ৰাষ্ট্ৰপতি সচিবালয়
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোৱিন্দৰ ৭৩তম স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধ্যাত ৰাষ্ট্ৰক উদ্দেশ্যি প্ৰদান কৰা ভাষণ
Posted On:
14 AUG 2019 7:39PM by PIB Guwahati
মোৰ মৰমৰ দেশবাসী,
নমস্কাৰ
১. ৭৩তম স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধ্যাত আপোনালোক সকলোলৈ মোৰ অশেষ শুভকামনা যাচিছো!
এই স্বাধীনতা দিৱস ভাৰত-মাতৃৰ সকলো সন্তানৰ বাবে অতিশয় সুখৰ দিন, তেওঁ লাগিলে দেশতেই থাকক বা বিদেশতেই থাকক৷ আজিৰ দিনটোত আমাৰ সকলোৰে দেশপ্ৰেম অধিক গভীৰ হয়৷ এই উপলক্ষে আমি আমাৰ সেই অসংখ্য স্বতন্ত্ৰ সেনানী তথা মুক্তিযোদ্ধাসকলক কৃতজ্ঞতাৰে স্মৰণ কৰো, তেওঁলোকে আমাক স্বাধীনতা প্ৰদান কৰাৰ বাবে সংঘৰ্ষ, ত্যাগ আৰু বলিদানৰ মহান আদৰ্শ দাঙি ধৰিছিল৷
২. স্বাধীন দেশৰ ৰূপত ৭২ বছৰৰ আমাৰ এই পৰিক্ৰমাই আজি এক বিশেষ স্থিতিত প্ৰৱেশ কৰিছে৷ কিছু সপ্তাহৰ পিছত ২ অক্টোবৰত আমি ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ ১৫০তম জন্ম জয়ন্তী পালন কৰিম৷ গান্ধীজী আমাৰ স্বতন্ত্ৰতা সংগ্ৰামৰ মহানায়ক আছিল৷ তেওঁ আমাৰ সমাজক সকলো প্ৰকাৰৰ অন্যায়ৰ পৰা মুক্ত কৰাৰ প্ৰয়াসত পথ প্ৰদৰ্শক হিচাপে থিয় দিছিল৷
৩. গান্ধীজীৰ পথ প্ৰদৰ্শন আজিও সিমানেই প্ৰাসংগিক হৈ আছে৷ তেওঁ আমাৰ আজিৰ গুৰুতৰ প্ৰত্যাহ্বানসমূহৰ অনুমান পূৰ্বতেই কৰিবলৈ সমৰ্থ হৈছিল৷ গান্ধীজীয়ে জানিছিল যে আমি প্ৰকৃতিৰ সম্পদসমূহৰ ব্যৱহাৰ বিবেকৰ সৈতে কৰিব লাগে যাতে বিকাশ আৰু প্ৰকৃতিৰ ভাৰসাম্যতা অটুট থাকে৷ তেওঁ পৰিবেশৰ প্ৰতি সংবেদনশীলতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল আৰু প্ৰকৃতিৰ সৈতে সামঞ্জস্য স্থাপন কৰি জীৱন নিৰ্বাহ কৰাৰ শিক্ষা প্ৰদান কৰিছিল৷ বৰ্তমানে কাৰ্যকৰী হৈ থকা আমাৰ বিভিন্ন প্ৰয়াসে গান্ধীজীৰ চিন্তা-ধাৰাক যথাৰ্থ ৰূপ প্ৰদান কৰিছে৷ অনেক কল্যাণকামী কাৰ্যসূচীৰ জৰিয়তে আমাৰ দেশবাসীৰ জীৱন উন্নত কৰাৰ প্ৰয়াস কৰা হৈছে৷ সৌৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ বিশেষ গুৰুত্ব প্ৰদান কৰাটোও গান্ধীজীৰ চিন্তাৰ প্ৰতিফলন হিচাপে বিবেচিত হৈছে৷
