কেবিনেট

কেবিনেটৰ চিনাক্তকৰণ নোহোৱা, অঘৰী আৰু অৰ্ধ-অঘৰী সম্প্ৰদায়ৰ বাবে বিকাশ তথা কল্যাণ ব’ৰ্ড গঠনত অনুমোদন

Posted On: 19 FEB 2019 8:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে আজি চিনাক্তকৰণ নোহোৱা, অঘৰী তথা অৰ্ধ-অঘৰী সম্প্ৰদায়ৰ (ডিএনচিএছ)বাবে বিকাশ তথা কল্যাণ বৰ্ড গঠনৰ প্ৰস্তাৱত অনুমোদন প্ৰদান কৰিছে৷

পৃষ্ঠভূমিঃ                                                                                             

এনডিএ চৰকাৰ দেশৰ সৰ্বাধিক বঞ্চিত নাগৰিকলৈ সুবিধা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷ চিনাক্তকৰণ নোহোৱা, অঘৰী আৰু অৰ্ধ-অঘৰী সম্প্ৰদায়েই হল দেশৰ সবাতোকৈ বঞ্চিত সম্প্ৰদায়ৰ লোক৷ এই সম্প্ৰদায়লৈ সুবিধাসমূহ প্ৰদান কৰাটো অতিশয় কঠিন কাম কাৰণ এওঁলোকক সহজে দেখা পোৱা নাযায়৷ অধিকসংখ্যক চিনাক্তকৰণ নোহোৱা অঘৰী সম্প্ৰদায়ক অনুসূচীত জাতি, অনুসূচীত জনজাতি তথা পিছপৰা শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়৷ ইয়াৰ পিছতো কিছুমান চিনাক্তকৰণ নোহোৱা অঘৰী সম্প্ৰদায় কোনো এছচি, এছটি অথবা অবিচি শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পৰা হোৱা নাই৷

সেইবাবে নীতি আয়োগৰ উপাধ্যক্ষৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰাৰ অনুমোদন প্ৰদান কৰা হৈছে যি চিনাক্তকৰণ নোহোৱা, অঘৰী আৰু অৰ্ঘ-অঘৰী সম্প্ৰদায়ৰ চিনাক্তকৰণ প্ৰক্ৰিয়া পূৰণ কৰিব৷

চিনাক্তকৰণ নোহোৱা, অঘৰী আৰু অৰ্ঘ-অঘৰী সম্প্ৰদায়ৰ লোকৰ ৰাজ্যভিত্তিক সূচী প্ৰস্তুত কৰাৰ বাবে তথা চিনাক্তকৰণ নোহোৱা, অঘৰী আৰু অৰ্ঘ-অঘৰী সম্প্ৰদায়ৰ বাবে কেন্দ্ৰ অথবা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উচিত উপায় প্ৰণয়ন কৰাৰ বাবে চৰকাৰে জুলাই ২০১৪ চনত তিনি বছৰৰ বাবে এক ৰাষ্ট্ৰীয় আয়োগৰ গঠন কৰিছিল৷ আয়োগে তেওঁলোকৰ কাম ৯ জানুৱাৰী ২০১৫ তাৰিখে আৰম্ভ কৰিছিল আৰু ৮ জানুৱাৰী ২০১৮ত নিজৰ প্ৰতিবেদন দাখিল কৰিছিল৷

আয়োগে এই সম্প্ৰদায়সমূহৰ বাবে এক স্থায়ী আয়োগ গঠনৰ পৰামৰ্শ প্ৰদান কৰিছিল৷ 

AKT/SH/MANN


(Release ID: 1565779) Visitor Counter : 150