প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
লোকসভাৰ অধ্যক্ষ হিচাপে ওম বিৰলাৰ নিৰ্বাচনক আদৰণি প্ৰধানমন্ত্ৰীৰ
Posted On:
19 JUN 2019 11:55AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সপ্তদশ লোকসভাৰ অধ্যক্ষ হিচাপে শ্ৰী ওম বিৰলাৰ সৰ্বসন্মত নিৰ্বাচনক আদৰণি জনাইছে৷
শ্ৰী ওম বিৰলাক অভিনন্দন জ্ঞাপন কৰি লোকসভাৰ ভাষণত আজি প্ৰধানমন্ত্ৰীয়ে কয় যে বিৰলাৰ দৰে এগৰাকী গণ্যমান্য ব্যক্তিক সদনৰ অধ্যক্ষ হিচাপে লাভ কৰাতো সকলো সদস্যৰ বাবে গৌৰৱৰ মুহূৰ্ত৷
তেওঁ কয় যে শ্ৰী ওম বিৰলাই ছাত্ৰ নেতা হিচাপে কেৰিয়াৰ আৰম্ভ কৰি বহু বছৰ ধৰি ৰাজহুৱা জীৱনৰ সৈতে জড়িত হৈ আছে আৰু সমাজ সেৱা অব্যাহত ৰাখিছে৷ ৰাজস্থানৰ কোটাৰ সামগ্ৰিক উন্নয়ন আৰু পৰিৱৰ্তনত ওম বিৰলাৰ ভূমিকাক প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে উল্লেখ কৰে৷
নৱনিৰ্বাচিত অধ্যক্ষগৰাকীৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথাও প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে৷ ভূমিকম্পৰ পাছত কাটচ আৰু প্ৰলয়ংকাৰী বানপানীৰ পাছত কেদাৰনাথৰ পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত শ্ৰী ওম বিৰলাৰ সেৱা আৰু বৰঙণিৰ কথাও প্ৰধানমন্ত্ৰী মোদীয়ে উত্থাপন কৰে৷
প্ৰধানমন্ত্ৰীয়ে নৱনিৰ্বাচিত অধ্যক্ষগৰাকীক নিশ্চয়তা দিয়ে যে সদনৰ কাম-কাজ সফলতাৰে চলাই নিয়াত তেওঁ সকলো সদস্যৰ পূৰ্ণ সহযোগিতা লাভ কৰিব৷
*****
AKT/KP/MS
(Release ID: 1575008)