৪. ২০১৯ৰ এই বৰ্ষটো গুৰু নানক দেৱজীৰ ৫৫০তম জয়ন্তী বৰ্ষ হিচাপে পালন কৰা হ’ব৷ তেওঁ ভাৰতৰ মহান সন্তসমূহৰ ভিতৰত অন্যতম আছিল৷ মানৱতাৰ ওপৰত তেওঁৰ প্ৰভাৱ ব্যাপক আছিল৷ শিখ মতাদৰ্শৰ সংস্থাপকৰ ৰূপত জনতাৰ হৃদয়ত তেওঁৰ বাবে যি আদৰৰ ভাৱ আছে সেয়া কেৱল আমাৰ শিখ ভাই-ভনীসকলৰ মাজতেই সীমাৱদ্ধ হৈ থকা নাই৷ ভাৰত আৰু সমগ্ৰ বিশ্বত বসবাস কৰা কোটি কোটি শ্ৰদ্ধাৱান ব্যক্তিয়ে তেওঁৰ ওপৰত গভীৰ আস্থা প্ৰকাশ কৰিছে৷ গুৰু নানক দেৱজীৰ সকলো অনুগামীক এই পবিত্ৰ জয়ন্তী বৰ্ষ উপলক্ষে অশেষ শুভকামনা জনাইছো৷
মৰমৰ দেশবাসীসকল,
৫. যি মহান প্ৰজন্মই আমাক স্বতন্ত্ৰতা প্ৰদান কৰিছিল, তেওঁলোকৰ বাবে স্বাধীনতা কেৱল ৰাজনৈতিক ক্ষমতা হস্তগত কৰাই মূল উদ্দেশ্য নাছিল৷ তেওঁলোকৰ উদ্দেশ্য আছিল প্ৰত্যেক ব্যক্তিৰে জীৱন আৰু সমাজ ব্যৱস্থা উন্নত কৰা৷
৬. এই সন্দৰ্ভত মোৰ বিশ্বাস যে জম্মু-কাশ্মীৰ আৰু লাডাখত শেহতীয়াকৈ হোৱা পৰিৱৰ্তনৰ ফলত তাৰে আৱাসীসকল অধিক উপকৃত হ’ব৷ তেওঁলোকেও সেই সমগ্ৰ অধিকাৰ আৰু সুবিধাসমূহ লাভ কৰিব পাৰিব যি দেশৰ অন্য প্ৰান্তত থকা নাগৰিকসকলে লাভ কৰি আছে৷ তেওঁলোকেও এতিয়া সমতাক উৎসাহিত কৰা প্ৰগতিশীল আইন আৰু ব্যৱস্থাপনাসমূহ ব্যৱহাৰ কৰিব পাৰিব৷ ‘শিক্ষাৰ অধিকাৰ’ আইন প্ৰণয়ন হোৱাৰ ফলত সকলো শিশুৰ বাবে শিক্ষা সুনিশ্চিত হ’ব৷ ‘তথ্যৰ অধিকাৰ’ৰ দ্বাৰা এতিয়া তাত বাস কৰা জনসাধাৰণে জন কল্যাণৰ সৈতে জড়িত তথ্য লাভ কৰিব পাৰিব; পৰম্পৰাগত ৰূপত বঞ্চিত হৈ থকা শ্ৰেণীৰ জনতাই শিক্ষা তথা চাকৰিত সংৰক্ষণ আৰু অন্যান্য সুবিধাসমূহ লাভ কৰিব পাৰিব; তিনি তালাকৰ দৰে প্ৰথা বন্ধ হৈ যোৱাৰ ফলত আমাৰ জীয়ৰীসকলে ন্যায় পাব।
