কেবিনেট

ভাৰত আৰু বলিভিয়াৰ মাজত ভূ-তত্ব আৰু খনিজ সম্পদৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 15 APR 2019 12:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত আৰু বলিভিয়াৰ মাজত ভূ-তত্ব আৰু খনিজ সম্পদৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে স্বাক্ষৰিত পূৰ্ব-প্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনাইছে৷ ২০১৯ৰ মাৰ্চত বলিভিয়াত এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হয়৷

প্ৰভাৱঃ

এই বুজাবুজি চুক্তিয়ে ভাৰত আৰু বলিভিয়াৰ মাজত এক প্ৰতিষ্ঠানগত ব্যৱস্থাৰে খনিজ সম্পদৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি অৰিহণা যোগোব৷ তদুপৰি, খনিজ সম্পদৰ বিষয়ে বিভিন্ন তথ্য, আইন আৰু নীতি, কৌশলগত উন্নয়নৰ ক্ষেত্রত পাৰস্পৰিক মত-বিনিময়ৰ বাবে আলাপ-আলোচনাৰ ব্যৱস্থা কৰা, দুয়ো দেশৰ মাজত প্রযুক্তিৰ আদান-প্রদানকে ধৰি বিভিন্ন্ ক্ষেত্রত এই বুজাবুজি চুক্তিয়ে সহায় কৰিব৷

****

AKT/SH/DB



(Release ID: 1571080) Visitor Counter : 64