কেবিনেট


আধাৰক জনসাধাৰণৰ অনুকূল হিচাপে প্ৰস্তুত

যদি আইনীভাৱে বাধ্যতামূলক নহয় তেন্তে কোনো ব্যক্তিকে আধাৰ নম্বৰ প্ৰদান কৰাৰ বাবে বাধ্য কৰিব নোৱাৰিব

স্বেচ্ছাই আধাৰ নম্বৰ প্ৰদান কৰিলে ইয়াক কেৱাইচি তথ্য হিচাপে স্বীকাৰ কৰা হ’ব

কেবিনেটৰ আধাৰ তথা অন্য আইন (সংশোধন) বিধেয়ক, ২০১৯ৰ অনুমোদন

Posted On: 12 JUN 2019 7:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে আধাৰক জনসাধাৰণৰ অনুকূল হিচাপে প্ৰস্তুত কৰাৰ উদ্দেশ্যে আধাৰ তথা অন্য আইন (সংশোধন) অধ্যাদেশ, ২০১৯ৰ স্থানত আধাৰ তথা অন্য আইন (সংশোধন) বিধেয়ক, ২০১৯ৰ অনুমোদন প্ৰদান কৰিছে৷ প্ৰস্তাৱিত সংশোধন ৰাষ্ট্ৰপতিৰ দ্বাৰা ২ মাৰ্চ ২০১৯ত ঘোষিত অধ্যাদেশৰ ব্যৱস্থাপনাৰ অনুৰূপ হিচাপে বিবেচিত হৈছে৷ এই বিধেয়ক পৰৱৰ্তী সদনত উত্থাপন কৰা হব৷ এই সিদ্ধান্তৰ দ্বাৰা জনসাধাৰণৰ বাবে আধাৰ অধিক সুবিধাজনক তথা উপযোগী হিচাপে বিবেচিত হব৷

প্ৰভাৱঃ

  • এই সিদ্ধান্তৰ দ্বাৰা ইউআইডিএআইয়ে জনসাধাৰণৰ হিতাৰ্থে এক শক্তিশালী প্ৰণালী নিৰ্মাণ কৰাত সক্ষম হব আৰু ইয়াৰ দ্বাৰা আধাৰৰ অপব্যৱহাৰ হ্ৰাস হব৷
  • এই সংশোধনৰ পিছত যদি সংসদৰ দ্বাৰা গৃহীত কোনো আইনৰ প্ৰয়োজন নহয় তেন্তে কোনো ব্যক্তিকেই নিজৰ পৰিচয় সাব্যস্ত কৰাৰ বাবে আধাৰ নম্বৰ প্ৰদান কৰাৰ বাধ্য কৰিব নোৱাৰিব৷
  • বেংকৰ একাউণ্ট খোলাত জনসাধাৰণৰ সুবিধাৰ বাবে প্ৰস্তাৱিত সংশোধনে আধাৰৰ ব্যৱহাৰক মান্যতা প্ৰদান কৰে যদিও বেংকক আধাৰ প্ৰদান কৰাটো স্বৈচ্ছিকহে৷ টেলিগ্ৰাফ অধিনিয়ম, ১৮৮৫ তথা ধন লেনদেন নিবাৰণ অধিনিয়ম ২০০২ৰ অধীনত বেংকে ইয়াক কেৱাইচিৰ তথ্য হিচাপে গ্ৰহণ কৰিব পাৰে৷

বিৱৰণঃ

প্ৰস্তাৱিত সংশোধনীৰ মুখ্য বিশেষত্বসমূহ তলত উল্লেখ কৰা হলঃ

  • ব্যক্তি এজনে স্বেচ্ছাই প্ৰমাণ অথবা সত্যাপনৰ বাবে কায়িক ৰূপত অথবা ইলেক্ট্ৰনিক ৰূপত আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰে৷
  • ১২টা সংখ্যা বিশিষ্ট আধাৰ নম্বৰৰ ব্যৱহাৰৰ সুবিধা অথবা ইয়াৰ বৈকল্পিক ভাৰ্চুৱেল প্ৰমাণৰ সুবিধা যাতে ব্যক্তিজনৰ বাস্তৱিক আধাৰ নম্বৰ গোপনীয়ভাৱে ৰাখিব পাৰি৷
  • যিসকল শিশুৰ আধাৰ নম্বৰ আছে তেওঁলোকৰ বাবে এই বিকল্প প্ৰদান কৰা হৈছে যে ১৮ বছৰ পৰ্যন্ত তেওঁলোকে নিজৰ আধাৰ নম্বৰ গোপনীয়ভাৱে ৰাখিব পাৰে৷
  • সংস্থাসমূহত সত্যাপন কৰাৰ অনুমতি দিয়া হব যদিহে তেওঁলোকে প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দিষ্ট গোপনীয়তা আৰু সুৰক্ষাৰ মানদণ্ডসমূহ পালন কৰে অথবা সংসদৰ দ্বাৰা গৃহীত কোনো আইনৰ অধীনত সত্যাপনৰ অনুমতি লাভ কৰে অথবা কেন্দ্ৰ চৰকাৰে এই প্ৰস্তাৱ দিয়ে যে উক্ত সত্যাপন সেই ৰাজ্যৰ হিতৰ বাবে ব্যৱহাৰ কৰিব পাৰি৷
  • সত্যাপনৰ বাবে স্বেচ্ছাই আধাৰ নম্বৰ প্ৰদান কৰাৰ অনুমতি প্ৰদান কৰা হব৷ টেলিগ্ৰাফ অধিনিয়ম, ১৮৮৫ তথা ধন লেনদেন নিবাৰণ অধিনিয়ম ২০০২ৰ অধীনত বেংকে ইয়াক কেৱাইচিৰ তথ্য হিচাপে গ্ৰহণ কৰিব পাৰে৷
  • ব্যক্তিগত সংস্থাসমূহৰ দ্বাৰা আধাৰ ব্যৱহাৰ সম্বন্ধীয় আধাৰ অধিনিয়মৰ ধাৰা ৫৭ আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে৷
  • যদি আধাৰ নম্বৰৰ সত্যাপন নহয় তেন্তে এনে পৰিস্থিতিত কোনো ব্যক্তিক সেৱাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব৷
  • ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণ কোষ স্থাপন কৰা প্ৰস্তাৱ দিয়া হৈছে৷
  • আধাৰ অধিনিয়ম উলংঘা কৰিলে জৰিমণাৰ ব্যৱস্থা কৰা হৈছে৷

পৃষ্ঠভূমিঃ

২৮ ফেব্ৰুৱাৰী ২০১৯ত হোৱা বৈঠকত কেবিনেটে আধাৰ তথা অন্য আইন (সংশোধন) অধ্যাদেশ, ২০১৯ৰ ওপৰত আলোচনা কৰিছিল আৰু ৰাষ্ট্ৰপতিয়ে ২ মাৰ্চ ২০১৯ তাৰিখে এই অধ্যাদেশৰ ঘোষণা কৰিছিল৷

আধাৰ তথা অন্য আইন (সংশোধন) অধ্যাদেশ, ২০১৯ৰ দ্বাৰা উচ্চতম ন্যায়ালয়ৰ আদেশ তথা ন্যায়মূৰ্তি বি.এন.শ্ৰীকৃষ্ণ (অৱসাৰপ্ৰাপ্ত)ৰ সমিতিৰ নিৰ্দেশনা অনুসৰি আধাৰ আইনৰ সৱলীকৰণ কৰা হব৷

 

*****

AKT/AK/MANN



(Release ID: 1574729) Visitor Counter : 145