প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


১২ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব কিষাণ মান ধন যোজনা

সুৰক্ষিত হ’ব অন্নদাতাৰ জীৱন

ঝাৰখণ্ডত উদ্বোধন কৰা হ’ব ৪০০খন একলব্য মডেল আবাসিক স্কুল

ৰাঁচীত নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ঝাৰখণ্ড বিধানসভাৰ নতুন ভৱন

प्रविष्टि तिथि: 09 SEP 2019 5:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ ছেপ্তেম্বৰত ঝাৰখণ্ডৰ ৰাঁচীত মুকলি কৰিব কিষাণ মান ধন যোজনা৷

আঁচনিখনে ৫কোটি ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ জীৱন সুৰক্ষিত কৰিব৷ তেওঁলোকে এই আঁচনিৰ অধীনত ৬০বছৰ বয়সৰ পাছত মাহিলী ৩,০০০টকাকৈ লাভ কৰিব৷

পৰৱৰ্তী তিনি বছৰৰ বাবে আঁচনিখনৰ ব্যয় ১০,৭৭৪কোটি টকা ধাৰ্য কৰা হৈছে৷

১৮ৰ পৰা ৪০বছৰ বয়সৰ সকলো ক্ষুদ্ৰ আৰু উপান্ত কৃষকে আঁচনিখনৰ বাবে আবেদন কৰিব পাৰে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে ৪০০খন একলব্য মডেল আবাসিক স্কুলো উদ্বোধন কৰিব৷ এই স্কুলসমূহে জনজাতি অধ্যুষিত অঞ্চলত উন্নত মানৰ উচ্চ প্ৰাথমিক, ছেকেণ্ডাৰী আৰু ছিনিয়ৰ ছেকেণ্ডাৰী পৰ্যায়ৰ শিক্ষা আগবঢ়াব৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ড বিধানসভাৰ নতুন ভৱন মুকলি কৰাৰ লগতে ৰাঁচীত সচিবালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰিব৷

ভ্ৰমণকালত তেওঁ ছাহেবগঞ্জত মাল্টি-মডেল টাৰ্মিনেলো মুকলি কৰিব৷

*********

 

VRRK/KP/MS


(रिलीज़ आईडी: 1585252) आगंतुक पटल : 131
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Tamil , Kannada