কেবিনেট

কোম্পানী (দ্বিতীয় সংশোধনী) অধ্যাদেশ ২০১৯ ঘোষণাত কেবিনেটৰ অনুমোদন

Posted On: 19 FEB 2019 8:53PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত কোম্পানী (দ্বিতীয় সংশোধনী) অধ্যাদেশ, ১০১৯ জাৰি কৰাৰ প্ৰস্তাৱ অনুমোদন জনায়৷ সংসদত এই অধ্যাদেশখনিৰ পৰিৱর্তে এখন বিধেয়ক উত্থাপনৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তটো কেবিনেটে অনুমোদন জনায় ২০১৩ৰ কোম্পানী আইন অনুসৰি অপৰাধ সন্দৰ্ভত পর্যালোচনা সম্পৰ্কীয় কমিটীৰ পৰামৰ্শৰ ভিত্তিত এই অধ্যাদেশৰ সংশোধনী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াৰ ফলত সঠিকভাৱে আইন মানি যিবোৰ কর্পোৰেট সংস্থাই কাম কৰে তেওঁলোকৰ ব্যৱসায়ৰ সুবিধা বৃদ্ধি পাব আনহাতে, এই  অধ্যাদেশত আইন উলংঘা কৰাসকলৰ বাবে কঠোৰ শাস্তিৰো ব্যৱস্থা কৰা হৈছে।

 

সবিশেষঃ

 

২০১৮ৰ ২০ ডিচেম্বৰত লোকসভাত  কোম্পানী (সংশোধনী) বিধেয়ক, ২০১৮ৰ উত্থাপন কৰা হয়। চলিত বছৰৰ জানুৱাৰীত বিধেয়কখনি লোকসভাত উত্থাপন কৰাৰ পাছত ৰাজ্যসভালৈ পঠোৱা হয়। কিন্তু সংসদৰ শীতকালীন অধিৱেশন অথবা বাজেট অধিৱেশনত উচ্চ সদনত এই বিধেয়কখনি বিবেচনা নকৰাৰ লগতে অনুমোদনো লাভ নকৰিলে

 

ইয়াৰ পাছত বিধেয়কখনিৰ ২৯টা অধ্যায় সংশোধন আৰু দুটি নতুন শাখা সংযোজন কৰি পূৰ্বৰ অধ্যাদেশৰ সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

 

ক৷ নতুন এই সংশোধনীত ১৬টা সাধাৰণ অপৰাধকচিভিল ডিফল্টহিচাপে বিবেচনা কৰাৰ কথা কোৱা হৈছে।

 

খ৷ কিছুমান ক্ষেত্রত আইন উলংঘা আৰু এই ক্ষেত্রত অপৰাধৰ ধাৰণাও পৰিৱর্তন কৰা হৈছে।

                                  

গ৷ তদুপৰি, আন কেতবোৰ ক্ষেত্রত এই সম্পৰ্কীয় আইন উলংঘাৰ ঘটনা ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধীকৰণৰ পৰা তাৎক্ষণিকভাৱে কেন্দ্রীয় চৰকাৰৰ ওচৰলৈ পঠোৱাৰ কথাও এই সংশোধনীত উল্লেখ কৰা হৈছে৷

****

AKT/SH/DB



(Release ID: 1565773) Visitor Counter : 93