প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


গ্ৰেটাৰ নয়ডাত উন্নয়নমূলক প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰীৰ

বাক্সাৰ আৰু খাৰজা তাপ বিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন


Posted On: 09 MAR 2019 4:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ-প্ৰদেশৰ গ্ৰেটাৰ নয়ডা ভ্ৰমণ কৰে আৰু কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷

দীনদয়াল উপাধ্যায় প্ৰত্নতত্ত্ব প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ লিংকৰ মাধ্যমেৰে নয়ডা চিটী চেণ্টাৰ-নয়ডা ইলেক্ট্ৰনিক চিটী ছেকচন অৱ মেট্ৰ’ৰ ফ্লেগ অফ কৰে৷ তেওঁ লগতে উত্তৰ প্ৰদেশৰ খাৰজা আৰু বিহাৰৰ বাক্সাৰত দুটা ১৩২০ মেগাৱাটৰ তাপ বিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে দীনদয়াল উপাধ্যায় প্ৰত্নতত্ত্ব প্ৰতিষ্ঠান উদ্বোধন কৰে৷ তেওঁ প্ৰতিষ্ঠানৰ চৌহদত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰে৷ ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে প্ৰতিষ্ঠানৰ চৌহদত থকা দীনদয়াল মিউজিয়াম পৰিদৰ্শন কৰে৷

উপস্থিত জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নয়ডা এতিয়া সম্পূৰ্ণৰূপে সলনি হৈছে৷ নয়ডাক এতিয়া উন্নয়ন আৰু যুৱ প্ৰজন্মৰ বাবে সংস্থাপন সৃষ্টিৰ স্থান হিচাপে জনা যায়৷ নয়ডাক দেশৰ মেক ইন ইণ্ডিয়া কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব৷ এই প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বৰ সৰ্ববৃহৎ মোবাইল নিৰ্মাণ কাৰখানাকে ধৰি বিভিন্ন ইলেক্ট্ৰনিক কোম্পানী নয়ডাত অৱস্থিত৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ সৰ্ববৃহৎ বিমানবন্দৰ উত্তৰ-প্ৰদেশৰ জেৱাৰত নিৰ্মাণ কৰা হ’ব৷ এয়া সম্পূৰ্ণ হৈ উঠিলে উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান সৰল হোৱাৰ সমান্তৰালকৈ আৰ্থিকভাৱেও ৰাজ্যখন উপকৃত হ’ব৷ দেশৰ বিভিন্ন প্ৰান্তত বিমানবন্দৰ নিৰ্মাণ হৈ আছে বুলিও তেওঁ উল্লেখ কৰে৷

দেশৰ শক্তি খণ্ডৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ শক্তি খণ্ডৰ পৰিৱেশ এতিয়া যথেষ্ঠ সলনি হৈছে আৰু এক ৰাষ্ট্ৰ-এক গ্ৰীডৰ সপোন বাস্তবায়িত হৈছে৷ নবীকৰণযোগ্য শক্তি খণ্ডৰ ওপৰতো চৰকাৰে পৰ্যাপ্ত গুৰুত্ব আৰোপ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ সপোন হ’ল—এক বিশ্ব, এক সূৰ্য, এক বিদ্যুৎ ব্যৱস্থা(গ্ৰীড)৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বাক্সাৰ আৰু খাৰগাত মুকলি হোৱা তাপ বিদ্যুৎ প্ৰকল্পই ভাৰতৰ বিকাশৰ গতি তৰান্বিত কৰিব আৰু উত্তৰ-প্ৰদেশ, বিহাৰ তথা চুবুৰীয়া ৰাজ্যসমূহৰ বিদ্যুৎ যোগান বৃদ্ধি কৰিব৷ বিগত পাঁচ বছৰত দেশৰ শক্তি খণ্ডই বৃহৎ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰত্নতত্ত্ব প্ৰতিষ্ঠান মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিষ্ঠানখনে দেশৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তৰ গৱেষক আৰু শিক্ষাৰ্থীসকলক আধুনিক সা-সুবিধা প্ৰদান কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ১২৫ কোটি ভাৰতীয়ৰ শক্তি আৰু সমৰ্থনৰ সহায়ত এখন নতুন ভাৰত সৃষ্টি হোৱাটো সম্ভৱ হৈছে৷ দেশৰ পৰা দুৰ্নীতি নিৰ্মূল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সংকল্পৰ কথা তেওঁ পুনৰ এবাৰ সোঁৱৰণ কৰে৷ সন্ত্ৰাবাদীক যোগ্য প্ৰত্যুত্তৰ দিয়া সাহসী জোৱানৰ বীৰত্বক চেল্যুট জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সদায় কঠোৰ স্থিতি গ্ৰহণ কৰি যাব৷

******

AKT/SH/MS



(Release ID: 1568590) Visitor Counter : 109