কেবিনেট

কেবিনেটক এন এইচ এমৰ অধীনত প্ৰগতি তথা এন এইচ এমৰ ই পি চি তথা এম এছ জিৰ নিৰ্ণয়সমূহৰ বিষয়ে অৱগত কৰোৱা হৈছে

Posted On: 09 OCT 2019 2:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম)ৰ অধীনত প্ৰগতি তথা এন এইচ এমৰ অধিকৃত কাৰ্যক্ৰম সমিতি (ই পি চি) তথা অভিযান সঞ্চালন গোট (এম এছ জি)ৰ নিৰ্ণয়সমূহৰ বিষয়ে অৱগত কৰোৱা হয়৷

মুখ্য বিশেষত্বসমূহঃ

  • এন  আৰ এইচ এম/এন এইচ এমৰ সূচনাৰ পিছত মাতৃ মৃত্যু দৰ (এম এম আৰ), আণ্ডাৰ ফাইভ মৰ্টেলিটী ৰেট (ইউ ৫ এম আৰ) আৰু আই এম আৰত ব্যাপক হ্ৰাস পৰিলক্ষিত হৈছে৷
  • মেলেৰিয়া অধ্যূষিত দেশসমূহৰ ভিতৰতে ভাৰতে এই প্ৰত্যাহ্বান মোকাবিলা কৰাত যথেষ্ট সফলতা লাভ কৰিছে৷
  • সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মাৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী (আৰ এন টি চি পি) সৱলীকৰণ কৰা হৈছে৷ সকলো জিলাত মুঠ ১১৮০ চি বি এন টি মেচিন লগোৱা হৈছে৷
  • ২০১৮-১৯ত ৫২৭৪৪ বি-এইচ ডব্লিউ চিৰ অনুমোদন জনোৱা হৈছে যাৰ অধীনত ১৫০০০ লক্ষ্যৰ প্ৰতি ১৭১৪৯ এইচ ডব্লিউ চিৰ সঞ্চালন কৰা হৈছে৷
  • নতুন টীকাসমূহৰ মাজত টিটেনাচ আৰু বয়স্ক ডিপথেৰিয়া ভেকচিনে টিটেনাচ টক্সাইড ভেকচিনৰ স্থান গ্ৰহণ কৰিছে৷
  • ২০১৮ত ১৭খন অতিৰিক্ত ৰাজ্যত মীজেল্স-ৰুবেলা (এম আৰ) টীকাকৰণৰ অভিযান চলোৱা হৈছিল৷
  • ২০১৮-১৯ৰ সময়চোৱাত ৰোটা ভাইৰাছ ভেকচিন অতিৰিক্ত দুখন ৰাজ্যত আৰম্ভ কৰা হৈছিল৷ আজি ইয়াত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল অন্তৰ্ভুক্ত হৈছে৷
  • পোষণ অভিযানৰ অধীনত এপ্ৰিল ২০১৮ত এনিমিয়ামুক্ত ভাৰত ( এম বি) অভিযান আৰম্ভ কৰা হৈছিল৷
  • এইচ ডব্লিউ চিত উপ স্বাস্থ্যকেন্দ্ৰসমূহৰ বাবে একীকৃত ধনৰাশি ২০০০০ টকাৰ পৰা বৃদ্ধি কৰি ৫০০০০ টকা কৰা হৈছে৷
  • টিবি/কুষ্ঠ ৰোগ/মেলেৰিয়া/লা জ্বৰ আদি ৰোগৰ নিৰ্মূলৰ বাবে ৰাজ্য/সংঘ ৰাজ্য ক্ষেত্ৰ/জিলাসমূহক পুৰষ্কৃত কৰাৰ কথা ঘোষণা কৰা হৈছে৷

****

VRRK/SH/PK/MANN



(Release ID: 1587632) Visitor Counter : 92