প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


কেন্দ্ৰীয় চৰকাৰৰ সচিবসকলৰ সৈতে মতবিনিময় প্ৰধানমন্ত্ৰীৰ

সু-প্ৰশাসনৰ বাবে বিষয়াসকল কৃতিত্বৰ দাবীদাৰঃ প্ৰধানমন্ত্ৰী

জনাদেশে সু-প্ৰশাসনৰ প্ৰতি জনসাধাৰণৰ আশা-আকাংক্ষাক প্ৰতিফলিত কৰে আৰু এক উন্নত জীৱনশৈলী বিচাৰেঃ প্ৰধানমন্ত্ৰী

জীৱন-ধাৰণৰ মান উন্নত কৰিবলৈ সকলো মন্ত্ৰালয়ে মনোনিৱেশ কৰা উচিতঃ প্ৰধানমন্ত্ৰী


Posted On: 10 JUN 2019 8:52PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোককল্যাণ মাৰ্গত ভাৰত চৰকাৰৰ সকলো সচিবৰ সৈতে মত-বিনিময়ত ভাগ লয়৷

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, শ্ৰী অমিত শ্বাহ, শ্ৰীমতী নিৰ্মলা সীতাৰমণ আৰু ড০ জিতেন্দ্ৰ সিঙো অনুষ্ঠানত উপস্থিত আছিল৷

মতবিনিময় অনুষ্ঠানৰ আঁত ধৰি কেবিনেট সচিব শ্ৰী পি.কে সিনহাই স্মৰণ কৰে কিদৰে প্ৰধানমন্ত্ৰীয়ে বিগত কাৰ্যকালত অধ্যক্ষ, উপ-সচিব পৰ্যায়লৈ সকলো বিষয়াৰ সৈতে পোনপটীয়াকৈ মতবিনিময়ত ভাগ লৈছিল৷

মতবিনিময়ৰ সময়ত বিভিন্ন সচিবে প্ৰশাসনিক সিদ্ধান্ত গ্ৰহণ, কৃষি, গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তী ৰাজ, তথ্য-প্ৰযুক্তিগত পদক্ষেপ, শিক্ষাৰ সংস্কাৰ, স্বাস্থ্যসেৱা, ঔদ্যোগিক নীতি, অৰ্থনৈতিক বিকাশ, দক্ষতা বিকাশ আদিৰ দৰে বিষয়ত নিজৰ দৃষ্টি আৰু ধাৰণাসমূহ সকলোৰে আগত উপস্থাপন কৰে৷

২০১৪ৰ জুনত সচিবসকলৰ সৈতে এইদৰে মতবিনিময় কৰাৰ কথা সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত কয় যে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত দেশৰ জনতাৰ মাজত কোনো প্ৰতিষ্ঠান-বিৰোধী ঢৌ নাছিল আৰু ইয়াৰ বাবে সকলো বিষয়ববীয়া কৃতিত্বৰ অধিকাৰী৷ যোৱা পাঁচ বছৰত তেওঁলোকে কঠোৰ পৰিশ্ৰমেৰে চৰকাৰৰ আঁচনি আৰু পদক্ষেপসমূহ সঠিক ৰূপত জনতাৰ মাজলৈ লৈ গৈছে৷ তেওঁ পুনৰ কয় যে এইবাৰৰ নিৰ্বাচনৰ উল্লেখনীয় দিশ আছিল ইতিবাচক ভোট, যি আছিল সাধাৰণ লোকৰ আস্থাৰ ওপৰত প্ৰতিষ্ঠিত৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় ভোটাৰে পৰৱৰ্তী ৫ বছৰৰ বাবে এক লক্ষ্য নিৰ্ধাৰিত কৰিছে, আৰু  এতিয়া আমাৰ সন্মুখত এয়া এক সুযোগ৷ জনসাধাৰণৰ বৃহৎ প্ৰত্যাশাক প্ৰত্যাহ্বান হিচাপে গণ্য নকৰি এক সুযোগ হিচাপে গণ্য কৰা উচিত৷ জনাদেশে এয়া প্ৰতিফলিত কৰিছে যে মানুহে বৰ্তমানৰ স্থিতি সলনি হোৱাতো বিচাৰে আৰু নিজৰ জীৱন-ধাৰণৰ মান উন্নত কৰিব বিচাৰে৷

জনসংখ্যাৰ বিভাজন সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে জনসংখ্যাক দক্ষতাৰে ব্যৱহাৰ কৰাতো অতি প্ৰয়োজনীয় বিষয়৷ ভাৰতক এখন ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো বিভাগ আৰু ৰাজ্যৰ প্ৰতিখন জিলাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ দেশৰ প্ৰগতিৰ বাবে ‘মেক ইন ইণ্ডিয়া’ আঁচনিৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ‘ব্যৱসায়িক সূচলতা’ত ভাৰতৰ অগ্ৰগতি দেশৰ ক্ষুদ্ৰ ব্যৱসায় আৰু উদ্যোগ ক্ষেত্ৰত প্ৰতিফলিত হোৱা উচিত৷ চৰকাৰৰ প্ৰতিটো মন্ত্ৰালয়ে জীৱন-ধাৰণৰ মান সৰল আৰু উন্নত কৰাত গুৰুত্ব দিব লাগে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে জল, মীনপালন আৰু পশুপালনো চৰকাৰৰ গুৰুত্বপূৰ্ণ বিষয় হ’ব৷

তেওঁ কয় যে দেশক আগুৱাই নিবলৈ সচিবসকলৰ পৰ্যাপ্ত লক্ষ্য, সংকল্প আৰু উদ্যম আছে৷ সচিবসকলক লৈ তেওঁ গৌৰৱান্বিত বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ প্ৰতিটো বিভাগকে উন্নত আৰু কাৰ্যক্ষম কৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সকলো বিভাগে দেশৰ স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তিৰ লক্ষ্যত উপনীত হ’বলৈ নিষ্ঠাসহকাৰে কাম কৰা উচিত৷ ইয়ে জনসাধাৰণক দেশৰ কল্যাণৰ হকে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব৷ প্ৰধানমন্ত্ৰীয়ে সচিবসকলক আহ্বান জনায় যে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ সকলোৱে কঠোৰ পৰিশ্ৰমেৰে আগবঢ়া উচিত৷

***


AKT/SH/MS



(Release ID: 1574177) Visitor Counter : 64