৭. এই বৰ্ষৰ গ্ৰীষ্মৰ সময়চোৱাত আপোনালোক সকলো দেশবাসীয়ে সপ্তদশ সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰি বিশ্বৰ সবাতোকৈ বৃহৎ গণতান্ত্ৰিক প্ৰক্ৰিয়া সম্পন্ন কৰিছে৷ এই উপলব্ধিৰ বাবে সকলো ভোটদাতাই অভিনন্দনৰ পাত্ৰ৷ তেওঁলোকে বিপুল সংখ্যাত, অতি উত্সাহেৰে ভোটদান কেন্দ্ৰত উপস্থিত হৈছিল৷ তেওঁলোকে কেৱল নিজৰ ভোটদান প্ৰদান কৰাই নহয় বৰঞ্চ নিৰ্বাচনৰ সৈতে জড়িত নিজৰ দায়িত্বও পালন কৰিছে৷
৮. প্ৰতিটো সাধাৰণ নিৰ্বাচনত আমাৰ বিকাশ যাত্ৰাৰ এক নতুন শুভাৰম্ভ হয়৷ এই নিৰ্বাচনসমূহৰ জৰিয়তে আমাৰ দেশবাসীসকলে নিজৰ আশা আৰু বিশ্বাসক এক নতুন অভিব্যক্তি প্ৰদান কৰে৷ এই ৰাষ্ট্ৰীয় অভিব্যক্তিৰ আৰম্ভণি স্বাধীনতাৰ সেই উৎসাহৰ সৈতে আৰম্ভ হৈছিল যি অনুভৱ ১৫ আগষ্ট ১৯৪৭ চনৰ দিনা সকলো দেশবাসীয়ে কৰিছিল৷ এতিয়া এয়া আমাৰ সকলোৰে দায়িত্ব যে নিজৰ গৌৰৱশালী দেশক নতুন উন্নতিৰ পথত আগুৱাই লৈ যোৱাৰ বাবে সেই উৎসাহৰ সৈতে কান্ধত কান্ধ মিলাই আগবাঢ়িব লাগে৷
৯. মই এইটো কথাত সন্তোষ লাভ কৰিছো যে শেহতীয়াকৈ সম্পন্ন হোৱা সংসদৰ বৈঠকত লোকসভা আৰু ৰাজ্যসভা, এই দুয়োটা সদনৰেই বৈঠক যথেষ্ট সফল হৈছে৷ ৰাজনৈতিক দলসমূহৰ মাজত পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে বহুতো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰা হৈছে৷ এই সফল আৰম্ভণিৰ দ্বাৰা মোৰ মনত এই বিশ্বাসৰ ভাৱ উদয় হৈছে যে আগন্তুক পাঁচ বছৰত সংসদে এইদৰেই সফলতা লাভ কৰি যাব৷ ৰাজ্যসমূহৰ বিধানসভাসমূহেও যাতে সংসদৰ এই প্ৰভাৱী কাৰ্য সংস্কৃতি আঁকোৱালি লয় সেয়া মই বিচাৰিছো৷
১০. গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে সংসদ আৰু বিধানসভাসমূহত আদৰ্শ কাৰ্য সংস্কৃতিৰ উদাহৰণ প্ৰস্তুত কৰাটো আৱশ্যক৷ কেৱল এইবাবেই নহয় যে নিৰ্বাচিত সদস্যসকলে নিজৰ ভোটদাতাসকলৰ বিশ্বাস ৰাখিব লাগিব৷ বৰঞ্চ এই কাৰণেও যে ৰাষ্ট্ৰ নিৰ্মাণৰ অভিযানত সকলো সংস্থা আৰু হিতাধিকাৰীসকলক একত্ৰিত কৰি কাম কৰাৰ আৱশ্যকতা হয়৷ একত্ৰিত হৈ আগবঢ়াৰ এই ভাৱনাৰ ভেঁটিতেই আমি স্বাধীনতা লাভ কৰিছিলো৷ ভোটদাতা আৰু জন প্ৰতিনিধিসকলৰ মাজত, নাগৰিক আৰু চৰকাৰৰ মাজত তথা সাধাৰণ সমাজ আৰু প্ৰশাসনৰ মাজত আদৰ্শ সহযোগিতাৰ দ্বাৰাহে ৰাষ্ট্ৰ নিৰ্মাণৰ আমাৰ অভিযান আৰু অধিক শক্তিশালী হ’ব৷
