প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী আৰু নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী অলিয়ে মুকলি কৰিলে মতিহাৰী-আমলেখগঞ্জ (নেপাল)ৰ পাইপলাইন

Posted On: 10 SEP 2019 2:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী মোদী আৰু নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী অলিয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে ক্ৰ’ছ-বৰ্ডাৰ পেট্ৰ’লিয়াম সামগ্ৰীৰ পাইপলাইন মুকলি কৰে৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী কে পি শৰ্মা অলিয়ে আজি যুটীয়াভাৱে ভিডিঅ’ কনফাৰেন্সযোগে ভাৰতৰ মতিহাৰীৰ পৰা নেপালৰ আমলেখগঞ্জলৈ দক্ষিণ এছিয়াৰ প্ৰথমটো ক্ৰ’ছ-বৰ্ডাৰ পেট্ৰ’লিয়াম সামগ্ৰীৰ পাইপলাইন মুকলি কৰে৷

এই সন্দৰ্ভত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী অলিয়ে এই গুৰুত্বপূৰ্ণ প্ৰকল্পটোৰ নিৰ্ধাৰিত সময়ৰ পূৰ্বে সমাপ্ত হোৱাৰ পৰিপ্ৰেক্ষিতত নিজৰ সন্তুষ্টি ব্যক্ত কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৬৯ কিলোমিটাৰৰ মতিহাৰী-আমলেখগঞ্জ পাইপলাইনৰ প্ৰতি বছৰে ২ মেট্ৰিকটন বহন ক্ষমতা আছে আৰু ই নেপালক ব্যয়সাধ্য মূল্যত পৰিষ্কাৰ পেট্ৰ’লিয়াম যোগান ধৰিবলৈ সক্ষম হ’ব৷ প্ৰধানমন্ত্ৰী অলিয়ে নেপালত পেট্ৰ’লিয়ামৰ সামগ্ৰীৰ মূল্য প্ৰতি লিটাৰত ২ টকাকৈ হ্ৰাস কৰা ঘোষণাক প্ৰধানমন্ত্ৰী মোদীয়ে আদৰণি জনায়৷

উচ্চ ৰাজনৈতিক পৰ্যায়ত নিয়মীয়া বিনিময়ৰ দ্বাৰা ভাৰত-নেপালৰ মিত্ৰতাৰ লক্ষ্য প্ৰসাৰিত হ’ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে৷ ভাৰত আৰু নেপালৰ মাজত এই দ্বিপাক্ষিক সম্পৰ্ক ভৱিষ্যতে আৰু অধিক সুদৃঢ় হোৱাৰ লগতে অন্য ক্ষেত্ৰসমূহলৈও সম্প্ৰসাৰিত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰী অলিয়ে প্ৰধানমন্ত্ৰী মোদীক নেপাল ভ্ৰমণলৈ নিমন্ত্ৰণ জনায় আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক স্বীকাৰ কৰে৷

 

*****

VRRK/VJ/MANN



(Release ID: 1584937) Visitor Counter : 90