কেবিনেট

ই-গভাৰ্ণেন্সৰ সহযোগিতাৰ ক্ষেত্ৰত ভাৰত আৰু উজবেকিস্তানৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন

Posted On: 06 FEB 2019 9:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ই-গভাৰ্ণেন্সৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ বাবে ভাৰত আৰু উজবেকিস্তানৰ মাজত হোৱা বুজাবুজি চুক্তিপত্ৰৰ পূৰ্বৰ প্ৰস্তাৱক অনুমোদন জনাইছে৷ এই বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা ই-গভাৰ্নেন্স, তথ্য প্ৰযুক্তি শিক্ষা, বিভিন্ন ক্ষেত্ৰত ই-গভাৰ্নেন্সৰ সামগ্ৰীসমূহ প্ৰণয়ন আৰু কনফিগাৰেচন, তথ্য কেন্দ্ৰৰ বিকাশত গুৰুত্ব প্ৰদান কৰা হৈছে৷

পৃষ্ঠভূমিঃ

বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তিৰ মন্ত্ৰালয়ে তথ্য যোগাযোগ প্ৰযুক্তিৰ প্ৰসাৰণৰ বাবে দ্বিপাক্ষিক তথা আঞ্চলিক আন্তঃগাঁথনিৰ অধীনত আন্তৰ্জাতিক সহযোগিতা বাধ্যতামূলক কৰিছে৷

 

AKT/SNC/SH/MANN



(Release ID: 1563506) Visitor Counter : 49