১১. এই সহযোগিতাত চৰকাৰৰ ভূমিকা হ’ল জনতাক সহায় কৰা আৰু তেওঁলোকক সমৰ্থৱান হিচাপে গঢ়ি তোলা৷ এইক্ষেত্ৰত আমাৰ সংস্থাসমূহ আৰু নীতি নিৰ্মাতাসকলে নাগৰিকৰ পৰা যিবোৰ সংকেত লাভ কৰে সেই সমূহত সম্পূৰ্ণ ধ্যান কেন্দ্ৰিত কৰি দেশবাসীসকলৰ বিচাৰ তথা ইচ্ছাৰ সন্মান প্ৰদৰ্শন কৰা উচিত৷ ভাৰতৰ ৰাষ্ট্ৰপতিৰ ৰূপত মই দেশৰ বিভিন্ন স্থানলৈ ভ্ৰমণ কৰাৰ সুবিধা লাভ কৰো৷ এই ভ্ৰমণসমূহৰ সময়ত বিভিন্ন কাৰ্য-ক্ষেত্ৰৰ সৈতে জড়িত দেশবাসীসকলৰ সাক্ষাৎ লাভ কৰো৷ মই অনুভৱ কৰিছো যে ভাৰতৰ জনতাৰ ৰুচি আৰু স্বভাৱ ভিন্ন হ’লেও তেওঁলোকৰ সপোনৰ সাদৃশ্যতা আছে৷ ১৯৪৭ চনৰ পূৰ্বে সকলো ভাৰতীয়ৰ লক্ষ্য আছিল যে দেশ স্বাধীন হওক৷ আজি আমাৰ লক্ষ্য হ’ল বিকাশৰ গতি ক্ষীপ্ৰ হওক, শাসন ব্যৱস্থা কুশল আৰু পাৰদৰ্শী হওক যাতে জনসাধাৰণৰ জীৱন উন্নত হয়৷
১২. জনসাধাৰণৰ জনাদেশত তেওঁলোকৰ আকাংক্ষা স্পষ্টভাৱে প্ৰতিফলিত হয়৷ এই আকাংক্ষাসমূহ পূৰণ কৰাত চৰকাৰে নিজৰ ভূমিকা পালন কৰে৷ কিন্তু মই ভাবো যে ১৩০ কোটি ভাৰতবাসীয়ে নিজৰ কৌশল, প্ৰতিভা, উদ্যম তথা উদ্ভাৱনৰ জৰিয়তে বৃহৎ পৰিসৰত বিকাশৰ অধিক অৱকাশৰ সৃষ্টি কৰিব পাৰে৷ আমি ভাৰতবাসীসকলৰ মাজত এই ক্ষমতা অতীতৰ পৰাই বিদ্যমান৷ আমাৰ এই ক্ষমতাসমূহৰ ফলতেই আমাৰ দেশ সহস্ৰ বৰ্ষ ধৰি আগবাঢ়ি আছে আৰু ইয়াৰ সভ্যতা চাৰিওদিশে প্ৰস্ফুটিত হৈছে৷ ভাৰতৰ দীঘলীয়া ইতিহাসত আমাৰ দেশবাসীসকলে বহুবাৰ প্ৰত্যাহ্বান আৰু কঠিনতাৰ মাজেৰে অতিক্ৰম কৰিবলগীয়া হৈছে৷ এনেকুৱা কঠিন সময়তো আমাৰ সমাজে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈ আগবাঢ়িছে৷ এতিয়া পৰিস্থিতিসমূহৰ পৰিৱৰ্তন হৈছে৷ চৰকাৰে জনতাৰ আশা-আকাংক্ষাসমূহৰ পূৰণ কৰাৰ বাবে, তেওঁলোকৰ সহায়ৰ বাবে উন্নত বুনিয়াদী সুবিধা আৰু সামৰ্থ তেওঁলোকক প্ৰদান কৰিছে৷ এনেকুৱা অনুকূল বাতাৱৰণত আমাৰ দেশবাসীসকলে যি উপলব্ধি লাভ কৰিছে সেয়া আমাৰ কল্পনাৰো ঊৰ্ধত৷
