প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিন্দা অৰ্ডাৰ্ণৰ সৈতে প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক বৈঠক

Posted On: 26 SEP 2019 6:00AM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ছেপ্তেম্বৰত নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনৰ আজৰি সময়ত নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামান্য শ্ৰীমতী জেচিন্দা অৰ্ডাৰ্ণৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ স্থিতি পৰ্যালোচনা কৰে আৰু ৰাজনৈতিক, অৰ্থনৈতিক, প্ৰতিৰক্ষা, সুৰক্ষা আৰু জনসাধাৰণৰ পৰা জনসাধাৰণলৈ সম্পৰ্ক উন্নত কৰাৰ পদক্ষেপ সন্দৰ্ভত আলোচনা কৰে৷ তেওঁলোকে ২০১৭ত মেনিলাত হোৱা পূৰ্বৰ সাক্ষাতৰ কথা স্মৰণ কৰে আৰু উল্লেখ কৰে যে নিউজীলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে ২০১৬ৰ অক্টোবৰত ভাৰত ভ্ৰমণ কৰাৰ পাছৰে পৰা নতুন প্ৰতিষ্ঠানগত ব্যৱস্থা গঠন হৈছে, যাৰ ফলস্বৰূপে দ্বিপাক্ষিক সম্পৰ্ক উন্নীত হৈছে৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনৰ সমান্তৰালকৈ ২৪ ছেপ্তেম্বৰত আয়োজিত ‘সাম্প্ৰতিক সময়ত গান্ধীৰ প্ৰাসংগিকতা’ শীৰ্ষক এক অনুষ্ঠানত আমন্ত্ৰণ ৰক্ষা কৰি অংশ লোৱাৰ বাবে নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীক প্ৰধানমন্ত্ৰী মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে৷

নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ নতুন ষ্ট্ৰেটেজিক পেপাৰ ‘ইণ্ডিয়া ২০২২-ইনভেষ্টিং ইন দ্য ৰিলেচনশ্বিপ’ৰ বিষয়ে জানিবলৈ দিয়ে৷ তেওঁ লগতে উল্লেখ কৰে যে প্ৰৱাসী ভাৰতীয় আৰু নিউজীলেণ্ডত অধ্যয়ন কৰি থকা ভাৰতীয় শিক্ষাৰ্থীসকল হ’ল দুয়োখন দেশৰ গুৰুত্বপূৰ্ণ সংযোগ সেতু আৰু ই দেশ দুখনৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক প্ৰতিফলিত কৰে৷

তেওঁলোকে পাৰস্পৰিক লাভালাভৰ গোলকীয় আৰু আঞ্চলিক সমস্যাসমূহৰ কথাও আলোচনা কৰে৷ বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ আৰু ইয়াৰ প্ৰতিৰোধৰ উপায় সন্দৰ্ভত নেতা দুগৰাকীয়ে বিস্তৃতভাৱে মতবিনিময় কৰে৷ দুয়োখন দেশে পুলৱামা আক্ৰমণ আৰু ক্ৰাইষ্টচাৰ্চ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজাৰ সংকল্প লয়৷

 

***

VRKK/AK/MS



(Release ID: 1586637) Visitor Counter : 67