কেবিনেট

জলবিদ্যুৎ প্ৰকল্পত উৎসাহ যোগোৱাৰ ক্ষেত্ৰত কেবিনেটৰ অনুমোদন

Posted On: 07 MAR 2019 2:46PM by PIB Guwahati

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত জলবিদ্যুৎ খণ্ডত উৎসাহ যোগোৱাৰ ক্ষেত্ৰত বিশেষ অনুমোদন জনায়৷ ইয়াৰ ভিতৰত সৌৰশক্তি বর্হিভূত নবীকৰণযোগ্য শক্তি ক্ৰয় সম্পৰ্কীয় বিধি (আৰপিঅ’) অংশ হিচাপে বৃহৎ জলবিদ্যুৎ প্ৰকল্পক ধৰা হৈছে৷

কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ ভিতৰত আছেঃ-

  • ২৫ মেগাৱাটতকৈ কম বিদ্যুৎ উৎপাদনক্ষম জলবিদ্যুৎ প্ৰকল্পক নবীকৰণযোগ্য শক্তিৰ উৎস হিচাপে ঘোষনা৷
  • সৌৰশক্তি বর্হিভূত নবীকৰণযোগ্য শক্তি ক্ৰয় সম্পৰ্কীয় বিধিৰ অধীনত জলবিদ্যুৎ খণ্ডই এক পৃথক খণ্ড হিচাপে কাম কৰিব৷
  • কেতবোৰ বিশেষ ক্ষেত্রত জলবিদ্যুৎ প্ৰকল্পসমূহক বানপানী নিয়ন্ত্ৰণৰ আর্থিক সাহায্য প্ৰদান কৰা হ’ব৷
  • ২০০ মেগাৱাট জলবিদ্যুৎ উৎপাদন প্ৰকল্পৰ আন্তঃগাঁথনিৰ ক্ষেত্রত বিশেষকৈ পথ আৰু দলং নির্মাণত ডেৰ কোটি টকা আৰু ২০০ মেগাৱাটতকৈ অধিক উৎপাদন খণ্ডক কোটি টকালৈকে আর্থিক সাহায্য প্ৰদান কৰা হ’ব৷

সংস্থাপন বৃদ্ধিকে ধৰি এই প্ৰকল্পসমূহৰ মুখ্য প্ৰভাৱঃ

অধিকাংশ জলবিদ্যুৎ প্ৰকল্প হিমালয় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ এলেকাসমূহত অৱস্থিত। এই প্ৰকল্পসমূহৰ উন্নয়ন সাধন হ’লে সামাজিক, অর্থনৈতিক উন্নয়নৰ সমান্তৰালভাৱে কর্মসংস্থাপনৰো সুযোগ সৃষ্টি হ’ব। একেদৰে পর্যটন আৰু সৰু সৰু ব্যৱসায়ৰ জৰিয়তে পৰোক্ষ সংস্থাপনৰো পথ প্ৰশস্ত হ’ব। সৌৰ আৰু বিদ্যুৎ শক্তিক কাম লগাই ২০২২ চনৰ ভিতৰত ১৬০ জিগাৱাট ক্ষমতাসম্পন্ন বিদ্যুৎ উৎপাদন কেন্দ্ৰ গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

পটভূমিঃ

উল্লেখ্য যে ভাৰতৰ ১,৪৫,৩২০ মেগাৱাট ক্ষমতাসম্পন্ন বৃহৎ জলবিদ্যুৎ প্ৰকল্প আছে যদিও ইয়াৰে কেৱল ৪৫,৪০০ মেগাৱাটহে ব্যৱহাৰ কৰা হৈছে৷ বিগত ১০ বছৰত কেৱল ১০,০০০ মেগাৱাট উৎপাদনক্ষম জলবিদ্যুৎ প্ৰকল্প সংযোগ কৰা হৈছে৷ এই প্ৰকল্পসমূহে বৰ্তমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যাৰফলত ইয়াৰ শ্বেয়াৰো হ্ৰাস পাব ধৰিছে৷

                                                                        *****


AKT/SH/DB



(Release ID: 1569314) Visitor Counter : 251