১৩. দেশবাসীসকলৰ জীৱন উন্নত কৰাৰ বাবে চৰকাৰে অনেক বুনিয়াদী সুবিধা প্ৰদান কৰি আছে৷ দৰিদ্ৰৰ বাবে গৃহ নিৰ্মাণ কৰি আৰু প্ৰত্যেকখন ঘৰলৈ বিদ্যুতৰ সুবিধা প্ৰদান কৰি, শৌচালয় তথা পানীৰ সুবিধা প্ৰদান কৰি চৰকাৰে বুনিয়াদী গাঁথনি শক্তিশালী কৰি আছে৷ সকলো দেশবাসীৰ ঘৰলৈ পাইপৰ জৰিয়তে খোৱা পানী প্ৰদান, কৃষক ভাই-ভনীসকলক জলসিঞ্চনৰ বাবে পানী উপলব্ধ কৰোৱা তথা দেশৰ কোনো প্ৰান্তত বান অথবা খৰাঙৰ সমস্যাৰ কাৰ্যকৰী সমাধানৰ বাবে জলশক্তিৰ সদব্যৱহাৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে৷ জল সুৰক্ষা সুনিশ্চিত কৰাত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ সৈতে সকলো দেশবাসীৰে ভূমিকা গুৰুত্বপূৰ্ণ হ’ব৷
দেশৰ সকলো প্ৰান্তত যোগাযোগৰ সুবিধা বৃদ্ধি কৰা হৈছে৷ ইয়াৰ বাবে গাঁওসমূহক পথৰ সৈতে সংলগ্ন কৰা হৈছে আৰু উন্নত ৰাজপথ নিৰ্মাণ কৰা হৈছে৷ ৰেলযাত্ৰা সুৰক্ষিত আৰু সুবিধাজনক কৰি তোলা হৈছে৷ মেট্ৰ’ ৰে’ল সেৱাৰ জৰিয়তে অনেক চহৰত জনসাধাৰণৰ ভ্ৰমণ স্বাচ্ছন্দ্যময় কৰি তোলা হৈছে৷ সৰু চহৰসমূহকো বিমানসেৱাৰ সুবিধাৰে সংলগ্ন কৰা হৈছে৷ নতুন বন্দৰ নিৰ্মাণ কৰা হৈছে৷ লগতে চিকিৎসালয়, শিক্ষা প্ৰতিষ্ঠান, বিমানবন্দৰ, ৰে’ল ষ্টেচন, বাছ-আস্থান আৰু বন্দৰসমূহৰ আধুনিকীকৰণ কৰা হৈছে৷
সাধাৰণ জনতাৰ কল্যাণাৰ্থে বেংকিং সুবিধাক অধিক পাৰদৰ্শী তথা সমাবেশী কৰি তোলা হৈছে৷ উদ্যমীসকলৰ বাবে কৰ ব্যৱস্থা আৰু পুঁজিৰ উপলব্ধতা সহজ কৰি তোলা হৈছে৷ ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে চৰকাৰে জনসাধাৰণলৈ নাগৰিকৰ সুবিধাজনক তথা উপযোগী তথ্য প্ৰদান কৰিছে৷
১৪. চৰকাৰে বৃহৎ পৰিসৰত স্বাস্থ্য সেৱা প্ৰদান কৰি আছে৷ দিব্যাংগসকলক মূলসুঁতিৰ সৈতে জড়িত কৰোৱাৰ বাবে তেওঁলোকক বিশেষ সুবিধা প্ৰদান কৰা হৈছে৷ মহিলা সশক্তিকৰণৰ বাবে চৰকাৰে আইন আৰু ন্যায় ব্যৱস্থাত আৱশ্যকীয় সংশোধন কৰিছে৷ দেশবাসীসকলৰ জীৱন সৰল কৰি তোলাৰ বাবে অনুপযোগী আইনসমূহ বিলুপ্ত কৰা হৈছে৷
