কেবিনেট

নেচনেল ইন্সটিটিউট অব্ মাইনাৰ্ছ হেল্থৰ সৈতে আইচিএমআৰ- নেচনেল ইন্সটিটিউট অব্ অকুপেচনেল হেল্থৰ একত্ৰীকৰণত কেবিনেটৰ অনুমোদন প্ৰদান

Posted On: 24 JUL 2019 4:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে খনি মন্ত্ৰালয়ৰ অধীনত স্বায়ত্ব সংস্থা নেচনেল ইন্সটিটিউট অব্ মাইনাৰ্ছ (এনআইএমএইচ) বন্ধ কৰি আৰু সকলো সম্পত্তি তথা বকেয়া ৰাশিৰ সৈতে ইয়াৰ একত্ৰীকৰণ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত আইচিএমআৰ-নেচনেল ইন্সটিটিউট অব্ অকুপেচনেল হেল্থ (এনআইঅ’এইচ), আহমেদাবাদৰ একত্ৰীকৰণত অনুমোদন জনাইছে৷ কেবিনেটে এনআইএমএইচৰ সকলো কৰ্মচাৰীক সমান পদ/বেতন সহিতে এনআইঅ’এইচত সংঘবদ্ধ কৰাৰ বাবে তথা তেওঁলোকৰ বেতনৰ সুৰক্ষাৰ অনুমোদন প্ৰদান কৰিছে৷ এনআইএমএইচক বন্ধ কৰি আৰু এনআইএমএইচক এনআইঅ’এইচৰ সৈতে একত্ৰীকৰণৰ বাবে আৱশ্যকীয় পদক্ষেপ এনআইএমএইচ, আইচিএমআৰ, এনআইঅ’এইচ, খনি মন্ত্ৰালয় তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বাস্থ্য অনুসন্ধান বিভাগে গ্ৰহণ কৰিব৷

প্ৰভাৱঃ

এনআইএমএইচৰ এনআইঅ’এইচত একত্ৰীকৰণৰ দ্বাৰা দুয়োটা সংস্থাৰ সাৰ্বজনিক ধনৰ সক্ষম ব্যৱস্থাপনাৰ বাহিৰেও ব্যৱসায়িক ক্ষেত্ৰত বিশেষজ্ঞতা বৃদ্ধিত সহায়ক হ’ব৷

পৃষ্ঠভূমিঃ

ভাৰত চৰকাৰৰ দ্বাৰা ১৯৯০ চনত এনআইএমএইচৰ স্থাপন কৰা হৈছিল আৰু ইয়াক কৰ্ণাটক ছ’চাইটিজ পঞ্জীকৰণ অধিনিয়ম, ১৯৬০ৰ অন্তৰ্গত ছ’চাইটীৰ ৰূপত পঞ্জীকৃত কৰা হৈছিল৷ এনআইএমএইচৰ পঞ্জীকৃত কাৰ্যালয় কোলাৰ গ’ল্ড ফিল্ড, কৰ্ণাটকত আৰু কেন্দ্ৰীয় গৱেষণাগাৰ নাগপুৰত আছে৷ এই সংস্থাই ব্যৱসায়িক স্বাস্থ্য আৰু স্বচ্ছতাত প্ৰয়োগিক অনুসন্ধান কৰে আৰু খনি তথা খনিজ জাতীয় উদ্যোগক ধাতু সন্দৰ্ভত প্ৰযুক্তিগত সেৱা প্ৰদান কৰে আৰু লগতে অনুসন্ধান আৰু বিকাশৰ জৰিয়তে খনিসমূহৰ সুৰক্ষা তথা শ্ৰমিকসকলৰ স্বাস্থ্য দিশতো সেৱা আগবঢ়ায়৷

এনআইঅ’এইচৰ নিৰ্ধাৰিত ক্ষেত্ৰ ব্যৱসায়িক স্বাস্থ্য ক্ষেত্ৰৰ সৈতে সম্বন্ধিত য’ত ব্যৱসায়িক ঔষধি আৰু ব্যৱসায়িক স্বচ্ছতাও অন্তৰ্ভুক্ত আছে৷ স্বায়ত্ব সংস্থাৰ কামকাজ আৰু কাৰ্যপ্ৰণালীৰ সমীক্ষাৰ সন্দৰ্ভত অন্য বিষয়ৰ সৈতে ব্যয় প্ৰৱন্ধন আয়োগে পৰামৰ্শ প্ৰদান কৰিছিল যে সম উদ্দেশ্যৰ সংস্থাসমূহৰ বিলোপনৰ ওপৰত চিন্তা কৰিব পাৰি যাতে সঞ্চালন আৰু ব্যয়ৰ হ্ৰাসৰ দ্বাৰা কাৰ্যসমূহে যাতে অগ্ৰগতি লাভ কৰে৷ সেইবাবে এনআইএমএইচক এনআইঅ’এছৰ সৈতে একত্ৰীকৰণ কৰাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে৷   

 

 

 

***********

VRRK/PK/SH/MANN



(Release ID: 1580363) Visitor Counter : 86