কেবিনেট


৩ জুলাই ২০১৯ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ জম্মু আৰু কাশ্মীৰত ৰাষ্ট্ৰপতিৰ শাসন ছয় মাহলৈ বৃদ্ধিৰ বাবে কেবিনেটৰ অনুমোদন

প্ৰস্তাৱনা পৰৱৰ্তী লোকসভাৰ অধিৱেশনত উত্থাপিত কৰা হ’ব

Posted On: 12 JUN 2019 7:44PM by PIB Guwahati

 

জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপালে ৰাজ্যখনৰ স্থিতি বৰ্ণনা কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৩৫৬ ()ৰ অধীনত ৩ জুলাই ২০১৯ৰ পৰা কাৰ্যকৰী হোৱাকৈ জম্মু আৰু কাশ্মীৰত ছয় মাহলৈ ৰাষ্ট্ৰপতিৰ শাসন বৃদ্ধিৰ বাবে অনুমোদন প্ৰদান কৰিছে৷

প্ৰণয়নঃ

এই সিদ্ধান্তৰ দ্বাৰা ৩ জুলাই ২০১৯ৰ পৰা কাৰ্যকৰী হোৱাকৈ জম্মু আৰু কাশ্মীৰত ছয় মাহলৈ ৰাষ্ট্ৰপতিৰ শাসন বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ ৰাষ্ট্ৰপতিৰ বৰ্তমানৰ শাসন চলিত বৰ্ষৰ ২ জুলাই তাৰিখে সমাপ্ত হব আৰু এই ক্ষেত্ৰত ৰাজ্যপালে ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন পুনৰ ছয় মাহলৈ বৃদ্ধি কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে৷

প্ৰণয়নঃ

ইয়াৰ বাবে অনুমোদন বিচাৰি অনাগত অধিৱেশনত দুয়োখন সদনলৈ অনুমোদন পত্ৰ প্ৰেৰণ কৰা হব৷

পৃষ্ঠভূমিঃ

জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপালে ভাৰতৰ ৰাষ্ট্ৰপতিৰ সহমতত ২০.০৬.২০১৮ত জম্মু আৰু কাশ্মীৰৰ সংবিধানৰ ধাৰা ৯২ৰ অন্তৰ্গত ৰাজ্যৰ চৰকাৰী তথা বিধায়িনী কাৰ্যভাৰ চম্ভালিবলৈ ঘোষণা কৰিছিল আৰু কিছু আকস্মিক তথা পৰিণামদায়ী ব্যৱস্থা গ্ৰহণ কৰিছিল৷ আৰম্ভণিতে ৰাজ্য বিধানসভা অনিশ্চিতকালৰ বাবে স্থগিত কৰা হৈছিল আৰু ৰাজ্যপালৰ দ্বাৰা ২১.১১.২০১৮ তাৰিখে বিধানসভা ভংগ কৰা হৈছিল৷

ৰাজ্যপালৰ দ্বাৰা ২০.০৬.২০১৮ তাৰিখে জাৰি কৰা ঘোষণা ছয় মাহৰ পিছত ১৯.১২.২০১৮ তাৰিখে ৰদ কৰা হৈছিল৷ জম্মু আৰু কাশ্মীৰৰ সংবিধানৰ ধাৰা ৯২ৰ অধীনত এনে ঘোষণা আগৰ ছমাহলৈ জাৰী ৰখাৰ ব্যৱস্থা নাই৷ সেয়ে ৰাজ্যপালৰ পৰামৰ্শ অনুসৰি তথা ৰাজ্যৰ বৰ্তমান স্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতিয়ে সংবিধানৰ অনুচ্ছেদ ৩৫৬ৰ অধীনত জম্মু আৰু কাশ্মীৰত ৰাষ্ট্ৰপতি শাসন প্ৰণয়ন কৰা ঘোষণা কৰে৷

*****

AKT/AK/MANN



(Release ID: 1574171) Visitor Counter : 181