১৫. চৰকাৰৰ এই প্ৰয়াসসমূহৰ সম্পূৰ্ণ লাভ আদায় কৰাৰ বাবে আমি সকলো নাগৰিকেই সজাগ আৰু সক্ৰিয় হ’ব লাগিব৷ সমাজৰ কল্যাণৰ বাবে আৰু আমাৰ সকলোৰে নিজৰ উন্নতিৰ বাবে এয়া প্ৰয়োজনীয় যে চৰকাৰে প্ৰদান কৰা বুনিয়াদী সুবিধাসমূহৰ আমি সদব্যৱহাৰ কৰিব লাগে৷
১৬. উদাহৰণস্বৰূপে, গ্ৰামীণ পথসমূহ আৰু উন্নত সংযোগ ব্যৱস্থাৰ সম্পূৰ্ণ লাভ তেতিয়াহে আদায় হ’ব যেতিয়া আমাৰ কৃষক ভাই-ভনীসকলে সেয়া ব্যৱহাৰ কৰি বজাৰলৈ আহিব আৰু নিজৰ উপজাত সামগ্ৰীসমূহৰ উন্নত মূল্য লাভ কৰিব৷ বিত্ত আৰু ৰাজহ ক্ষেত্ৰত কৰা সংস্কাৰ আৰু ব্যৱসায়ৰ নিয়মসমূহক সৰল কৰাৰ সম্পূৰ্ণ লাভ তেতিয়াহে আদায় হ’ব যেতিয়া আমাৰ ক্ষুদ্ৰ ষ্টাৰ্ট-আপ অথবা ব্যৱসায় বৃদ্ধি হ’ব, নতুন ধৰণে আগবাঢ়িব আৰু কৰ্ম সংস্থাপনৰ সৃষ্টি হ’ব৷ প্ৰতিখন ঘৰত শৌচালয় আৰু পানী উপলব্ধ কৰোৱাৰ সম্পূৰ্ণ লাভ তেতিয়াহে আদায় হ’ব যেতিয়া এই সুবিধাসমূহৰ দ্বাৰা আমাৰ ভনী-কন্যাসকলৰ সৱলীকৰণ হ’ব আৰু তেওঁলোকৰ গৰিমা বৃদ্ধি হ’ব৷ তেওঁলোকে ঘৰৰ পৃথিৱীৰ পৰা বাহিৰলৈ ওলাই আহি নিজৰ আকাংক্ষা পূৰণ কৰক; তেওঁলোকৰ নিজৰ ইচ্ছানুসাৰে জীৱন নিৰ্বাহ কৰাৰ স্বতন্ত্ৰতা লাভ হওক; তেওঁলোকে ঘৰ পৰিচালনা কৰাত অথবা কাম কৰা মহিলাসকলৰ ৰূপত নিজৰ ভাগ্যৰ নিৰ্মাণ স্বয়ং কৰক৷
১৭. সমাজ আৰু ৰাষ্ট্ৰৰ বিকাশৰ বাবে নিৰ্মাণ কৰা আন্তঃগাঁথনিসমূহৰ সদব্যৱহাৰ কৰা আৰু সেইসমূহৰ ৰক্ষা কৰাটো আমাৰ সকলোৰে কৰ্তব্য৷ এই আন্তঃগাঁথনি ভাৰতবাসীৰ, আমাৰ সকলোৰে, কাৰণ এয়া ৰাষ্ট্ৰৰ সম্পত্তি৷ ৰাষ্ট্ৰীয় সম্পত্তিৰ ৰক্ষাও স্বাধীনতাৰ ৰক্ষাৰ সৈতে জড়িত৷ আমাৰ যি কৰ্তব্যনিষ্ঠ নাগৰিকে ৰাষ্ট্ৰীয় সম্পত্তিৰ ৰক্ষা কৰে তেওঁলোকে দেশপ্ৰেমৰ সেই ভাৱনা আৰু সংকল্পৰ পৰিচয় দিয়ে যাৰ প্ৰদৰ্শন আমাৰ সশস্ত্ৰ বাহিনী, অৰ্ধসৈনিক বাহিনী আৰু আৰক্ষী বাহিনীৰ সাহসী জোৱান আৰু সেনাসকলে দেশৰ আইন-ব্যৱস্থা বৰ্তাই ৰখাৰ বাবে তথা সীমাৰ ৰক্ষা কৰাৰ বাবে কৰে৷ ধৰি লওঁক যে কোনো দায়িত্বহীন ব্যক্তিয়ে কোনো ৰে’ল তথা অন্যান্য ৰাজহুৱা সম্পত্তিলৈ পাথৰ দলিয়াব খোজে অথবা সেয়া নষ্ট কৰিব খোজে তেন্তে তেওঁক তেনে কৰাত বাধা প্ৰদান কৰি আপুনি দেশৰ মূল্যৱান সম্পত্তি ৰক্ষা কৰিব পাৰে৷ ইয়াৰ জৰিয়তে আপুনি আইন পালন কৰাৰ লগতে নিজৰ অন্তৰাত্মাৰ আহ্বান অনুসৰি এক দায়িত্বসম্পন্ন নাগৰিকৰ ৰূপত নিজৰ কৰ্তব্যও পালন কৰে৷
