প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সংসদ ভৱন চৌহদত ডাইনেমিক আলোকসজ্জাৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 13 AUG 2019 8:45PM by PIB Guwahati

ভাৰতে স্বাধীনতা দিৱসৰ বাবে চলোৱা প্ৰস্তুতিৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ৰ ১৩ আগষ্ট, মঙলবাৰে সন্ধিয়া সংসদ ভৱন চৌহদত ডাইনেমিক আলোকসজ্জা উদ্বোধন কৰে৷ প্ৰধানমন্ত্ৰীয়ে লগতে কিছু সময় সেই আলোকসজ্জা প্ৰত্যক্ষ কৰে৷ চৰকাৰৰ গুৰুত্বপূৰ্ণ ভৱন যেনে-নৰ্থ ব্লক, ছাউথ ব্লক আৰু ৰাষ্ট্ৰপতি ভৱনত এই আলোকসজ্জাৰ ব্যৱস্থা কৰা হৈছে৷ এই আলোকসজ্জা নাগৰিকসকলৰ মাজত জনপ্ৰিয় হোৱাৰ লগতে ই দিল্লীৰ হাৰ্টসদৃশ অঞ্চলসমূহ পৰিদৰ্শনৰ বাবে জনসাধাৰণক উৎসাহিত কৰিছে৷

*****

VRRK/VJ/SBP/DB


(Release ID: 1582072)