প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰাজ্যোৎসৱ দিৱসত কৰ্ণাটকক শুভেচ্ছা জনায়
प्रविष्टि तिथि:
01 NOV 2019 10:11AM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যোৎসৱ দিৱস উপলক্ষে কৰ্ণাটকৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে৷
ৰাজ্য স্বীকৃতি আইনৰ অধীনত ১৯৫৬ চনৰ ১ নৱেম্বৰত কৰ্ণাটক ৰাজ্য প্ৰতিষ্ঠা হৈছিল৷
দেশৰ প্ৰগতিত কৰ্ণাটকৰ অনবদ্য অৱদানৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনক অভিনন্দন জনায়৷
“কৰ্ণাটকৰ ৰাজ্যোৎসৱ দিৱস হ’ল দেশৰ প্ৰগতিলৈ কৰ্ণাটকে আগবঢ়োৱা অনবদ্য অৱদান উদযাপনৰ এটা বিশেষ দিন৷ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য আৰু জনসাধাৰণৰ উৎসাহজনক আচৰণৰ বাবে ৰাজ্যখন প্ৰসিদ্ধ৷ অনাগত ভৱিষ্যতত কৰ্ণাটক উন্নয়নৰ পথেৰে আগুৱাই যাওক, তাৰে কামনা কৰিছো৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷
***
VRRK/SH
(रिलीज़ आईडी: 1591524)
आगंतुक पटल : 66