মোৰ মৰমৰ দেশবাসীসকল,
১৮. যেতিয়া আমি আমাৰ দেশৰ সমাৱেশী সংস্কৃতিৰ কথা কওঁ তেতিয়া আমি সকলোৱে এয়াও লক্ষ্য ৰাখিব লাগে যে আমাৰ নিজৰ ব্যৱহাৰ কেনেকুৱা হোৱা উচিত৷ সকলো ব্যক্তিৰ সৈতে আমি এনেকুৱা সন্মানজনক ব্যৱহাৰ কৰিব লাগে যাতে তেওঁলোকৰ পৰাও একে ব্যৱহাৰেই লাভ কৰিব পাৰো৷ ভাৰতীয় সমাজ পূৰ্বৰ পৰাই সহজ আৰু সৰল তথা ‘‘জীয়াই থকা আৰু জীয়াই থাকিবলৈ দিয়া’’ সিদ্ধান্তৰ ওপৰত বিশ্বাসী৷ আমি ভাষা, মতাদৰ্শ আৰু ক্ষেত্ৰসমূহৰ সীমাৰ ঊৰ্ধলৈ গৈ পৰস্পৰে পৰস্পৰক সন্মান কৰো৷ সহস্ৰ বৰ্ষৰ ইতিহাসত ভাৰতীয় সমাজে কাচিৎহে দুৰ্ভাৱনা অথবা পূৰ্বাগ্ৰহৰ প্ৰকোপত পৰি কোনো পদক্ষেপ গ্ৰহণ কৰিছে৷ মিলিজুলি বাস কৰা, ভাতৃত্ববোধ প্ৰদৰ্শন কৰা, নিৰন্তৰ সংশোধন কৰা আৰু সমন্বয়ৰ পথত আগবঢ়া, এয়াই আমাৰ ইতিহাস আৰু ঐতিহ্যৰ বুনিয়াদী অংশ৷ আমাৰ নিয়তি তথা ভৱিষ্যত গঢ়াত এইসমূহৰো মুখ্য ভূমিকা থাকিব৷ আমি আনৰ সুস্থ বিচাৰ-ধাৰা আঁকোৱালি লৈছো আৰু সদায়েই উদাৰতাৰ পৰিচয় দিছো৷
১৯. আনবোৰ দেশৰ সৈতে আমাৰ সম্পৰ্কতো আমি সহযোগিতাৰ এই ভাৱনাৰ পৰিচয় দিছো৷ আমাৰ ওচৰত যি বিশেষ অভিজ্ঞতা আৰু যোগ্যতা আছে সেয়া সহযোগী দেশসমূহৰ সৈতে বিনিময় কৰি সুখী অনুভৱ কৰো৷ দেশতেই হওক অথবা বিদেশতেই হওক, ভাৰতৰ এই সাংস্কৃতিক মূল্যবোধক আমি সৰ্বদা গুৰুত্ব প্ৰদান কৰিব লাগিব৷
২০. ভাৰত তৰুণৰ দেশ৷ আমাৰ সমাজৰ স্বৰূপ নিৰ্ধাৰণ কৰাত তৰুণসকলৰ অংশীদাৰীত্ব নিৰন্তৰে বৃদ্ধি হ’বলৈ ধৰিছে৷ আমাৰ তৰুণসকলৰ শক্তিৰ প্ৰতিভা ক্ৰীড়াৰ পৰা আৰম্ভ কৰি বিজ্ঞানলৈ আৰু জ্ঞানৰ অন্বেষণৰ পৰা আৰম্ভ কৰি লঘূ দক্ষতালৈ বিভিন্ন ক্ষেত্ৰত প্ৰসাৰিত হৈছে৷ এয়া অতিশয় সন্তোষৰ কথা যে যুৱশক্তিৰ এই ধাৰাক উপযুক্ত দিশ প্ৰদৰ্শনৰ বাবে দেশৰ বিদ্যালয়সমূহত জিজ্ঞাসাৰ সংস্কৃতিক উৎসাহিত কৰা হৈছে৷ এয়া আমাৰ পুত্ৰ-কন্যা তথা অনাগত প্ৰজন্মৰ বাবে অমূল্য উপহাৰ হিচাপে বিবেচিত হ’ব৷ তেওঁলোকৰ আশা আৰু আকাংক্ষাৰ ওপৰত বিশেষ ধ্যান প্ৰদান কৰিব লাগিব কাৰণ তেওঁলোকৰ সপোনত আমি ভৱিষ্যতৰ ভাৰতৰ প্ৰতিচ্ছবি দেখিবলৈ পাইছো৷
