কেবিনেট

ৰাষ্ট্ৰীয় ছফ্টৱেৰ সামগ্ৰী নীতি ২০১৯ লৈ কেবিনেটৰ অনুমোদন

Posted On: 28 FEB 2019 10:36PM by PIB Guwahati

ভাৰতক বিশ্বৰ অন্যতম ছফ্টৱেৰ সামগ্রী উৎপাদনকাৰী দেশত পৰিণত কৰাৰ উদ্দেশ্যেৰে উত্থাপন কৰা ৰাষ্ট্ৰীয় ছফ্টৱেৰ সামগ্রী নীতি ২০১৯ লৈ দেশৰ কেন্দ্ৰীয় কেবিনেটে যাৱতীয় অনুমোদন জনাইছে। প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

 

মন্ত্রীসভাৰ এই সিদ্ধান্তৰ ফলত উদ্ভাৱন, মেধা সম্পত্তি তথা উৎপাদনশীলতা বৃদ্ধি হৈ মূল্য সংযুক্তকৰণৰ মাধ্যমেৰে দেশত ছফ্টৱেৰ সামগ্রী উৎপাদনৰ এক অনুকূল বাতাবৰণ গঢ়ি উঠিব। স্বাভাৱিকতেই, ছফ্টৱেৰ ক্ষেত্রত ৰাজহ বৃদ্ধিৰ সম্ভাৱনা আৰু প্ৰচুৰ পৰিমাণে কর্মসংস্থানৰ সু্যোগ সৃষ্টি হ’ব। আনকি, ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ আওঁতাতো সংশ্লিষ্ট ক্ষেত্রৰ উদ্যোগ-প্ৰতিষ্ঠানবোৰে অত্যাধুনিক প্রযুক্তি আৰু অন্যান্য সুযোগ-সুবিধা গ্রহণ কৰিব পাৰিব। ইয়াৰ ফলত, সামগ্ৰিক বিকাশ আৰু অগ্রগতি আৰু অধিক ত্বৰান্বিত হ’ব। প্ৰথমাৱস্থাত এই ৰাষ্ট্ৰীয় নীতিৰ অধীনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ বাবে ১ হাজাৰ ৫০০ কোটি টকা আৱণ্টন দিয়া হৈছে। অনাগত সাত বছৰে এই নীতি ৰূপায়িত হ’ব। এই ১ হাজাৰ ৫০০ কোটি টকা ছফ্টৱেৰ সামগ্রী উন্নয়ন পুঁজি তথা গৱেষণা আৰু উদ্ভাৱন পুঁজিৰ মাজত ভাগ কৰি দিয়া হ’ব।

*****

AKT/SH/RD



(Release ID: 1567199) Visitor Counter : 56