প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পৰ্টুগালৰ সাধাৰণ নিৰ্বাচনত বিজয়ৰ বাবে পৰ্টুগালৰ প্ৰধানমন্ত্ৰী এণ্টনিঅ’ কষ্টা আৰু তেওঁৰ পাৰ্টিড’ ছচিয়েলিষ্টাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 09 OCT 2019 12:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰ্টুগালৰ সাধাৰণ নিৰ্বাচনত বিজয়ৰ বাবে পৰ্টুগালৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত এণ্টনিঅকষ্টা আৰু তেওঁৰ পাৰ্টিডছচিয়েলিষ্টাক অভিনন্দন জ্ঞাপন কৰিছে৷  পৰ্টুগালৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত এণ্টনিঅকষ্টাইও প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে, পৰ্টুগালৰ সংসদীয় নিৰ্বাচনত ভাল প্ৰদৰ্শন আগবঢ়োৱাৰ পাৰ্টিডছচিয়েলিষ্টা আৰু মোৰ বন্ধু শ্ৰীযুত এণ্টনিঅকষ্টাক অভিনন্দন জ্ঞাপন কৰিছো৷ ভাৰত-পৰ্টুগালৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৃদ্ধিৰ লক্ষ্যৰে অনাগত দিনত কামৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিম৷

***

VRRK/AK/DB



(Release ID: 1587643) Visitor Counter : 54