মোৰ মৰমৰ দেশবাসীসকল,
২১. মোৰ বিশ্বাস যে সমাজৰ অন্তিমজন ব্যক্তিৰ বাবেও ভাৰতে নিজৰ সংবেদনশীলতা বৰ্তাই ৰাখিব; ভাৰতে নিজৰ আদৰ্শৰ স্থিতিত অটল হৈ থাকিব; ভাৰতে নিজৰ জীৱন মূল্যক সংৰক্ষিত কৰি ৰাখিব আৰু সাহসৰ পৰম্পৰা আগুৱাই নিব৷ আমি ভাৰতীয় জনতাৰ নিজৰ জ্ঞান আৰু বিজ্ঞানৰ বলত চন্দ্ৰ আৰু মঙলত উপস্থিত হোৱাৰ ক্ষমতা আছে৷ লগতে আমাৰ সংস্কৃতিৰ বিশেষত্ব এয়াই যে আমি সকলো প্ৰকৃতিৰ বাবে আৰু সকলো জীৱনৰ বাবে প্ৰেম আৰু কৰুণাৰ ভাৱ ৰাখো৷ উদাহৰণস্বৰূপে, সমগ্ৰ বিশ্বৰ বনৰীয়া বাঘৰ তিনি-চতুৰ্থাংশ আবাদীক আমি সুৰক্ষিত স্থান প্ৰদান কৰিছো৷
২২. আমাৰ স্বতন্ত্ৰতা আন্দোলনক স্বৰ প্ৰদান কৰা মহান কবি সুব্ৰমণ্য ভাৰতীয়ে এশ বছৰ পূৰ্বে যি ভাবী ভাৰতৰ কল্পনা কৰিছিল সেয়া আজিৰ আমাৰ প্ৰয়াসত বাস্তৱায়িত হোৱা দেখা গৈছে৷ তেওঁ কৈছিলঃ
मंदरम् कर्पोम्, विनय तंदरम् कर्पोम्,
वानय अलप्पोम्, कडल मीनय अलप्पोम्।
चंदिरअ मण्डलत्तु, इयल कण्डु तेलिवोम्,
संदि, तेरुपेरुक्कुम् सात्तिरम् कर्पोम्॥
অৰ্থাৎ
আমি শাস্ত্ৰ আৰু কাৰ্য কুশলতা দুয়োটাই আয়ত্ব কৰিম,
আমি আকাশ আৰু মহাসাগৰৰ সীমা জুখিম,
আমি চন্দ্ৰমাৰ প্ৰকৃতি বিশদভাৱে জানিম,
আমি সৰ্বত্ৰ স্বচ্ছতা বৰ্তাই ৰখাৰ কলা আয়ত্ব কৰিম৷৷
মোৰ মৰমৰ দেশবাসীসকল,
২৩. মোৰ কামনা এয়াই যে আমাৰ সমাৱেশী সংস্কৃতি, আমাৰ আদৰ্শ, আমাৰ কৰুণা, আমাৰ জিজ্ঞাসা আৰু আমাৰ ভাতৃত্ববোধ সদায়েই যাতে বৰ্তি থাকে৷ আৰু আমি সকলোৱে যেন এই জীৱন-মূল্যৰ প্ৰচ্ছায়াক আগুৱাই লৈ আগবাঢ়ি থাকো৷
২৪. ইয়াৰ সৈতে মই আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ অগ্ৰীম শুভকামনা প্ৰদান কৰিছো৷
ধন্যবাদ
জয় হিন্দ!
(Release ID: 1582046)
Visitor Counter : 120