা কৰিছো। সাধাৰণ মানুহৰ জীৱনত ন্যূনতম চৰকাৰ আৰু অধিকতম গণঅংশীদাৰিত্বৰ মাধ্যমেৰে ভৱিষ্যতক উজ্জ্বল কৰি তোলাৰ চেষ্টা কৰিছো। আজি দেশবাসীয়ে নিজৰ অধিকাৰ সম্পর্কে যিমান সচেতন, সিমানেই নিজৰ কর্তব্য সম্পর্কে অধিক সক্রিয় আৰু সচেতন। স্বচ্ছতা আন্দোলনৰ জৰিয়তে ৰাষ্ট্রৰ প্ৰতি দায়িত্ব পালনত আপামৰ ভাৰতবাসী আগুৱাই আহিছে। আমাৰ ফিট ইণ্ডিয়া আন্দোলনক আপামৰ দেশবাসীৰ অংশগ্ৰহণ সমগ্ৰ বিশ্বই দেখিছে। জল সংৰক্ষণ আজিৰ নাগৰিকে ৰাষ্ট্রীয় কর্তব্য বুলি ভাবি লৈছে। আইন-কানুন মানি চলা এটা সময় আছিল মানুহৰ বাধ্যবাধকতা। কিন্তু আজি মানুহে নিজৰ দায়িত্ব বুলি ভাবি আইন-কানুন মানি চলে। এতিয়া প্ৰত্যেকে ঘৰৰ পৰা বাহিৰ হোৱাৰ সময়ত এক কাপোৰৰ মোনা লগত ৰাখে, যাতে প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে৷

বন্ধুসকল, মই সমগ্ৰ দেশক আহ্বান জনাইছো, আহন, আমি সেই পুৰণি মন্ত্ৰক মনত পেলাই নিজক প্রেৰণা যোগাও, সেই মন্ত্ৰটো হ– ‘সং গচ্ছ ধ্বং, সং বদ ধ্বং, সং ওহ মনাংচি জানতাম্‌

অর্থাৎ, আমি সকলো মিলি একেলগে আগুৱাই, একে স্বৰত কথা ক, এক মন লৈ আগুৱাই যাও।

বন্ধুসকল, এয়া তো একতাৰ সঠিক পথ, যি পথত আগুৱাই এক ভাৰত, শ্রেষ্ঠ ভাৰতৰ সংকল্প বাস্তবায়িত হ, নতুন ভাৰত নির্মিত হব।

অৱশেষত, পুনৰবাৰ আপোনালোক সকলোকে, সমগ্ৰ দেশক ৰাষ্ট্রীয় একতা দিৱসৰ বহুত বহুত জনাইছো। চৰ্দাৰ চাহেবৰ এই সুউচ্চ মূর্তি কেবল পর্যটনস্থলীয়েই নহয়, ই এক প্রেৰণাস্থলী। আজি চৰ্দাৰ চাহেবৰ আত্মা যতেই নাথাকক কিয়, ঐক্যৰ যি বীজ তেওঁ ৰোপণ কৰিলে, সেয়া আজি ভাৰতৰ প্ৰতিটো প্রান্তত ঐক্যৰ বটবৃক্ষ হৈ উঠিছে। আৰু তাৰ ছাঁয়াত ১৩০ কোটি জনতাৰ সপোন অংকুৰিত হৈছে। এই ঐক্য ভাৱনাৰ সামর্থত সমগ্ৰ বিশ্ব আশ্বস্ত হৈছে, এক নতুন বিশ্বাস জন্ম দিছে। চৰ্দাৰ চাহেবে ৰোপণ কৰা সেই বীজ আমাৰ পৰিশ্ৰম, সংকল্প আৰু সপোনে মাজেৰে সমৃদ্ধ কৰি তুলিব লাগিব,, জনকল্যাণৰ পৰা জগৎ কল্যাণৰ পথত আগুৱাই নিব লাগিব।

মোৰ ফালৰ পৰা পুনৰবাৰ ভাৰতবাসী আৰু ভাৰত চৰকাৰৰ ফালৰ পৰা শিৰ নত কৰি চৰ্দাৰ চাহেবৰ জন্ম বাৰ্ষিকীত সাদৰ শ্ৰদ্ধাঞ্জলি জনাইছো। আপোনালোক সকলোকে বহুত বহুত অনেক ধন্যবাদ আপোনালোক সকলোৱে দুয়ো হাত ওপৰলৈ তুলি সৰ্বশক্তিৰে মোৰ সৈতে কওঁক

ভাৰতমাতা কি - জয়!

ভাৰতমাতা কি - জয়!

ভাৰতমাতা কি - জয়!

বহুত বহুত ধন্যবাদ।

 

***

ভিআৰ কে /এছএচ/এনএছ/একে/দি বি


(ৰিলিজ আই ডি : 1591889) অতিথি কক্ষ : 246
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati