পোষ্ট কৰা হৈছে:
01 NOV 2019 10:34AM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে৷ উল্লেখ্য যে,ৰাজ্য স্বীকৃতি আইনৰ অধীনত ১৯৫৬ চনৰ ১ নৱেম্বৰত কেৰালা ৰাজ্যৰ প্ৰতিষ্ঠা হৈছিল৷
“কেৰালাৰ প্ৰতিষ্ঠা দিৱসত মই ৰাজ্যখনৰ ভাই-ভনীসকলক শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছো৷ ৰাজ্যখনৰ জনসাধাৰণে দেশলৈ উল্লেখনীয় অৱদান আগবঢ়াই আহিছে৷ মই আশা কৰিছো যে ৰাজ্যখনৰ জনসাধাৰণ সুখী আৰু সমৃদ্ধিশালী হ’ব৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷
***
VRRK/SH/MS