প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


বদান্যতাৰ শ্ৰেষ্ঠতম নিদৰ্শন, মামাল্লাপুৰম সাগৰতীৰত আৱৰ্জনা বুটলিলে প্ৰধানমন্ত্ৰীয়ে

পৰিৱেশ পৰিস্কাৰ কৰি ৰখাৰ বাবে আৱৰ্জনা আৰু ব্যৱহাৰ হোৱা প্লাষ্টিক বুটলিলে প্ৰধানমন্ত্ৰীয়ে


Posted On: 12 OCT 2019 10:06AM by PIB Guwahati

এখন স্বচ্ছ ভাৰতৰ সপোন দেখা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশবাসীৰ সমূখত আন এক উদাহৰণ দাঙি ধৰিলে যে পৰিৱেশ পৰিচ্ছন্ন কৰি ৰাখিবৰ বাবে দেশৰ প্ৰতিগৰাকী ব্যক্তিয়েই তেওঁলোকৰ নিজ নিজ প্ৰচেষ্টা আগবঢ়াব লাগিব।

প্ৰধানমন্ত্ৰী মোদীয়ে আজি পুৱা আধা ঘণ্টাৰো অধিক সময় মামাল্লাপুৰম তীৰলৈ গৈ তাত পৰি থকা ব্যৱহাৰ হোৱা প্লাষ্টিক আৰু অন্যান্য আৱৰ্জনা সংগ্ৰহ কৰে।

ইয়াৰ পিছতে তেওঁ টুইটযোগে কয়, “আজি পুৱা মামাল্লাপুৰমৰ এক সমূদ্ৰতীৰত আৱৰ্জনা বুটলিলো। ৩০ মিনিটৰো অধিক সময় এই কাম কৰিলো। ইয়াৰ পিছতে এগৰাকী হোটেল কৰ্মী জয়ৰাজক এই জাবৰখিনি গতাই দিলো। আহক, আমাৰ ৰাজহুৱা স্থানবোৰ পৰিস্কাৰ পৰিচ্ছন্ন হৈ থকাটো সুনিশ্চিত কৰো আহক! তাৰ লগতে আমি সুস্থ আৰু সুস্বাস্থ্যৱান হৈ থকাটো সুনিশ্চিত কৰো আহক।

 

***

VRRK/AKP/RD



(Release ID: 1587974) Visitor Counter : 52